শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গ্ৰীষ্মকালত তেলীয়া ছালৰ লোকৰ হ’ব পাৰে এইসমূহ সমস্যা, এনেদৰে লওক যত্ন

গৰমৰ দিনত ছালৰ লগত জড়িত বহু ধৰণৰ সমস্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰে। বিশেষকৈ যিসকলৰ ছাল ইতিমধ্যে তেলীয়া হৈ পৰিছে, তেওঁলোকৰ ছালত অধিক তেল ওলাবলৈ আৰম্ভ কৰে। যাৰ বাবে তেওঁলোকে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। এনে পৰিস্থিতিত গ্ৰীষ্মকালত তেলীয়া ছালৰ যত্ন কেনেকৈ ল’ব লাগে, বিশেষজ্ঞৰ পৰা জানো আহক...

গ্ৰীষ্মকালত তেলীয়া ছালৰ লোকৰ হ’ব পাৰে এইসমূহ সমস্যা, এনেদৰে লওক যত্ন
তেলীয়া ছালImage Credit source: MoMo Productions/DigitalVision/Getty Images
trishna-kalita
Trishna Kalita | Published: 21 Mar 2025 08:30 AM

গ্ৰীষ্মকালত উষ্ণতা বৃদ্ধি, আৰ্দ্ৰতা আৰু ঘামৰ ফলত ছালৰ লগত জড়িত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই সময়ত ছালখন আঠাযুক্ত দেখাবলৈ আৰম্ভ কৰে। বিশেষকৈ যিসকলৰ ছাল ইতিমধ্যে তেলীয়া হৈ পৰিছে, তেওঁলোকৰ মুখত অধিক তেল ওলাবলৈ আৰম্ভ কৰে। যাৰ বাবে পিম্পলৰ সমস্যা হ’ব পাৰে। কিন্তু ইয়াৰ বাহিৰেও তেলীয়া ছাল থকা লোকে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

স্বাস্থ্যৰ লগতে গৰমৰ দিনত ছালৰ সঠিক যত্ন লোৱাৰ প্ৰয়োজন। বিশেষকৈ যদি আপোনাৰ ছালখন তেলীয়া হয় তেন্তে অতিৰিক্ত ছালৰ যত্নৰ প্ৰয়োজন হয়। ইয়াৰ প্ৰতিৰোধৰ বাবে আপুনি কি কৰিব লাগে? কিন্তু বহুতে নিজৰ ছালৰ প্ৰকাৰৰ বিষয়ে অৱগত নহয়, গতিকে তেওঁলোকৰ ছালৰ প্ৰকাৰৰ বিষয়ে জানিবলৈ আটাইতকৈ সহজ উপায় কি আৰু গ্ৰীষ্মকালত তেলীয়া ছালৰ যত্ন কেনেকৈ ল’ব লাগে সবিশেষ জানো আহক।

ছালৰ প্ৰকাৰ কেনেকৈ চিনাক্ত কৰিব?

বহুতে নিজৰ ছালৰ প্ৰকাৰ নাজানে ইয়াক চিনাক্ত কৰিবলৈ পৰিষ্কাৰ পানীৰে মুখখন ধুব লাগে আৰু তাৰ পিছত কিছু ক্ৰীম লগাই কিছু সময় থৈ দিব লাগে। যদি ছালে ক্ৰীম সম্পূৰ্ণৰূপে শোষণ কৰে তেন্তে আপোনাৰ ছালখন শুকান হয় আৰু যদি ক্ৰীমটো ছালত বহুসময় থাকে আৰু পাতল ঘামৰ সৈতে ওলাই আহিছে তেন্তে আপোনাৰ ছালখন তেলীয়া হয়। ইয়াৰ উপৰিও মুখখনো আঠাযুক্ত আৰু ওঁঠৰ ওপৰত আৰু তলত তেল দেখা যাব।

বিশেষজ্ঞসকলে কি কয়?

দিল্লীৰ এপ’ল’ স্পেকট্ৰা হাস্পতালৰ ছালৰ বিশেষজ্ঞ ডাঃ সন্দীপ অৰোৰাই কয় যে তেলীয়া ছাল থকা লোকসকলে গ্ৰীষ্মকালত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে, যেনে- সঘনাই ঘাম ওলোৱা, মুখখন আঠা আঠা লগা, অত্যধিক তেল নিঃসৰণৰ বাবে ছিদ্ৰ বন্ধ হোৱা আৰু ব্ৰণ বৃদ্ধি ইত্যাদি। গ্ৰীষ্মকালত ধূলি আৰু ঘামৰ বাবে ছালত মলি জমা হয়, যাৰ বাবে সংক্ৰমণ আৰু ব্ৰেকআউট হোৱাৰ সম্ভাৱনা বেছি।

চিকিৎসকে কয় যে, ছালখন সুস্থ কৰি ৰাখিবলৈ দিনটোত দুবাৰৰ পৰা তিনিবাৰকৈ মাইল্ড ফেচ ৱাচেৰে মুখখন ধুব লাগে। যাতে অতিৰিক্ত তেল আঁতৰি যায়, কিন্তু ছালখন শুকান নহয়। টোনাৰ ব্যৱহাৰ কৰক কাৰণ ই ছালৰ ছিদ্ৰবোৰ টান কৰি ছালখন সতেজ যেন লাগে। পাতল আৰু তেলবিহীন মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ। বাহিৰলৈ ওলোৱাৰ আগতে ৱাটাৰ ৱেষ্ট ছানস্ক্ৰীণ নিশ্চয়কৈ লগাব লাগে, কাৰণ প্ৰবল সূৰ্যৰ পোহৰে টেনিং আৰু ক’লা কৰিব পাৰে। দিনটোৰ ভিতৰত প্ৰচুৰ পৰিমাণে পানী খাব লাগে যাতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই যায় আৰু ছালখন জিলিকি উঠে। ইয়াৰ পিছতো যদি আপুনি ছালৰ লগত জড়িত সমস্যাৰ সন্মুখীন হৈছে তেন্তে ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে।

ফেচ ৱাচৰ ব্যৱহাৰ

গ্ৰীষ্মকালত দিনটোত দুবাৰকৈ মাইল্ড ফেচ ৱাচৰ সহায়ত মুখখন পৰিষ্কাৰ কৰিব লাগে। যিয়ে ছালৰ পৰা অতিৰিক্ত তেল আঁতৰোৱাত সহায় কৰে। লগতে বেছি জোৰেৰে স্ক্রাব কৰাটো এৰাই চলিব, কাৰণ ইয়াৰ ফলত ছালত থকা প্ৰাকৃতিক তেল কমিব পাৰে।

মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰক

ছাল তেলীয়া হ’লেও মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। যাতে ভাৰসাম্য বজাই ৰাখিব পাৰে। লাইট, জেল বা ৱাটাৰ ৱেষ্ট তেলবিহীন মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰক। যিয়ে আপোনাৰ ছালখনক হাইড্ৰেটেড কৰি ৰাখিব আৰু আপোনাৰ মুখখন আঠাযুক্ত অনুভৱ কৰাৰ পৰা মুক্ত কৰি ৰাখিব।

ছানস্ক্ৰীণ ব্যৱহাৰ কৰক

গ্ৰীষ্মকালত ৰ’দ অতি প্ৰখৰ হয়। গতিকে এই সময়ত ছানস্ক্ৰীণ প্ৰয়োগ কৰি ছালখনক ৰ’দৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ৰক্ষা কৰিব লাগে। ইয়াৰ বাবে তেলবিহীন আৰু পাতল ছানস্ক্ৰীণ বাছি ল’ব লাগে। ইয়াৰ দ্বাৰা আপোনাৰ ছালখন ৰ’দে পোৰাৰ পৰা ৰক্ষা কৰিব।

টোনাৰ ব্যৱহাৰ

টোনাৰ ব্যৱহাৰ কৰিলে ছিদ্ৰবোৰ টান হয় আৰু লগতে পি এইচৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। সেয়েহে টোনাৰ ব্যৱহাৰ কৰিব পাৰে। যাক প্ৰয়োগ কৰিলে আপোনাৰ ছালখন সতেজ অনুভৱ হয়। কিন্তু তেলীয়া ছাল অনুসৰি টোনাৰ বাছি লওক।

হাইড্ৰেটেড কৰি ৰাখক

ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ গ্ৰীষ্মকালত অধিক পানী খোৱাটো অতি প্ৰয়োজনীয়। গতিকে শৰীৰৰ প্ৰয়োজন অনুযায়ী সঠিক পৰিমাণৰ পানী খাব লাগে। ইয়াৰ ফলত ছালখন হাইড্ৰেটেড হৈ থাকে, যিয়ে ছালত উজ্জ্বলতা বজাই ৰখাত সহায় কৰিব পাৰে।