শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শীতৰ প্ৰকোপৰ পৰা নিজকে কিদৰে সুৰক্ষিত ৰাখিব? এই সহজ পদ্ধতিসমূহ অৱলম্বন কৰক…

শীতকালত নিজৰ লগতে শিশু আৰু বৃদ্ধসকলৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজন। কেইটামান সহজ পৰামৰ্শ অনুসৰণ কৰি, আপুনি আৰু আপোনাৰ পৰিয়ালে এই শীতকালটো সুৰক্ষিত আৰু আৰামদায়ক কৰিব পাৰে। ঠাণ্ডাৰ প্ৰকোপৰ সময়ত আপোনাৰ স্বাস্থ্য ভালে ৰাখিবলৈ আপুনি অনুসৰণ কৰিব পৰা ৫টা পৰামৰ্শ ইয়াত দিয়া হৈছে।

শীতৰ প্ৰকোপৰ পৰা নিজকে কিদৰে সুৰক্ষিত ৰাখিব? এই সহজ পদ্ধতিসমূহ অৱলম্বন কৰক…
শীতৰ প্ৰকোপৰ পৰা নিজকে কিদৰে সুৰক্ষিত ৰাখিব?
trishna-kalita
Trishna Kalita | Updated On: 08 Jan 2025 12:25 PM

ৰাজ্যত বৃ্দ্ধি পাইছে শীতৰ প্ৰকোপ। মঙলবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা বৰষুণে নমাইছে শীত। পুহমহীয়া এই ঠাণ্ডাই আপোনাৰ ৰুটিন কঠিন কৰি তুলিছে নেকি? বৰ্তমান সময়ত ৰাজ্যৰ বহুতো ঠাইত ঘন কুঁৱলী আৰু ঠাণ্ডা পৰা দেখা গৈছে । শীতকালত শিশু আৰু বৃদ্ধসকলৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজন। কিয়নো এই বতৰত হাইপোথাৰ্মিয়া, ফ্ৰষ্টবাইট আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা বৃদ্ধি হ’ব পাৰে।

অৱশ্যে, এই ক্ষেত্ৰত বিশেষ চিন্তা কৰাৰ কাৰণ নাই। কেইটামান সহজ পৰামৰ্শ অনুসৰণ কৰি, আপুনি আৰু আপোনাৰ পৰিয়ালে এই শীতকালটো সুৰক্ষিত আৰু আৰামদায়ক কৰিব পাৰে। ঠাণ্ডাৰ প্ৰকোপৰ সময়ত আপোনাৰ স্বাস্থ্য ভালে ৰাখিবলৈ আপুনি অনুসৰণ কৰিব পৰা ৫টা পৰামৰ্শ ইয়াত দিয়া হৈছে।

ঠাণ্ডাৰ পৰা নিজকে সুৰক্ষিত কৰাৰ ৫ টা সহজ উপায়

লেয়াৰত গৰম কাপোৰ পিন্ধিব

ঠাণ্ডা পৰিহাৰ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ’ল সঠিক কাপোৰ পিন্ধা। ইয়াৰ বাবে ডাঠ চুৱেটাৰ পিন্ধাৰ সলনি একাধিক পাতল গৰম কাপোৰৰ পিন্ধিব পাৰে। ৱাৰ্মাৰ, চুৱেটাৰ আৰু জেকেট পিন্ধি আপোনাৰ শৰীৰ গৰম কৰিম ৰাখিব। মুৰ, কাণ আৰু হাত ঢাকিবলৈ নাপাহৰিব কিয়নো এই এলেকাবোৰ সোনকালে ঠাণ্ডা হয়।

ঘৰটো গৰম কৰি ৰাখিব

আপোনাৰ ঘৰক ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰিবলৈ স্পেচ হিটাৰ বা বৈদ্যুতিক কম্বল ব্যৱহাৰ কৰক। গৰম পানীৰ বটল ব্যৱহাৰ কৰিলে আপোনাৰ বিচনা গৰম ৰখাত সহায় কৰিব। দুৱাৰ আৰু খিৰিকীত ডাঠ পৰ্দা লগাওক যাতে ঠাণ্ডা বতাহ নাহে।

গৰম আৰু পুষ্টিকৰ আহাৰ খাব

গৰম চুপ, আদা চাহ, বা ভেষজ চাহৰ দৰে পানীয়ে আপোনাক ভিতৰৰ পৰা গৰম কৰি ৰাখিব। লগতে, পুষ্টিকৰ আৰু গৰম খাদ্য যেনে দাইল, শাক, আৰু শুকান ফল খাব পাৰে। যি শৰীৰক শক্তি প্ৰদান কৰি ঠাণ্ডাৰ সৈতে যুঁজদিয়াত সহায় কৰে।

শ্বাস-প্ৰশ্বাসৰ স্বাস্থ্যৰ যত্ন ল’ব

ঠাণ্ডা আৰু কুঁৱলীয়ে শ্বাস-প্ৰশ্বাসৰ সমস্যা বৃদ্ধি কৰিব পাৰে। ঘৰৰ ভিতৰত বায়ু বিশুদ্ধ ৰাখিবলৈ এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰক। বাহিৰলৈ যাওতে মাস্ক পিন্ধিব, যাতে ঠাণ্ডা আৰু প্ৰদূষিত বায়ু পোনপটীয়াকৈ আপোনাৰ হাঁওফাঁওলৈ নাযায়।

এই পৰামৰ্শবোৰো অনুসৰণ কৰক

কিছুদিন ধৰি ঠাণ্ডা অব্যাহত থকা লগতে ইয়াৰ প্ৰকোপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই ব্যৱস্থাবোৰ গ্ৰহণ কৰি নিজৰ লগতে আপোনাৰ পৰিয়ালক ঠাণ্ডাৰ পৰা সুৰক্ষিত ৰাখিব পাৰিব। মনত ৰাখিব যে অলপ সাৱধানতাই আপোনাক ডাঙৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। গৰম কাপোৰ পিন্ধিব, পুষ্টিকৰ খাদ্য খাব আৰু ঠাণ্ডাত বাহিৰলৈ যোৱা পৰিহাৰ কৰিব। এই পৰামৰ্শবোৰো অনুসৰণ কৰি ঠাণ্ডা বতৰত স্বাস্থ্যৱান আৰু সুৰক্ষিত থাকক।

Latest News