আপুনি সেৱন কৰা ঔষধ আচল নে নকল কেনেকৈ জানিব?

বৰ্তমান জীৱন দায়িনী ঔষধৰ ক্ষেত্ৰটো এই ক'লা বেহা নচলা নহয় । যদি নকল আৰু আচল ঔষধ চিনাক্ত কৰিব নোৱাৰে তেন্তে আপুনি ডাঙৰ বিপদত পৰিব পাৰে । পিছে আপুনি নকল নে আচল ঔষধ সেৱন কৰিছে সেৱা জানিব কেনেকৈ ?

আপুনি সেৱন কৰা ঔষধ আচল নে নকল কেনেকৈ জানিব?

ঔষধ

Updated On: 

26 Mar 2025 15:43 PM

বজাৰত বৃদ্ধি পাইছে নকল সামগ্ৰীৰ উপলব্ধতা । বহুতে চাহিদা অনুসৰি নকল সামগ্ৰীৰ ক’লা বেহা আৰম্ভ কৰে । এই কথা প্ৰতিজন গ্ৰাহকে স্বীকাৰ কৰিব । আচল সামগ্ৰীৰ দৰত একাংশ বেপাৰীয়ে নকল সামগ্ৰীৰ বিক্ৰী কৰি এক ভাল মুনাফা অৰ্জন কৰি আহিছে। ইয়াৰ ভুক্তভোগী হৈছে গ্ৰাহকসকল । বৰ্তমান জীৱন দায়িনী ঔষধৰ ক্ষেত্ৰটো এই ক’লা বেহা নচলা নহয় । যদি নকল আৰু আচল ঔষধ চিনাক্ত কৰিব নোৱাৰে তেন্তে আপুনি ডাঙৰ বিপদত পৰিব পাৰে ।

পিছে আপুনি নকল নে আচল ঔষধ সেৱন কৰিছে সেৱা জানিব কেনেকৈ ? এইলৈ বিশিষ্ট চিকিৎসক নাৰায়ণ বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । এই ভিডিঅ’টোৰ জৰিয়তে নকল আৰু আচল ঔষধ চিনাক্ত কৰাৰ কিছু উপায় দাঙি ধৰিছে চিকিৎসগৰাকীয়ে ।

কেনেকৈ চিনাক্ত কৰিব ঔষধ ?

ঔষধৰ আকাৰ আৰু ঔষধৰ পেকেজিং অতি ভালদৰে চাব লাগে। প্ৰথমে প্ৰতিটো ঔষধৰ আকাৰ একে নেকি চাব। নকল ঔষধৰ ক্ষেত্ৰত প্ৰতিটো ঔষধৰ আকাৰ একে হ’ব পাৰে। যদি কেপচুল হয় তেন্তে প্ৰতিটো কেপচুলৰ ৰং বেলেগ বেলেগ হ’ব পাৰে ।

আচল ঔষধৰ ক্ষেত্ৰত পেকেটত QR ক’ড থাকিব। ইয়াক স্কেন কৰি ঔষধৰ সকলো তথ্য চাব পাৰে । লগতে ঔষধ কোম্পানীটোৰ নামটো পৰীক্ষা কৰক, তাৰ কাষত ঔষধৰ জেনেৰিক নামটো থাকিব।

নিৰ্মাণৰ তাৰিখ আৰু ম্যাদ উকলি যোৱাৰ তাৰিখ চাব লাগে । ইয়াৰ লগত batch number নম্বৰ আৰু license number নম্বৰ অন্তৰ্ভুক্ত কৰা হয়। ঔষধৰ ক্ষেত্ৰত কোম্পানীসমূহে নিজৰ পেকেটত এই তথ্য প্ৰদান কৰিবলৈ বাধ্য।

এই বিষয়ত মানুহ অধিক সচেতন হোৱাটো প্ৰয়োজন। ঔষধ সেৱনৰ পিছত যদি আপোনাৰ সমস্যাটো কমি নাযায়, তেন্তে এইটো বুজা উচিত যে ঔষধৰ সমস্যা আছে। এই ক্ষেত্ৰত নমুনা পৰীক্ষা কৰিব পাৰে।

যদি আপুনি অনুভৱ কৰে যে, কোনো বিশেষ কোম্পানীৰ ঔষধ খোৱাৰ পিছত শাৰীৰিক সমস্যা কমি যোৱা নাই, তেন্তে সেই ঔষধটো আপুনি আন এটা কোম্পানীৰ পৰা গ্ৰহণ কৰা উচিত। আৰু এই বিষয়ত চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?