Vitamin B12: ভিটামিন বি12 অভাৱ হ’লে ভুলতেও গ্ৰহণ নকৰিব এই খাদ্য…সবিশেষ জানক

শৰীৰত ৰক্তকণিকা গঠন আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে B12 ৰ দৰে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান অতি গুৰুত্বপূৰ্ণ। যদি শৰীৰত এই উপাদান কমি যায়, তেন্তে মূৰৰ বিষ, ভাগৰুৱা, ৰক্তহীনতা বা অন্যান্য লক্ষণ প্ৰায়ে দেখা দিয়ে। অতি কম সংখ্যক লোকেহে B12ৰ অভাৱ হ’লে কোনবোৰ খাদ্য সামগ্ৰী পৰিহাৰ কৰিব লাগে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।

Vitamin B12: ভিটামিন বি12 অভাৱ হলে ভুলতেও গ্ৰহণ নকৰিব এই খাদ্য...সবিশেষ জানক

ভিটামিন বি ১২ৰ অভাৱ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি

Published: 

19 Nov 2024 21:21 PM

শৰীৰৰ বিকাশ, স্নায়ুতন্ত্ৰৰ স্বাস্থ্য আৰু ৰক্তকণিকা গঠনৰ বাবে শৰীৰত ভিটামিন B12 থকাটো অতি প্ৰয়োজনীয়। যদি স্থায়ী মূৰৰ বিষ, ৰক্তহীনতাৰ দৰে লক্ষণ দেখা যায়, তেন্তে ভিটামিন B12 ৰ সৈতে জড়িত পৰীক্ষা কৰা উচিত। B12 এবিধ অপৰিহাৰ্য পুষ্টিকৰ উপাদান যিয়ে আমাৰ ৰক্তকণিকাক সুস্থ কৰি ৰখাত সহায় কৰে। এই উপাদানৰ অভাৱ হ’লে কি খাব লাগে সেই কথা প্ৰায় সংখ্যক লোকেই গুৰুত্ব দিয়ে । কিন্তু অতি কম সংখ্যক লোকেহে B12ৰ অভাৱ হ’লে কোনবোৰ খাদ্য সামগ্ৰী পৰিহাৰ কৰিব লাগে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।

শৰীৰত ৰক্তকণিকা গঠন আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে B12 ৰ দৰে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান অতি গুৰুত্বপূৰ্ণ। যদি শৰীৰত এই উপাদান কমি যায়, তেন্তে মূৰৰ বিষ, ভাগৰুৱা, ৰক্তহীনতা বা অন্যান্য লক্ষণ প্ৰায়ে দেখা দিয়ে। ৰঙা মাংসত B12 অধিক পৰিমাণে থাকে। নিৰামিষভোজীয়ে ইয়াৰ পৰিপূৰক হিচাপে পনিৰ, দৈ, গাখীৰ, মগু দালি আদি খাব পাৰে ।

বিশেষজ্ঞৰ মতে,কোনো লোকৰ শৰীৰত যদি B12ৰ অভাৱ হয়, তেন্তে তেওঁ মিঠাই, নিমখীয়া বা শীতল পানীয়ৰ দৰে বস্তুৰ পৰা আঁতৰি থাকিব লাগে। বিশেষজ্ঞসকলে কয় যে, আজিকালি মানুহে ফাষ্ট ফুডৰ প্ৰতি প্ৰায়ে আকৰ্ষিত হৈ পৰিছে। এইবোৰে মেদবহুলতা সৃষ্টি কৰাই নহয় শৰীৰত থকা পুষ্টিকৰ উপাদানসমূহো হ্ৰাস কৰে। গতিকে যদি আপুনি B12 পৰিপূৰক গ্ৰহণ কৰি আছে তেন্তে ভুলতেও বাৰ্গাৰ,চাউমিন বা অন্যান্য ফাষ্ট ফুড সেৱন নকৰিব। জাংক ফুডৰ ফলত ওজন বা মেদবহুলতা বৃদ্ধি পায় আৰু আমাৰ শৰীৰত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ।

প্ৰচেছড ফুড যেনে চিপচ বা পেকেজড ফুড আদিয়েও শৰীৰত B12ৰ অভাৱ বৃদ্ধি কৰে। এই খাদ্য় সামগ্ৰীসমূহ দীৰ্ঘদিন ধৰি ভাল হৈ থাকিবলৈ বহুতো ৰাসায়নিক বা আন বস্তু ব্যৱহাৰ কৰা হয়। এই ধৰণৰ আহাৰ গ্ৰহণে কেৱল B12ৰ অভাৱ বৃদ্ধি কৰাই নহয় বিভিন্ন ধৰণে শৰীৰৰ গুৰুতৰ ক্ষতিও কৰে।

মদ আৰু চিগাৰেট আমাৰ বাবে এক প্ৰকাৰৰ বিহ, তথাপিও মানুহ ইয়াৰ প্ৰতি আসক্ত। আমি এইবোৰ পান কৰি ডাঙৰ ভুল কৰাটো উচিত নহয়। কিন্তু B12ৰ অভাৱ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা যেনে ফেটি লিভাৰ, মেদবহুলতা থাকিলেও মদ্যপান কৰিব নালাগে। একে সময়তে ধূমপানে হাওঁফাওঁ দুৰ্বল কৰি পেলায় আৰু কেন্সাৰ ৰোগৰ সম্ভাৱনা বৃ্দ্ধি কৰে । যদি শৰীৰত B12, ভিটামিন চি আৰু ডিৰ অভাৱ হয়, তেন্তে ইয়াক বৃদ্ধি কৰিবলৈ সুস্থ জীৱনশৈলী অনুসৰণ কৰি শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকক।

ঠাণ্ডা দিনত কমলা খাব লাগে নে নাই? কি কয় বিশেষজ্ঞই...
ভুলতো ঘৰত নাৰাখিব এইসমূহ দেৱ-দেৱীৰ মূৰ্তি বা প্ৰতিমা...
পৃথিৱীৰ এনে এখন দেশ, য’ত নাই এখনো কাৰাগাৰ! ক’ত ৰখা হৈছে বন্দীসকলক?
ঘৰত থকা তুলসী গছ শুকাই গৈছে নেকি! তেন্তে লগে লগে কৰক এই কাম, অন্যথা হ’ব পাৰে আৰ্থিক সংকট