শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Holi Celebrations: হোলীত কেনেকৈ সুৰক্ষিত কৰি ৰাখিব আপোনাৰ চকুজুৰি, বিশেষজ্ঞৰ পৰা জানক

Holi Eyes Care: আকৌ আহিছে ৰঙৰ উৎসৱ ফাকুৱা । ফাকুৱা খেলি থাকোঁতে বিশেষকৈ চকুৰ যত্ন লোৱা উচিত। এই সময়ত কেনেকৈ চুলিৰ যত্ন ল’ব লাগে বিশেষজ্ঞসকলৰ পৰা জানক।

Holi Celebrations: হোলীত কেনেকৈ সুৰক্ষিত কৰি ৰাখিব আপোনাৰ চকুজুৰি, বিশেষজ্ঞৰ পৰা জানক
হোলীত কেনেকৈ সুৰক্ষিত কৰি ৰাখিব আপোনাৰ চকুজুৰি
barasha-misra
Barasha Misra | Published: 12 Mar 2025 20:03 PM

Holi Eyes Care: ফাকুৱা উৎসৱৰ বাবে মাত্ৰ এদিন বাকী। এইবাৰ ১৪ মাৰ্চ শুকুৰবাৰে পালন কৰা হ’ব ফাকুৱা। সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰে এই ৰঙৰ উৎসৱটোৰ বাবে। সকলোৱে ইজনে সিজনৰ লগত অতি উৎসাহেৰে হোলী খেলে। কিন্তু উৎসৱৰ সময়ত স্বাস্থ্যৰ প্ৰতিও সম্পূৰ্ণ যত্ন লোৱা উচিত। হোলীত কেৱল হাৰ্বল ৰং ব্যৱহাৰ কৰক।

ডাঃ বাসু চকু কেন্দ্ৰৰ বিশেষজ্ঞ মনদ্বীপ বসুৱে কয় যে, আজিকালি হোলীৰ বাবে কৃত্ৰিম ৰং বজাৰলৈ আহিছে। আমাৰ চকুৱেই শৰীৰৰ আটাইতকৈ সংবেদনশীল অংশ। এই ৰঙৰ উৎসৱৰ সময়ত ইয়াৰ সুৰক্ষা দিয়াতো অতি গুৰুত্বপূৰ্ণ। হোলী খেলি থাকোঁতে আমি কি কি কথা মনত ৰাখিব লাগে সেই বিষয়ে বিশেষজ্ঞসকলৰ পৰা জানক।

পৰিষ্কাৰ পানীৰে চকু ধুব লাগে

হোলী খেলি থাকিলে চকুৰ ওচৰত থকা আবিৰ লগে লগে পৰিষ্কাৰ পানীৰে ধুব লাগে। গোলাপৰ পানীও ব্যৱহাৰ কৰিব পাৰে, কিয়নো ই চকুৰ পৰা ৰং আৰু ধূলি আঁতৰোৱাত সহায় কৰে।

ছানগ্লাছ ব্যৱহাৰ কৰক

কৃত্ৰিম ৰঙৰ পৰা হাত সাৰিবলৈ হোলী খেলাৰ সময়ত ছানগ্লাছ বা সুৰক্ষামূলক চশমা পিন্ধিব লাগে। ইয়াৰ ফলত ৰংবোৰত থকা ৰাসায়নিক পদাৰ্থৰ পৰা চকু সুৰক্ষিত হ’ব। যদি আপুনি হোলীৰ সময়ত লেন্স পিন্ধে, তেন্তে বজাৰত উপলব্ধ দৈনিক ডিচপ’জেবল লেন্স লৈ যাওক ইয়াৰ ফলত চকুত ৰঙৰ পৰা সংক্ৰমণ হোৱাৰ সম্ভাৱনা কম হ’ব।

এইবোৰ কথাও মনত ৰাখিব

চকু ঘঁহি নিদিব – হোলী খেলি থাকোঁতে চকু স্পৰ্শ কৰাৰ পৰা বিৰত থাকক। হাতৰ ৰঙ চকুত লাগিলে সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। চকু খজুৱতি উঠিলে ৱাইপ ব্যৱহাৰ কৰক বা পৰিষ্কাৰ ৰুমাল বা পানীৰে লাহে লাহে পৰিষ্কাৰ কৰক।

চিকিৎসকৰ পৰামৰ্শ অবিহনে চকুৰ দৰৱ ব্যৱহাৰ নকৰিব – যদি আপুনি হোলী খেলি থাকোঁতে চকুৰ লগত জড়িত কোনো সমস্যাৰ সন্মুখীন হয়, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। কোনো বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে চকুত ঔষধ প্ৰয়োগ নকৰিব।