সঘনাই পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? সবিশেষ জানক…
গৰমৰ সময়ত সকলোৱে অধিক পিয়াহ অনুভৱ কৰে। এয়া সাধাৰণ কথা, কিন্তু যদি দিনটোত কেইবাবাৰো পিয়াহ লাগে আৰু পানী খোৱাৰ পিছতো পিয়াহ কমি নাযায়, তেন্তে এয়া কিছুমান ৰোগৰ লক্ষণ হ’ব পাৰে।

সঘনাই পিয়াহ লগাটো কি ৰোগৰ লক্ষণ?
এতিয়া গ্ৰীষ্মকাল। এই বতৰত মানুহে খুব পিয়াহ অনুভৱ কৰে। কিন্তু পানী খোৱাৰ পিছতো যদি পিয়াহ নপলাই আৰু বাৰে বাৰে পিয়াহ অনুভৱ হয়, তেন্তে ই বহু গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। গ্ৰীষ্মকালত ডিহাইড্ৰেচন হোৱাটো সাধাৰণ কথা। কিন্তু, বাৰে বাৰে পিয়াহ অনুভৱ কৰা আৰু পিয়াহ নিবাৰণ কৰিব নোৱাৰাটো এটা গুৰুতৰ বিষয়। যদি আপোনাৰ পিয়াহ নপলোৱাৰ বাবে যদি আপুনি বেছিকৈ পানী খায়, ইয়াৰ ফলত বহুতো ৰোগৰো সৃষ্টি হ’ব পাৰে।
গ্ৰীষ্মকালত শৰীৰক অধিক পানীৰ প্ৰয়োজন হয়। যদি আপুনি শৰীৰৰ প্ৰয়োজন পূৰণ নকৰে তেন্তে ডিহাইড্ৰেচনত ভুগিব পাৰে। যাৰ বাবে আন বহুতো গুৰুতৰ ৰোগে আপোনাক আগুৰি ধৰিব পাৰে। যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ পানী খাই আছে আৰু তথাপিও আপুনি বাৰে বাৰে পিয়াহ লাগে, তেন্তে ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে। ইয়াৰ বাবে প্ৰথমতে চিকিৎসকৰ ওচৰলৈ যাব লাগে। সঘনাই পিয়াহ খোৱাৰ আঁৰৰ এটা কাৰণ হৈছে ডায়েবেটিছ। ইয়াৰ উপৰিও ৰক্তহীনতা আৰু বৃক্কৰ লগত জড়িত ৰোগো হ’ব পাৰে।
ডায়েবেটিছ
যদি আপুনি সঘনাই পিয়াহ অনুভৱ কৰে আৰু পানীৰ বাহিৰে আন পানীয় সেৱন কৰিলেও আপোনাৰ পিয়াহ নাইকিয়া নহয়, তেন্তে আপুনি ডায়েবেটিছৰ আশংকাত ভুগিব পাৰে। ডায়েবেটিছ ৰোগীৰ চুগাৰৰ মাত্ৰা বাঢ়িলে বাৰে বাৰে পিয়াহ লাগে। যদি আপুনি সঘনাই পিয়াহ অনুভৱ কৰি আছে তেন্তে নিশ্চিতভাৱে ডায়েবেটিছৰ পৰীক্ষা কৰাওক।
ৰক্তহীনতা
শৰীৰত তেজৰ অভাৱ হ’লে বাৰে বাৰে পিয়াহ লাগে। তেজৰ অভাৱত কোষবোৰে অক্সিজেন নাপায়। ইয়াৰ কাৰণে শৰীৰত পানীৰ অভাৱ হয় আৰু বাৰে বাৰে পিয়াহ লাগে। বাৰে বাৰে পানী খোৱাৰ পিছতো যেন পিয়াহ নাইকিয়া নহয়।
থাইৰয়ডৰ সমস্যা
থাইৰয়ড গ্ৰন্থি অতি সক্ৰিয় হ’লে ব্যক্তি এজনে সঘনাই পিয়াহ অনুভৱ কৰে। ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱো হয় আৰু বাৰে বাৰে পানী খোৱাৰ হেঁপাহৰ সৃষ্টি হয়। এই অৱস্থাক হাইপাৰথাইৰয়ডিজম বোলা হয়।
ঔষধৰ প্ৰভাৱ
কিছুমান ঔষধৰ প্ৰভাৱৰ বাবে শৰীৰত পানীৰ অভাৱ হয় আৰু বাৰে বাৰে পিয়াহ লাগে। যদি আপুনি বাৰে বাৰে পিয়াহ অনুভৱ কৰি আছে আৰু পানী খোৱাৰ পিছতো পিয়াহ নাইকিয়া নহয়, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। আপোনাক পৰীক্ষা কৰাৰ পিছত চিকিৎসকে ইয়াৰ সঠিক কাৰণ জানিব আৰু আপোনাৰ চিকিৎসা কৰিব।