5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আপোনাৰ সন্তানে খোৱাৰ সময়ত ফোন চাই থাকে নেকি? তেন্তে হ’ব পাৰে বহু ৰোগ

যদি আপোনাৰ সন্তানেও খাদ্য খোৱাৰ সময়ত মোবাইল চাই থাকে তেন্তে আপুনি সাৱধান হওক, এই অভ্যাসে স্বাস্থ্য নষ্ট কৰিব পাৰে। ফোন চাই খাদ্য খোৱাটোৱে শৰীৰৰ বহু ক্ষতি কৰে। ই কিমান বিপজ্জনক আৰু কোনবোৰ ৰোগৰ আশংকা আছে সেই বিষয়ে বিশেষজ্ঞৰ পৰা জানক।

আপোনাৰ সন্তানে খোৱাৰ সময়ত ফোন চাই থাকে নেকি? তেন্তে হ’ব পাৰে বহু ৰোগ
আপোনাৰ সন্তানে খোৱাৰ সময়ত ফোন চাই থাকে নেকি?
barasha-misra
Barasha Misra | Published: 12 Dec 2024 11:49 AM

শিশুৱে সহজে খাদ্য খাব পৰাৰ বাবে পিতৃ-মাতৃয়ে ফোনটো হাতত দিয়ে, কিন্তু লাহে লাহে এইটো শিশুৰ অভ্যাসত পৰিণত হয়। ফোন নোচোৱাকৈ খাদ্য খোৱাটো কঠিন হৈ পৰে যদিও শিশুৰ এই অভ্যাস তেওঁৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক হ’ব পাৰে। ইয়াৰ ফলত শিশুটিৰ শৰীৰত বহুতো ৰোগৰ আশংকা বৃদ্ধি পায়। মোবাইল চাই শিশুৱে যেতিয়া খাদ্য খায়, তেতিয়া তেওঁ অতিমাত্ৰা খাইছে বা কমকৈ খাইছে গম নামায়।

বেছিকৈ খালে মেদবহুল হ’ব পাৰে আৰু কম খালে পুষ্টিহীনতাত ভুগিব পাৰে। ফোনটো চাই থাকোঁতে শিশুটিয়ে খাদ্যখিনি চোবাই নাথাকে মুখত গিলি পেলায়। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়া দুৰ্বল হৈ পৰে। যাৰ বাবে বহু ৰোগৰ আশংকা বাঢ়ে।

পাচনতন্ত্ৰৰ সমস্যা

দিল্লীৰ AIMS ৰ শিশু চিকিৎসা বিভাগৰ ডাঃ ৰাকেশ কুমাৰে বুজাইছে যে খাদ্য খোৱাৰ সময়ত ফোনটো চালে শিশুৰ পাচনতন্ত্ৰৰ ক্ষতি হ’ব পাৰে, যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। কাৰণ শিশুৱে ফোন চাই থাকোঁতে বেছিকৈ খায় বা কম খায়গম নাপায়। ইয়াৰ ফলত বদহজম আৰু গেছৰ সমস্যা হ’ব পাৰে। যিয়ে পাচনতন্ত্ৰ নষ্ট কৰিব পাৰে। লগতে ফোন চাই শিশুৰ চকুৰ ক্ষতি হোৱাৰ আশংকা থাকে। শিশুৰ চকু ভাগৰুৱা হ’ব পাৰে, আৰু চকুৰ সমস্যা হ’ব পাৰে।

মানসিক চাপ আৰু উদ্বেগ

খাদ্য খোৱাৰ সময়ত ফোনটো চালে শিশুৰ মানসিক স্বাস্থ্য বেয়া হ’ব পাৰে। কাৰণ শিশুটিয়ে ফোন চাই থাকোঁতে ভালকৈ খাদ্য গ্ৰহণ নকৰে। ইয়াৰ বাবে শৰীৰে পুষ্টি নাপায় আৰু হৰম’নৰ মাত্ৰা অৱনতি ঘটিব পাৰে। যিটো মানসিক স্বাস্থ্যৰ দুৰ্বলতাৰ কাৰণ হৈ পৰিব পাৰে, যাৰ ফলত মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

শিশুৰ দুৰ্বল বিকাশ

ডাঃ ৰাকেশে বুজাইছে যে, ফোন চাই শিশুৰ সামাজিক দক্ষতাত প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত বিকাশৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ফোন চাই শিশুটিয়ে খাদ্য খালে শৰীৰত সেই খাদ্যৰ পুষ্টি লাভ নকৰে,যাৰ ফলত পুষ্টিৰ অভাৱ হ’বলৈ ধৰে। শিশুৰ ওজন আৰু উচ্চতা বৃদ্ধি নহয়। সঠিক বিকাশৰ অভাৱত বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে।

ফোনৰ আসক্তিৰ পৰা কেনেকৈ মুক্ত কৰিব?

  1. অভিভাৱকসকলে খাদ্য খোৱাৰ সময়ত সন্তানক ফোন দিবলৈ চেষ্টা কৰিব নালাগে। এই কামটো লাহে লাহে কৰক
  2. শিশুটিক কওক যে ফোন ব্যৱহাৰ কৰিলে তেওঁৰ স্বাস্থ্যৰ ক্ষতি হ’ব।
  3. নিজৰ হাতেৰে কেঁচুৱাক খাদ্য খুৱাব লাগে

 

Latest News