কোনবোৰ অভ্যাসৰ বাবে মহিলাসকল বন্ধ্যাত্বৰ বলি হয় ? কেনেকৈ এই সমস্যাৰ পৰা হাত সাৰিব পাৰি ?

WHOৰ তথ্য অনুসৰি, ভাৰতত বন্ধ্যাত্বৰ হাৰ ৩.৯ৰ পৰা ১৬.৮ শতাংশৰ ভিতৰত। এইমছ নতুন দিল্লীৰ এম ডি তথা জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ বৈশালী শৰ্মাই বন্ধ্যাত্ব কিয় হয় আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে কিছু কথা অৱগত কৰিছে ।

কোনবোৰ অভ্যাসৰ বাবে মহিলাসকল বন্ধ্যাত্বৰ বলি হয় ? কেনেকৈ এই সমস্যাৰ পৰা হাত সাৰিব পাৰি ?

প্ৰতীকী ফটো

Published: 

26 Feb 2025 18:04 PM

দেশত সন্তানহীনতা বা বন্ধ্যাত্বৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। WHOৰ তথ্য অনুসৰি, ভাৰতত বন্ধ্যাত্বৰ হাৰ ৩.৯ৰ পৰা ১৬.৮ শতাংশৰ ভিতৰত। বিশ্বৰ স্বাস্থ্য সংস্থাৰ মতে, যদি কোনো দম্পতীয়ে সন্তান জন্ম দিয়াৰ স্বাৰ্থত ১২ মাহ বা তাতকৈ অধিক সময় নিয়মীয়াকৈ অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰে আৰু তেতিয়াও যদি মহিলাগৰাকীয়ে গৰ্ভধাৰণ নকৰে তেন্তে ইয়াক বন্ধ্যাত্ব বুলি গণ্য কৰা হয়।

এইমছ নতুন দিল্লীৰ এম ডি তথা জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ বৈশালী শৰ্মাই বন্ধ্যাত্ব কিয় হয় আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে কিছু কথা অৱগত কৰিছে । ডাঃ বৈশালীয়ে কয় যে, আজিৰ সময়ত জীৱনশৈলী, প্ৰদূষণ আৰু চিকিৎসাজনিত অৱস্থাৰ পৰিৱৰ্তনৰ বাবে বন্ধ্যাত্বৰ সমস্যা বৃদ্ধি পাইছে।

পিচিঅ’এছ, এণ্ডোমেট্ৰিয়াছিছ, থাইৰয়ড ৰোগ, ডায়েবেটিছ আৰু মেদবহুলতাৰ দৰে সমস্যাও বন্ধ্যাত্বৰ সৃষ্টি কৰিব পাৰে। এতিয়া কেৱল মহিলাৰেই নহয় পুৰুষৰ ক্ষেত্ৰটো বন্ধ্যাত্বৰ সমস্যা বাঢ়িছে। কিয়নো শুক্ৰাণুৰ সংখ্যা কমি যোৱা আৰু ইৰেক্টিল ডিছফংচনৰ দৰে সমস্যাও পুৰুষৰ ক্ষেত্ৰত বৃদ্ধি পাইছে।

বন্ধ্যাত্বৰ চিকিৎসা কেনেকৈ কৰা হয়?

ডাঃ বৈশালীয়ে কয় যে, যদি কোনো দম্পতীয়ে বন্ধ্যাত্বত ভুগিছে, তেন্তে প্ৰথমে ঔষধ দিয়ে আৰু তাৰ পিছত প্ৰাকৃতিক উপায়েৰে গৰ্ভধাৰণৰ চেষ্টা কৰে। যদি এইটো সম্ভৱ নহয় তেন্তে গৰ্ভাশয়ৰ ভিতৰত প্ৰজনন কৰা হয়। যদি ইয়াৰ ফলতো সন্তান গৰ্ভধাৰণ নহয়, তেন্তে আইভিএফৰ আশ্ৰয় লোৱা হয়। এতিয়া চিকিৎসা বিজ্ঞানে এই ক্ষেত্ৰত অধিক অগ্ৰগতি কৰিছে।

এতিয়া কণী ফ্ৰীজিং আৰু চেৰ’গেচিৰ জৰিয়তে সন্তান গৰ্ভধাৰণ কৰিব পাৰি। পিছত যেতিয়া তেওঁলোকে গৰ্ভধাৰণৰ সিদ্ধান্ত লয় তেতিয়া কণীবোৰ ডিফ্ৰষ্ট কৰি IVF ত ব্যৱহাৰ কৰিব পাৰে। যোৱা কেইবছৰমানৰ পৰা বহুলোকে IVFৰ সহায় লোৱাৰ দেখা গৈছে।

বন্ধ্যাত্ব কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি

  • বন্ধ্যাত্বৰ সমস্যা প্ৰতিৰোধ কৰিবলৈ আপুনি খাদ্যৰ যত্ন ল’ব লাগিব ।
  • ধূমপান নকৰিব আৰু মদ্যপান কৰাৰ পৰা বিতৰত থাকিব ।
  • গৰ্ভনিৰোধক ঔষধ খোৱাৰ পৰা বিৰত থাকক ।
  • জীৱনশৈলী সঠিকভাৱে পালন কৰক ।
  • টোপনি আৰু সাৰ পোৱাৰ সময় নিৰ্ধাৰণ কৰক ।
  • প্ৰতিদিনে কমেও আধা ঘণ্টা ব্যায়াম কৰক ।
ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..