5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Diwali 2024: আতচবাজী অবিহনে এইদৰে বিশেষ কৰি তোলক আপোনাৰ শিশুটিৰ দীপাৱলী…

দীপাৱলী দিনাটোত চৌদিশ আলোকিত হৈ পৰে। কিন্তু দীপাৱলীৰ সময়ত আতচবাজীৰ বিস্ফোৰণৰ ফলত বৃদ্ধি পায় পৰিৱেশ প্ৰদূষণ। আপুনি আপোনাৰ শিশুটিক দীপাৱলী উৎসৱৰ গুৰুত্ব ক'বলৈ, আতচবাজীৰ পৰা আঁতৰি থাকিবলৈ আৰু তেওঁলোকৰ দেৱালী বিশেষ কৰি তুলিবলৈ আমাৰ পৰা কিছুমান পৰামৰ্শ গ্ৰহণ কৰিব পাৰে..

Diwali 2024: আতচবাজী অবিহনে এইদৰে বিশেষ কৰি তোলক আপোনাৰ শিশুটিৰ দীপাৱলী…
আতচবাজী অবিহনে এইদৰে বিশেষ কৰি তোলক আপোনাৰ শিশুটিৰ দীপাৱলী…
trishna-kalita
Trishna Kalita | Published: 25 Oct 2024 19:14 PM

দীপাৱলীৰ সময়ত সকলো ঠাইতে আনন্দময় পৰিৱেশে বিৰাজ কৰে। এই সময়ছোৱাত আতচবাজী জ্বলোৱা হয়। দেৱালীৰ সৌন্দৰ্য অটুট ৰাখিবলৈ আপোনাৰ শিশুটিক আতচবাজীৰ পৰা আঁতৰাই ৰাখক। য’ত আপুনি এক সুৰক্ষিত দীপাৱলীৰ উদযাপনৰ লগতে প্ৰদূষণো ৰোধ হ’ব। প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি বহু ঠাইত আতচবাজী নিষিদ্ধ কৰা হয়। যদিও শিশুটিয়ে আতচবাজী জ্বলাবলৈ জোৰ দিয়ে তেন্তে এই ক্ষেত্ৰত আন বহুতো উপায় আছে যাৰ দ্বাৰা আপুনি তেওঁলোকৰ দেৱালীক বিশেষ কৰি তুলিব পাৰে।

দেৱালী হৈছে এক সুখ, আনন্দৰ উৎসৱ। য’ত লক্ষ্মী-গণেশ পূজা কৰাৰ লগতে চাকি জ্বলোৱা হয়। ইজনে আনজনক মিঠাই আৰু উপহাৰ দিয়ে। একে সময়তে দীপাৱলীৰ নিশা মানুহে আতচবাজী জ্বলায়। যাৰ ফলত জ্বলাৰ আশংকাৰ লগতে বায়ুত প্ৰদূষণো বৃদ্ধি পায়। গতিকে আতচবাজী অবিহনে আপুনি কেনেকৈ আপোনাৰ শিশুটিৰ দীপাৱলী বিশেষ কৰি তুলিব পাৰে জানক..

ৰংগোলী বনাওক

শিশুবোৰে সদায়ে কিবা এটা নতুন কৰিব বিচাৰে আৰু যদি ৰঙেৰে কিবা বনোৱাৰ কথা আহে, তেনেহ’লে তেওঁলোক অতি সুখী হয়। দেৱালীৰ দিনা বেছিভাগ ঘৰত ৰংগোলী অংকন কৰা হয়। ইয়াত আপোনাৰ শিশুটিকো অন্তৰ্ভুক্ত কৰক। এইবোৰে তেওঁলোকক সুখী কৰিব আৰু সৃষ্টিশীল কিবা কৰিবলৈ শিকিব পাৰিব। ইয়াৰ বাহিৰেও তেওঁলোকক পূজাত অন্তৰ্ভুক্ত কৰক আৰু সাৱধানতাৰে চাকি জ্বলাবলৈ দিয়ক।

কাহিনী শুনাওক, উৎসৱৰ গুৰুত্ব সম্পৰ্কে কওঁক

ককা-আইতাৰ পৰা শুনা কাহিনীবোৰ যেন এতিয়া অতীতৰ গৰ্ভত সোমাই গৈছে। দেৱালী উপলক্ষে আপুনি সৰু সৰু ল’ৰা-ছোৱালীবোৰক দেৱালী সম্পৰ্কীয় কাহিনী ক’ব পাৰে, যাতে তেওঁলোক ব্যস্ত হৈ থাকিব আৰু লগতে জানিব পাৰে যে এই উৎসৱটো উদযাপন কৰাৰ প্ৰকৃত কাৰণ কি। ইয়াৰ লগতে তেওঁলোকক কওঁক কেনেদৰে আতচবাজীয়ে প্ৰদূষণ বৃদ্ধি কৰে আৰু স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

উপহাৰ বিতৰণ অনুষ্ঠানত অন্তৰ্ভুক্ত কৰক

যদি আপুনি দেৱালীত কাৰোবাক মিঠাই বা উপহাৰ দিব বিচাৰে, তেন্তে ইয়াত আপোনাৰ শিশুটিক অন্তৰ্ভুক্ত কৰক। যেনে ভাতৃ-ভগ্নীয়ে ইজনে সিজনক উপহাৰ দিয়া। এইবোৰ তেওঁলোকৰ দিনটো স্মৰণীয় কৰি তুলিব আৰু পিছত তেওঁলোকেও এই সংস্কৃতি অনুসৰণ কৰিব।

দেৱালীৰ কাৰ্ড বনাব দিয়ক

শিশুটিক চুবুৰীয়া আৰু আত্মীয়, আপোনাৰ ডাঙৰ-সৰু ভাই-ভনীৰ বাবে দেৱালী শুভেচ্ছা বাৰ্তাৰ সৈতে ৰঙীন কাৰ্ড প্ৰস্তুত কৰিবলৈ দিয়ক। দেৱালীৰ দিনা  শিশুটিক এই কাৰ্ডেৰে সকলোকে দেৱালীৰ শুভেচ্ছা জনাবলৈ কওঁক। এইটোৱে তেওঁলোকৰ সৃষ্টিশীল অনুভূতি আৰু সামাজিক দায়বদ্ধতা বৃদ্ধি কৰিব।

 

Latest News