ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ এই অভ্যাসবোৰ গ্ৰহণ কৰক... | How to Reduce Uric Acid Levels Naturally; Details in Assamese Assam news - Assam Tv9

ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ এই অভ্যাসবোৰ গ্ৰহণ কৰক…

Updated On: 

24 Sep 2024 22:12 PM

যদি আমি অধিক পৰিমাণৰ পিউৰিন থকা খাদ্য খাওঁ তেন্তে ই অধিক ইউৰিক এচিড উৎপন্ন কৰে আৰু ক্ষতি কৰিবলৈ আৰম্ভ কৰে। ইউৰিক এচিড বৃক্ক আৰু প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা ওলাই আহে, কিন্তু যদি ইয়াৰ পৰিমাণ বৃদ্ধি পায় তেন্তে ই বৃক্কৰ স্বাস্থ্যৰ অৱনতি ঘটাবলৈ আৰম্ভ কৰে ।

ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ এই অভ্যাসবোৰ গ্ৰহণ কৰক...

ইউৰিক এচিডৰ মাত্ৰা প্ৰাকৃতিকভাৱে হ্ৰাস কৰিব পাৰি

Follow Us On

ইউৰিক এচিড হৈছে পিউৰিন থকা খাদ্যৰ পৰা আমাৰ শৰীৰত উৎপন্ন হোৱা প্ৰাকৃতিক আৱৰ্জনা। যদি আমি অধিক পৰিমাণৰ পিউৰিন থকা খাদ্য খাওঁ তেন্তে ই অধিক ইউৰিক এচিড উৎপন্ন কৰে আৰু ক্ষতি কৰিবলৈ আৰম্ভ কৰে। ইউৰিক এচিড বৃক্ক আৰু প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা ওলাই আহে, কিন্তু যদি ইয়াৰ পৰিমাণ বৃদ্ধি পায় তেন্তে ই বৃক্কৰ স্বাস্থ্যৰ অৱনতি ঘটাবলৈ আৰম্ভ কৰে । ইয়াৰ স্বাভাৱিক মাত্ৰা ৬.৮ মিলিগ্ৰাম/ডেচিলিটাৰ বুলি কোৱা হয় আৰু ইয়াৰ ওপৰৰ অৱস্থাটোক হাইপাৰইউৰিচেমিয়া বোলা হয়।

চিকিৎসক বা বিশেষজ্ঞৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰিলে এই সমস্যা দূৰ কৰিব পাৰি। কিন্তু কিছুমান প্ৰাকৃতিক পদ্ধতি আছে যাৰ জৰিয়তে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি।

পিউৰিনযুক্ত খাদ্য কমকৈ খাব লাগে

যদি ইউৰিক এচিড বৃদ্ধি পায় তেন্তে পিউৰিন বেছি থকা খাদ্য কম খাব লাগে। পিউৰিন সমৃদ্ধ খাদ্য যেনে ৰঙা মাংস, অৰ্গেন মাংস, মাছ, শেলফিছ আদি কমকৈ খাব লাগে। ইয়াৰ উপৰিও কিছুমান শাক-পাচলি আছে য’ত পিউৰিন বেছি থাকে। পিউৰিন থকা শাক-পাচলি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি খাব পাৰে ।

চেনিৰ পৰা আঁতৰি থাকক

ফ্ৰুক্ট’জ হৈছে ফল-মূল আৰু মৌত পোৱা প্ৰাকৃতিক চেনি। মন কৰিব যে, ৰিফাইন চেনিয়ে তেজত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি কৰে, যাৰ ফলত শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। পেকেটত ভৰোৱা খাদ্য আৰু চেনিযুক্ত খাদ্য কমকৈ খাব লাগে। চেনিৰ লোভ পূৰণৰ বাবে ফলমূল খাওক।

সুৰাৰ পৰা আঁতৰি থাকিব আৰু অধিক পানী খাব

অধিক পানী খোৱাৰ বাবে বৃক্কই ইউৰিক এচিড সহজে আঁতৰাবলৈ সক্ষম হয়। পৰ্যাপ্ত পৰিমাণৰ পানী খালে বৃক্কৰ স্বাস্থ্য উন্নত হয় আৰু বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনাও হ্ৰাস পায়। ইয়াৰ উপৰিও মদ্যপান পৰিহাৰ কৰিব লাগে। বিয়েৰৰ দৰে কিছুমান সুৰাত পিউৰিনৰ পৰিমাণ অতি বেছি।

কফিয়ে সহায় কৰিব

২০১৬ চনত প্ৰকাশিত এক গৱেষণাৰ মতে কফিয়ে আমাৰ শৰীৰত ছিৰাম ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰে। আচলতে ইয়াত এনে এনজাইম থাকে যিয়ে শৰীৰৰ পৰা পিউৰিন আঁতৰাই ইউৰিক এচিড হ্ৰাস কৰে।

মনত ৰাখিব

জয়পুৰৰ আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ কিৰণ গুপ্তাই টিভি৯ৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত ইউৰিক এচিড হ্ৰাস বা নিয়ন্ত্ৰণৰ বহু উপায় কৈছে। বিশেষজ্ঞজনে কয় যে, উচ্চ প্ৰটিনযুক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থকা উচিত। ইয়াৰ উপৰিও তেল আৰু ঘিউও কমকৈ খাব লাগে। ই হৃদযন্ত্ৰ দুৰ্বল কৰাৰ লগতে ইউৰিক এচিডো বৃদ্ধি কৰে।

ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত হালধিৰ উপকাৰিতা, সবিশেষ জানক...
ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
Exit mobile version