জিম যাবলৈ সময় নাই নেকি? ঘৰতে বহি এনেদৰে কম কৰক পেটৰ চৰ্বি…
শৰীৰৰ ওজন বৃদ্ধিয়ে আপোনাকো সমস্যাত পেলাইছে নেকি? কিন্তু জিম যাবলৈ হাতত নাই নেকি উপযুক্ত সময়? তেন্তে চিন্তা নাই, আপুনি ঘৰত থাকিয়ে কমাব পাৰিব পেটৰ চৰ্বি।

শৰীৰত অতিৰিক্ত চৰ্বি বা বৃদ্ধি হোৱা ওজনে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বেয়া খাদ্যভাষ বা জীৱনশৈলীৰ বাবে বিভিন্নজনে আজিকালি ওজন বৃদ্ধিৰ সমস্যাত ভোগা দেখা যায়। পেটাৰ চৰ্বি কম কৰিবৰ বাবে বহুতে বিভিন্ন ধৰণৰ পন্থা গ্ৰহণ কৰে। খাদ্যভাস সলনি কৰাৰ লগতে জিম যায় বা অন্য কিবা কৰে। কিন্তু ব্যস্ততাৰ বাবে বহুতে জিম যাবলৈ সময় নাপায়। কিন্তু আপুনি জিম নোযোৱাকৈ পেটৰ চৰ্বি কম কৰিব পাৰে। আপুনি অলপ মাত্ৰ সময় উলিয়াই ঘৰত কেইটামান বিশেষ ব্যায়াম কৰিলে সুফল লাভ কৰিব। ইয়াৰ ফলত পেটৰ চৰ্বি হ্ৰাস হোৱাৰ লগতে ই শৰীৰৰ বাবেও উপকাৰী। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব।
প্লেংক
অতিৰিক্ত চৰ্বি কমাবলৈ প্লেংক এক উত্তম ব্যায়াম। ইয়াৰ বাবে আপুনি শৰীৰটো মজিয়াত পোনো পোনে ৰাখি কিলকুটি আৰু ভৰিৰ আঙুলিত ভাৰাসাম্য ৰাখিব লাগিব। ই পেট, পিঠি আৰু কান্ধ শক্তিশালী কৰাতো সহায় কৰে। এই ব্যায়াম আপুনি ৩০ ছেকেণ্ড বা ১ মিনিটকৈ কৰিব পাৰে।
মাউণ্টেন ক্লাইম্বাৰ
এইটো এটা কাৰ্ডিঅ’ এক্সাৰচাইজ, যিয়ে পেটৰ চৰ্বি কম কৰাত সহায় কৰে। ই আপোনাৰ শৰীৰ সক্ৰিয় কৰি ৰখাৰ লগতে কেলৰি কম কৰাত সহায় কৰে। এই ব্যায়াম কৰিবলৈ আপুনি প্ৰথমে পুছআপ পজিচনত আহক, পাছত এখন ভৰিৰ আঁঠুক বুকুৰ পিনে আনক আৰু পিছলৈ কৰক। অন্য ভৰিখনেৰেও একেই কৰিব পাৰে। ৩০-৪০ ছেকেণ্ড দ্ৰুতভাৱে এই ব্যায়াম কৰিব পাৰে।
লেগ ৰেইজ
এই ব্যায়াম কৰিবলৈ পিঠিত শুই দুয়োখন ভৰি পোন কৰি ৰাখক। লাহে লাহে ভৰি দুখন ওপৰলৈ তুলি লওক আৰু তাৰ পিছত তললৈ আনি মাটিৰ পৰা কেই ইঞ্চিমান ওপৰত ৰাখক। ১৫-২০ বাৰ এইদৰে পুনৰাবৃত্তি কৰক । পেটৰ চৰ্বি কম কৰাত ই সহায় কৰে।
চিট-আপছ
আপুনি পিঠিৰ ওপৰত শুই দিয়ক। আঁঠু দুটা সামান্য বেঁকা কৰি দিয়ক। হাত দুখন মূৰৰ পিছফালে ৰাখি লাহে লাহে শৰীৰটো ওপৰলৈ তুলি কঁপালখন আঁঠুত লগাবলৈ চেষ্টা কৰক। এই ব্যায়ামেও শৰীৰৰ চৰ্বি হ্ৰাসত যথেষ্ঠ সহায় কৰে।
হ’ল’ বডি হোল্ড
এই ব্যায়াম কৰিবলৈ আপুনি মাটিত শুই দিয়ক। পাছত হাত কেইখন চিধা কৰি লওক। পাছত হাত ধৰি ভৰিকেইখন ওপৰলৈ উঠাই এই পজটোত কিছু সময় থকাৰ চেষ্টা কৰক। এই ব্যায়াম পেটৰ চৰ্বি হ্ৰাস কৰাৰ উত্তম উপায়।