Fitness Tips: ব্যায়াম নকৰাকৈ ফিট হৈ থাকিব বিচাৰিছে নেকি? এই ৫টা সহজ টিপছ অনুসৰণ কৰক
Fitness Tips: ওজন কমোৱাৰ বাবে মানুহে বিভিন্ন ধৰণৰ ব্যায়াম কৰে। কিন্তু আপুনি জানেনে যে ব্যায়াম নকৰাকৈও আপোনাৰ ওজন কমাব পাৰি। ব্যায়াম নকৰাকৈ কেনেকৈ ফিট হৈ থাকিব পাৰি সবিশেষ এই প্ৰতিবেদনৰ পৰা জানক...

বৰ্তমান সময়ত সকলোৱে ফিট হৈ থাকিব বিচাৰে। স্বাস্থ্যসন্মত হোৱা লগতে এটা আকৰ্ষণীয় শৰীৰ সকলোৱে কাম্য। যাৰ বাবে ফিট হৈ থাকিবলৈ আৰু ওজন কমাবলৈ মানুহে জিমলৈ যায়। কেৱল এয়াই নহয়, কিছুমান মানুহে গধুৰ ৱৰ্কআউটৰ লগতে ডায়েটিঙো অনুসৰণ কৰে। কিন্তু যদি আপোনাৰ জীৱনশৈলীৰ ৰুটিন বেয়া হয় তেন্তে যিমানেই চেষ্টা নকৰক কিয় ফিট হৈ থকাটো কঠিন। এনে পৰিস্থিতিত আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিয়াৰ প্ৰয়োজন।
ফিট হৈ থাকিবলৈ সদায় ব্যায়ামৰ প্ৰয়োজন নহয়। কিন্তু নিয়মিতভাৱে শৰীৰৰ সক্ৰিয় হৈ থাকিলেহে স্বাস্থ্যৰ উন্নতি হোৱা দেখা যায়।ইয়াৰ বাবে ব্যায়াম কৰিব নিবিচাৰিলেও কিছুমান সহজ পদ্ধতি অনুসৰণ কৰি ফিট হৈ থাকিব পাৰিব। এই পদ্ধতিসমূহৰ বিষয়ে জানো আহক, যিবোৰ আপুনি দৈনিক অনুসৰণ কৰিব পাৰে।
সুষম খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক
ফিট হৈ থাকিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল স্বাস্থ্যসন্মত খাদ্য। ইয়াৰ বাবে প্ৰটিন, কাৰ্বহাইড্ৰেট, চৰ্বি, ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ বস্তু খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক। সতেজ ফল-মূল, শাক-পাচলি, গুটি-শস্য আৰু স্বাস্থ্যকৰ চৰ্বি খাব লাগে।
পৰ্যাপ্ত পৰিমাণে পানী
যিমান পাৰি নিজকে হাইড্ৰেটেড কৰি ৰাখক। পানীয়ে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, পাচনত সহায় কৰে আৰু ছালখনক হাইড্ৰেটেড কৰি ৰাখে। দৈনিক ৮-১০ গিলাচ পানী খাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্গত হয়।
নিজকে সক্ৰিয় কৰি ৰাখক
ব্যায়াম নকৰাকৈয়েও আপুনি নিজকে সক্ৰিয় কৰি ৰাখিব পাৰে। ঘৰুৱা কাম যেনে চাফ-চিকুণ কৰা, বাচন-বৰ্তন ধোৱা বা কাপোৰ ধোৱা কামবোৰ লঘু শাৰীৰিক কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ ফলত আপোনাৰ কেলৰি বাৰ্ন হয় আৰু পেশী শক্তিশালী হয়।
যোগ আৰু ধ্যান
যোগ আৰু ধ্যান-ধাৰণায়ো মানসিক-শাৰীৰিক স্বাস্থ্যৰ উন্নত কৰাৰ ভাল উপায়। যোগৰ জৰিয়তে আপুনি নমনীয়তা বৃদ্ধি কৰিব পাৰে, মানসিক চাপ কম কৰিব পাৰে আৰু মানসিক শান্তি লাভ কৰিব পাৰে। সামগ্ৰিক স্বাস্থ্যৰ বাবে এইটো যথেষ্ট উপকাৰী।
টোপনি সম্পূৰ্ণ কৰক
শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ বাবে পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাটো অতি প্ৰয়োজনীয়। ৭-৮ ঘন্টা টোপনিৰ ফলত শৰীৰটোৱে নতুন উদ্যম লাভ কৰে। লগতে আপোনাৰ বিপাকীয় ক্ৰিয়াও উন্নত কৰে। ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো টোপনিয়ে সহায় কৰে। টোপনিৰ অভাৱত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ লগতে শাৰীৰিক ক্লান্তিও বৃদ্ধি পায়।