শিশুসকলক HMPV ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ কেনেদৰে যত্ন ল’ব ? জানক
HMPV ভাইৰাছে শ্বাসনলীত প্ৰৱেশ কৰি হাওঁফাওঁত প্ৰভাৱ পেলায় । ইয়াৰ ফলত বুকুৰ বিষ আৰু উশাহ-নিশাহৰ সমস্যাৰ সৃষ্টি হয়। শিশুসকলক এই ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ কেনেদৰে সতৰ্কতা অৱলম্বন কৰিব জানক...
ক’ভিডৰ পাছত চীনত HMPV(Human metapneumovirus) নামৰ নতুন ভাইৰাছৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে । ইয়াৰ সমান্তৰালভাৱে ভাৰতবৰ্ষতো এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । এই ভাইৰাছে বিশেষকৈ শিশুসকলৰ দেহত সোনকালে সংক্ৰমিত হোৱা দেখা গৈছে । ভাৰতত দুটি শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে এই কথা নিশ্চিত কৰিছে।
চৰকাৰেও এই ভাইৰাছক লৈ সতৰ্কতা জাৰি কৰিছে । কোৱো হৈছে যে, এই ভাইৰাছ কাহ আৰু হাঁচিৰ জৰিয়তেও মানুহৰ দেহত সোনকালে প্ৰৱেশ কৰে । চীনত বিশেষকৈ শিশুৰ মাজত এই ভাইৰাছৰ সংক্ৰমণৰ হাৰ সৰ্বাধিক, যাৰ বাবে ভাইৰাছকলৈ অভিভাৱকসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে । ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল শিশু এই ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। এনে পৰিস্থিতিত অধিক সাৱধানতা আৱশ্যক।
HMPV ভাইৰাছৰ লক্ষণসমূহ ক’ভিডৰ সৈতে মিল আছে যদি কোনো শিশু বা কেঁচুৱা এই ভাইৰাছত আক্ৰান্ত হয় তেন্তে প্ৰথম লক্ষণ হ’ল কাহ। কাহৰ লগত কফ আৰু জ্বৰও হ’ব পাৰে। এই ভাইৰাছে শ্বাসনলীত প্ৰৱেশ কৰি হাওঁফাওঁত প্ৰভাৱ পেলায় । ইয়াৰ ফলত বুকুৰ বিষ আৰু উশাহ-নিশাহৰ সমস্যাৰ সৃষ্টি হয়। শিশুসকলক এই ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ কেনেদৰে সতৰ্কতা অৱলম্বন কৰিব জানক…
দিল্লীৰ এপ’ল’ স্পেকট্ৰা হাস্পতালৰ আভ্যন্তৰীণ চিকিৎসা আৰু ডায়েবেটিছ বিশেষজ্ঞ ডাঃ অৰুণ কুমাৰে কয় যে, এই ভাইৰাছ ভাৰততো বিশেষভাৱে বিয়পি পৰা নাই যদিও অনাগত দিনত বিপদৰ প্ৰতি লক্ষ্য ৰাখি সজাগ হৈ থকাৰ প্ৰয়োজন আছে। সৰু ল’ৰা-ছোৱালীৰ বাহিৰেও এই ভাইৰাছ বৃদ্ধ লোকৰ দেহক সংক্ৰমিত হোৱা সম্ভাৱনা আছে । যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোকৰ দেহত এই ভাইৰাছ সহজে সংক্ৰমিত হয় ।
কাহ আৰু হাঁচিৰ জৰিয়তে এই ভাইৰাছ আনলৈ বিয়পিব পাৰে । গতিকে শিশু বা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকক এই লক্ষণ দেখা দিয়া ব্যক্তিৰ পৰা আঁতৰাই ৰাখক। লগতে বাহিৰলৈ ওলাই যাওঁতে মাস্ক ব্যৱহাৰ কৰিব লাগে। খাদ্য খোৱাৰ আগতে শিশুৰ হাত দুখন ভালদৰে পৰিষ্কাৰ কৰক। যিকোনো কাম কৰাৰ আগতে হাত ধুবলৈ নাপাহৰিব। শিশুক ভিৰ কৰা ঠাইলৈ নিয়াৰ পৰা বিৰত থাকক। যদি জ্বৰ আৰু কাহৰ লগতে বুকুৰ বিষ আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হয় তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰক
- বিশেষজ্ঞসকলে কয় যে, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাটো গুৰুত্বপূৰ্ণ ।
- ৰাতি কমেও ৭ৰ পৰা ৮ ঘণ্টা পৰ্যাপ্ত শুবলৈ চেষ্টা কৰক।
- যদি শিশুটি ডাঙৰ হয় তেন্তে আপুনি লঘু শাৰীৰিক কাৰ্যকলাপ কৰাব পাৰে।
- প্ৰাপ্তবয়স্কসকলেও দৈনিক কিছু ব্যায়াম আৰু যোগাসন কৰিব লাগে।
- প্ৰটিন, ফাইবাৰ আৰু ভিটামিন চি সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। বতৰৰ খাদ্য খোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়ক ।
- সেউজীয়া শাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে।