শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দামী ঔষধ নহয়, এইবিধ উদ্ভিদৰ দ্বাৰা কম হ’ব পাৰে শৰীৰ ফুলা সমস্যাঃ পতঞ্জলিৰ গৱেষণা

বিভিন্ন কাৰণত শৰীৰৰ কোনো অংশ ফুলি উঠা সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন ধৰি ফুলি থাকিলে ইয়াৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই ক্ষেত্ৰত পতঞ্জলিয়ে এক বিশেষ গৱেষণা কৰিছে য'ত দেখা গৈছে যে বিশেষ উদ্ভিদেও ফুলা নিয়ন্ত্ৰণ কৰিব পাৰে।

দামী ঔষধ নহয়, এইবিধ উদ্ভিদৰ দ্বাৰা কম হ’ব পাৰে শৰীৰ ফুলা সমস্যাঃ পতঞ্জলিৰ গৱেষণা
পতঞ্জলি
barasha-sarma
Barasha Sarma | Published: 24 Apr 2025 14:48 PM

শৰীৰত ইনফেলমেশ্যন বা ফুলা এক স্বাভাৱিক প্ৰক্ৰিয়া। আঘাত, সংক্ৰমণ বা অন্য কাৰণত কেতিয়াবা শৰীৰৰ অংশ ফুলি উঠা দেখা যায়। কিন্তু দীৰ্ঘদিন ধৰি শৰীৰৰ কোনো অংশ ফুলি থাকিলে সেয়া বিপদজনক হৈ পৰিব পাৰে। ইয়াৰ ফলত হৃদৰোগ, বাত বিষ আদি হোৱাৰ সম্ভাৱনাও থাকে। বহু সময়ত ফুলি উঠা কমাবলৈ এলোপেথিক ঔষধ দিয়া হয়। অৱশ্যে এইবোৰৰ বহু পাৰ্শ্বক্ৰিয়াও হ’ব পাৰে।

কিন্তু আপুনি জানেনে যে বাৰ্ডক গছত পোৱা আৰ্কটিজেনিনেও শৰীৰৰ ফুলা কম কৰিব পাৰে?  এই উদ্ভিদ দেশৰ বহু অঞ্চলত সহজে পোৱা যায়। ইয়াৰোপৰি ইযাৰ সহায়ত যিকোনো ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে। এই তথ্য পতঞ্জলি হাৰ্বেল গৱেষণা বিভাগ, পতঞ্জলি অনুসন্ধান প্ৰতিষ্ঠান, হৰিদ্বাৰৰ গৱেষণাত প্ৰকাশ পাইছে।

এই গৱেষণা গেভিন পাব্লিচাৰ্ছ জাৰ্নেলত প্ৰকাশ পাইছে। এই গৱেষণাৰ মূল গৱেষক হৈছে পতঞ্জলিৰ আচাৰ্য বালকৃষ্ণ। গৱেষণাত পোহৰলৈ আহিছে যে, আৰ্কটিজেনিন এক প্ৰাকৃতিক লিগনিন যৌগ যি বহু উদ্ভিদ বিশেষকৈ বাৰ্ডক (Arctium lappa)ত পোৱা যায়। ইয়াৰোপৰি ইয়াক Saussurea involucrata ৰ দৰে উদ্ভিদতো পোৱা যায়। আৰ্কটিজেনিনৰ এন্টি-ইনফ্লেমেটৰী, এন্টি-ভাইৰেল গুণ আছে। ইয়াৰ উপৰিও ইয়াৰ এন্টিঅক্সিডেন্ট গুণ আছে যিয়ে শৰীৰত উপস্থিত ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰি শৰীৰত কোষবোৰ দ্ৰুতগতিত বৃদ্ধি হোৱাত বাধা দিব পাৰে।

শৰীৰৰ কোনো ফুলাৰ পৰা কি বিপদ হ’ব পাৰে

শৰীৰৰ কোনো অংশ দীৰ্ঘদিন ধৰি ফুলি থাকিলে বাতবিষ, এলঝেইমাৰ, পাৰ্কিনছন, হৃদৰোগ আৰু স্নায়ুৰ অৱক্ষয়ী বিকাৰৰ সৃষ্টি হ’ব পাৰে। গৱেষণাৰ পৰা দেখা গৈছে যে Arctigenin এ শৰীৰত NF-κB ৰ প্ৰতিৰোধ কৰে, যাৰ ফলত ফুলা কমি যায়। আৰ্কটিজেনিনে প্ৰ’-ইনফ্লেমেটৰী চাইট’কাইনকো হ্ৰাস কৰে। ইয়াৰ উপৰিও ই অক্সিডেটিভ ষ্ট্ৰেছ হ্ৰাস কৰে। ইয়াৰোপৰি আৰু ই বিভিন্ন দিশ নিয়ন্ত্ৰণ কৰে। যিয়ে শৰীৰৰ ফুলা কম হোৱাত সহায় কৰে। ইয়াৰ ফলত গাঁঠিৰ বিষৰ পৰা সকাহ পোৱাৰ লগতে নিউৰ’-ডিজেনেৰেটিভ ডিছঅৰ্ডাৰৰ সম্ভাৱনাও হ্ৰাস কৰে।

মানুহে কৰিব পাৰিবনে ব্য়ৱহাৰ

গৱেষণাত কোৱা হৈছে যে ই এটা প্ৰাৰম্ভিক ফলাফল। বৰ্তমান এই গৱেষণা এন্দুৰৰ ওপৰত কৰা হৈছে। এনে পৰিস্থিতিত আৰ্কটিজেনিনৰ উপকাৰিতাৰ সন্দৰ্ভত বৃহৎ পৰিসৰৰ ক্লিনিকেল ট্ৰায়েলৰ প্ৰয়োজন। আৰ্কটিজেনিনৰ ফাৰ্মাকোকাইনেটিক্সৰ ওপৰতো অধিক গৱেষণাৰ প্ৰয়োজন। গতিকে পৰৱৰ্তী গৱেষণাৰ দ্বাৰাহে মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে জানিব পৰা যাব।

 

অন্য খবৰ পঢ়কঃ মুনাফাৰ বাবে নহয়, মানুহৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি পতঞ্জলিয়ে আনিছে গোলাপ চৰবত, বৃদ্ধি যোগান…