5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Matar Paneer Recipe : আপুনি মটৰ পনীৰ আঞ্জা ভাল পায়নে ? জানক এই সহজ ৰেছিপি…

আজিৰ এই প্ৰতিবেদনত সহজে ৰান্ধিব পৰা এটা মটৰ পনীৰ ৰেছিপিৰ বিষয়ে উল্লেখ কৰা হৈছে । আপুনি এই পদ্ধতি অনুসৰণ কৰি ঘৰতে ৰান্ধিব পাৰিব মটৰ পনীৰ আঞ্জা ।

Matar Paneer Recipe : আপুনি মটৰ পনীৰ আঞ্জা ভাল পায়নে ? জানক এই সহজ ৰেছিপি…
মটৰ পনীৰ ৰেছিপি
manas-borah
Manas Borah | Published: 18 Dec 2024 12:24 PM

যিসকল লোকে নিৰামিষ খাদ্য গ্ৰহণ কৰে তেওঁলোকৰ বাবে মটৰ পনীৰ অতি প্ৰিয় । আপুনিও মটৰ পনীৰ খাই ভাল পায় নে ? পিছে পনীৰ সোৱাদ ল’বলৈ আপুনি কেনে ধৰণৰ ৰেছিপি ভাল পায় ? আজিৰ এই প্ৰতিবেদনত সহজে ৰান্ধিব পৰা এটা মটৰ পনীৰ ৰেছিপিৰ বিষয়ে উল্লেখ কৰা হৈছে । আপুনি এই পদ্ধতি অনুসৰণ কৰি ঘৰতে ৰান্ধিব পাৰিব মটৰ পনীৰ আঞ্জা ।

এই ৰেছিপিৰ বাবে আপোনাক লাগিব ২০০ গ্ৰাম মটৰ, ২৫০ গ্ৰাম পনীৰ, ৪ টা মধ্যমীয়া আকাৰৰ পিঁয়াজ, হালধি, আদা, ৪ ৰ পৰা ৫ টা বিলাহী,এক চামুচ ধনীয, ৰঙা শুকান জলকীয়া আৰু প্ৰয়োজন অনুসৰি নিমখ । ইয়াৰ লগতে প্ৰয়োজন অনুসৰি, আধা চামুচ কাশ্মীৰী জলকীয়াৰ গুড়ি, আধা চামুচ গৰম মছলা, দুটা তেজপাত, ডালচেনিৰ সৰু টুকুৰা, ইলাচি, আধা কাপ সতেজ ক্ৰীম, সেউজীয়া ধনীয়া আৰু প্ৰয়োজন অনুসৰি ৰন্ধন তেল।

ৰন্ধন পদ্ধতি

  • প্ৰথমে পনীৰ পানীত দি গৰম কৰক, এনে কৰিলে পনীৰ কোমল হ’ব। ইয়াৰ পিছত পনীৰখিনি আপোনাৰ প্ৰিয় আকৃতিত কাটি লওক। ইচ্ছা কৰিলে পাতলকৈ গোলাপী ৰং অহালৈকে ভাজি লওক বা কেঁচাকৈ ব্যৱহাৰ কৰিব পাৰে । এইটো সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰশীল। কিন্তু ডিপ ফ্ৰাই নকৰিব। ননষ্টিক কেৰাহীত অলপ তেল দি পনীৰখিনি ভাজি ল’ব পাৰে ।
  • মটৰখিনি আগতীয়াকৈ তিয়াই ৰাখিব আৰু কোকাৰত বইল কৰিব । ইয়াৰ পাছতে পিঁয়াজখিনি মিহিকৈ কাটি আদাখিনি কুটি লওক আৰু বিলাহীও কাটি লওক। এতিয়া কেৰাহীত অলপ তেল দি গৰম কৰি লওক। প্ৰথমে তাত পিঁয়াজ দি মধ্যমীয়া জুইত ভাজিব আৰু ৰঙা হ’বলৈ দিব।
  • পিঁয়াজ আধা ভজা হ’লে তাত হালধি আৰু আদা দিব। সকলো সম্পূৰ্ণ ৰঙা কৰি ভাজি লওক। ইয়াৰ পিছত এটা পাত্ৰত পিঁয়াজ, নহৰু আৰু আদা উলিয়াই ঠাণ্ডা কৰি লওক।
  • ইফালে বিলাহীখিনি পিহি লওক। ভজা পিঁয়াজখিনি ঠাণ্ডা হ’লে ইয়াকো পিহি লওক। পিহি থাকোঁতে অলপ পানী দিব যাতে মিহিকৈ পিহিব পাৰে। ইয়াৰ পিছত আকৌ কেৰাহীত অলপ তেল দি দালচেনি, তেজ পাত আৰু ইলাচি দিব।
  • ইয়াৰ পিছত থেতেলিয়াই লোৱা বিলাহী দিব। লগতে হালধি, ধনীয়া আৰু ৰঙা জলকীয়া দিব। মছলাৰ পৰা তেল পৃথক হোৱালৈকে ভাজি থাকিব। মছলা ভাজি হ’লে তাত পিহি লোৱা পিঁয়াজৰ মছলা দি আকৌ ভাজিব। তেল আৰু মছলা পৃথক হ’লে কাশ্মীৰী জলকীয়া গুড়ি দিব। ইয়াৰ পিছত বইল কৰি লোৱা মটৰখিনি দিব। ৰান্ধোতে জুই মধ্যমীয়া কৰি ৰাখিব ।
  • সকলো ভজাৰ পিছত অলপ পানী দি পনীৰৰ টুকুৰাবোৰ দিব। তাৰ পিছত ৰুচি অনুসৰি নিমখ দি প্লেট এখনেৰে ঢাকি মধ্যমীয়া জুইত উতলিবলৈ দিব। প্ৰায় ৫ৰ পৰা ৭ মিনিটৰ পিছত পৰীক্ষা কৰক। ইচ্ছামতে ডাঠ বা পাতলকৈ ৰাখিব। ইয়াৰ পিছত ক্ৰীম দিব পাৰে । তাৰ পিছত গৰম মছলা দি ২ মিনিট ঢাকি দিব। এতিয়া আপোনাৰ মটৰ পনীৰ আঞ্জা খাব পৰা হ’ব ।

Latest News