শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আনক সহায়ৰ বিনিময়ত ধন্যবাদ আশা কৰে নেকি? যদি মানসিক সুখ বিচাৰে তেন্তে সলনি কৰক আপোনাৰ এই অভ্যাস

যদি আপুনি আনক সহায় কৰাৰ সময়ত আনৰ পৰা প্ৰশংসা আৰু আন কোনো আশা কৰে, তেন্তে ই কেনেকৈ আপোনাৰ সুখৰ পথত আটাইতকৈ ডাঙৰ বাধা হৈ পৰিব পাৰে । এই চিন্তাধাৰা সলনি কৰি আপুনি কেনেকৈ জীৱনত অধিক সন্তুষ্টি লাভ কৰিব পাৰে (The Joy of Giving) জানো আহক ।

আনক সহায়ৰ বিনিময়ত ধন্যবাদ আশা কৰে নেকি? যদি মানসিক সুখ বিচাৰে তেন্তে সলনি কৰক আপোনাৰ এই অভ্যাস
প্ৰতীকী ছবিImage Credit source: Meta AI
raj-saikia
Raj Saikia | Published: 07 Apr 2025 15:01 PM

আমাৰ বহুতেই আনক সহায় কৰাৰ পিছত প্ৰশংসা আশা কৰে । সেই আশা পূৰণ নহ’লে আমি দুখ পাওঁ, খং উঠে বা অনুশোচনা অনুভৱ কৰো । কিন্তু সহায়ৰ আঁৰত যেতিয়া কোনো উদ্দেশ্য লুকাই থাকে তেতিয়া সঁচাকৈয়ে সেয়া সহায় বুলি ক’ব পাৰি নে ?

এই লেখাটোত আমি আপোনালোকক জনাব খুজিছোঁ যে যদি আপুনি আনক সহায় কৰাৰ সময়ত আনৰ পৰা প্ৰশংসা আৰু আন কোনো আশা কৰে, তেন্তে ই কেনেকৈ আপোনাৰ সুখৰ পথত আটাইতকৈ ডাঙৰ বাধা হৈ পৰিব পাৰে । এই চিন্তাধাৰা সলনি কৰি আপুনি কেনেকৈ জীৱনত অধিক সন্তুষ্টি লাভ কৰিব পাৰে (The Joy of Giving) জানো আহক ।

আনক সহায় কৰাটো মানুহৰ মনত নিহিত হৈ থকা অন্যতম সুন্দৰ অনুভৱ বুলি গণ্য কৰা হয় । এইটো কেৱল আনৰ বাবেই নহয়, নিজৰ আত্মসন্মান আৰু আত্মসন্তুষ্টিৰ বাবেও অতি গুৰুত্বপূৰ্ণ সহায় কৰা গুণটো । কোনো চৰ্ত নোহোৱাকৈ কাৰোবাক সহায় কৰিলে ইয়াৰ প্ৰভাৱ হৃদয় আৰু মনৰ ওপৰত স্পষ্টকৈ দেখা যায় । ই আপোনাক আভ্যন্তৰীণ শান্তি দিয়ে, নিজকে গৌৰৱ অনুভৱ কৰায় আৰু লগতে আপোনাৰ মনটোক সুখী কৰি ৰাখে । কিন্তু এই শান্তি হেৰাই যায় যেতিয়া আমি সহায়ক লেনদেনলৈ ৰূপান্তৰিত কৰোঁ – অৰ্থাৎ “মই আপোনাৰ বাবে এই কামটো কৰিলোঁ, এতিয়া আপুনিও মোৰ বাবে কিবা এটা কৰা উচিত ।” এই ধৰণৰ চিন্তাই কিন্তু মনলৈ কেতিয়াবা অশান্তিহে আনে ।

যেতিয়া আপুনি প্ৰশংসা, ধন্যবাদ বা প্ৰতিদানৰ আশাত সহায় কৰে, তেতিয়া আপুনি আন এজনৰ আচৰণক নিজৰ সুখৰ কেন্দ্ৰবিন্দু কৰি লয় । এবাৰ ভাবকচোন – আপুনি তেওঁক সম্পূৰ্ণ হৃদয়েৰে সহায় কৰিছিল, কিন্তু তেওঁ সেই সহায়ৰ প্ৰতি কৃতজ্ঞতা দেখুওৱা নাছিল । আপুনি সময়, ধন বা কষ্ট বিনিয়োগ কৰিলে, কিন্তু আনজনে পাহৰি গ’ল । ই আপোনাক কেনে অনুভৱ কৰায়? দুখ হয়, কাৰণ আপুনি ধন্যবাদৰ আশাত সহায় কৰিছিল, আৰু কোনো নিঃস্বাৰ্থ উদ্দেশ্যেৰে নহয় ।

কথাবোৰ একেবাৰেই তেনেকুৱা নহয়! হয়, সকলোৱে সন্মান আৰু প্ৰশংসাৰ যোগ্য । কিন্তু ইয়াক আশা কৰাটোৱে আপোনাক আঘাতহে দিয়ে । সহায় কৰাটো আপোনাৰ কাম, আৰু ইয়াৰ শলাগ লোৱাটো আনজনৰ কাম । যদি তেওঁ নকৰে তেন্তে সেয়া তেওঁৰ চিন্তাৰ অভাৱ, আপোনাৰ অনুভৱৰ নহয় ।

প্ৰশংসা শুনাৰ এই অভ্যাসটো কেনেকৈ এৰিব?

  • সহায়ক পূজা বুলি গণ্য কৰক, চুক্তি নহয়: মন্দিৰত দান দিওঁতে যেনেকৈ ৰচিদ নিবিচাৰে, ঠিক তেনেদৰে সম্পূৰ্ণ হৃদয়েৰে সহায় কৰক ।
  • ‘‘কৰিবলৈ আৰু পাহৰিবলৈ’’ শিকক: সহায় কৰাৰ অভিলেখ নাৰাখিব । ইয়াৰ ফলত আপোনাৰ মনটো সুখী হৈ থাকিব ।
    নিজকে সুধিব – ‘‘মই কিয় এনে কৰি আছো?’’ যদি উত্তৰটো হয় ‘‘কাৰণ মোৰ ভাল লাগে’’ তেন্তে আপুনি সঠিক পথত আগবাঢ়িছে ।
  • সৰু সৰু প্ৰশংসাৰে সুখী হ’বলৈ শিকক: কেতিয়াবা কাৰোবাৰ হাঁহি, চকুত কৃতজ্ঞতা বা কেৱল তেওঁৰ শান্ত মুখখন – এইবোৰেই আটাইতকৈ ডাঙৰ ধন্যবাদ ।
  • আপোনাৰ অনুভৱক আনৰ মনোভাৱৰ সৈতে সংযোগ নকৰিব: মানুহে কেনে প্ৰতিক্ৰিয়া কৰে সেয়া তেওঁলোকৰ ব্যক্তিত্বৰ এটা অংশ, আপোনাৰ ভাল গুণৰ নহয় ।

এই পৰিৱৰ্তনে দীৰ্ঘম্যাদীভাৱে কি লাভ দিব ?

আশা নকৰাকৈ যেতিয়া সহায় কৰিবলৈ শিকে তেতিয়া এইবোৰ উপকাৰ লাভ কৰে:

  • মনটো শান্ত হৈ থাকে
  • আনৰ আচৰণৰ দ্বাৰা আপুনি কম প্ৰভাৱিত হয়
  • আপোনাৰ সন্তুষ্টি আৰু আত্মবিশ্বাস বাঢ়ি যায়
  • সম্পৰ্কত উত্তেজনা কম হয়
  • আপুনি ভিতৰৰ পৰা সন্তুষ্ট অনুভৱ কৰে