International Day Of Happiness 2025: ২০ মাৰ্চত কিয় উদযাপন কৰা হয় আন্তৰ্জাতিক সুখ দিৱস? জানক ইতিহাস, মহত্ব, থীম সকলো…
International Day of Happiness: প্ৰতি বছৰে ২০ মাৰ্চত আন্তৰ্জাতিক সুখ দিৱস উদযাপন কৰা হয়।এই দিৱসত বিশ্বজুৰি মানুহৰ জীৱনত সাৰ্বজনীন লক্ষ্য আৰু আকাংক্ষা হিচাপে সুখ আৰু মংগলৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অৱশ্যে এই সুখ দিৱস পালনৰ আৰম্ভণি বৰ পুৰণি নহয়। এই দিৱস উদযাপন আৰম্ভ হৈছিল ২০১৩ চনৰ পৰা অৰ্থাৎ ১২ বছৰ আগতে।

যদি আপুনি মুকলিকৈ জীৱনটো জীয়াই থাকিব বিচাৰে তেন্তে সুখী হ’বলৈ শিকক। সুখী হৈ আমি মানসিক চাপৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰো। লগতে আমাৰ মনটোও সক্ৰিয় হৈ থাকে। মানুহক সুখৰ গুৰুত্ব বুজাবলৈ প্ৰতি বছৰে ২০ মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক সুখ দিৱস পালন কৰা হয়। সুখ দিৱসৰ জৰিয়তে মানুহৰ মানসিক স্বাস্থ্য আৰু সুখী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। প্ৰতি বছৰে ৰাষ্ট্ৰসংঘই আজিৰ দিনটোতে নিজৰ সুখ সূচকাংক প্ৰকাশ কৰে। এই সূচকাংকৰ জৰিয়তে কোনখন দেশত কিমান মানুহ সুখী সেই কথা জানিবলৈ চেষ্টা কৰা হয়। আন্তৰ্জাতিক সুখ দিৱস কেতিয়াৰ পৰা উদযাপন কৰিবলৈ আৰম্ভ হ’ল আৰু এই বছৰৰ বিষয়বস্তু কি সেয়া জানো আহক..
প্ৰতি বছৰে ২০ মাৰ্চত আন্তৰ্জাতিক সুখ দিৱস উদযাপন কৰা হয়।এই দিৱসত বিশ্বজুৰি মানুহৰ জীৱনত সাৰ্বজনীন লক্ষ্য আৰু আকাংক্ষা হিচাপে সুখ আৰু মংগলৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অৱশ্যে এই সুখ দিৱস পালনৰ আৰম্ভণি বৰ পুৰণি নহয়। এই দিৱস উদযাপন আৰম্ভ হৈছিল ২০১৩ চনৰ পৰা অৰ্থাৎ ১২ বছৰ আগতে। কিন্তু ২০১১ চনত ৰাষ্ট্ৰসংঘৰ উপদেষ্টা জেমছ ইলিয়ানে সুখ দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ পিছৰ বছৰতে ২০১২ চনত এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘত এখন সন্মিলনৰ আয়োজন কৰা হয়, তাৰ পিছত ২০ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস উদযাপনৰ প্ৰস্তাৱ দিয়া হয়।
আন্তৰ্জাতিক সুখ দিৱসৰ ইতিহাস
সুখৰ সাধনাক মানৱীয় মৌলিক লক্ষ্য হিচাপে স্বীকৃতি দি ২০১২ চনত ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক সুখ দিৱস প্ৰতিষ্ঠা কৰিছিল। ‘Gross National Happiness’ (GNH) নীতিৰ বাবে পৰিচিত ভূটানৰ মতে জাতীয় উন্নয়ন কেৱল অৰ্থনৈতিক বিকাশৰ দ্বাৰা নহয়, নাগৰিকৰ সুখৰ দ্বাৰাহে জুখিব লাগে। ভূটানৰ এই ধাৰণাটো ২০১১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত উপস্থাপন কৰা হৈছিল, আৰু তাৰ পিছত ২০১২ চনত ৰাষ্ট্ৰসংঘই ২০ মাৰ্চক আনুষ্ঠানিকভাৱে ‘আন্তৰ্জাতিক সুখ দিৱস’ হিচাপে ঘোষণা কৰিছিল, তাৰ পিছত ২০১৩ চনৰ পৰা প্ৰতি বছৰে ইয়াক পালন কৰা হৈছে।
আন্তৰ্জাতিক সুখ দিৱসৰ মহত্ব
আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস এটা গুৰুত্বপূৰ্ণ দিন কাৰণ সুখ কেৱল আৱেগ নহয় বৰঞ্চ মানসিক, শাৰীৰিক আৰু সামাজিক কল্যাণৰ ভেটি। সুখী হোৱাটোৱে মানসিক স্বাস্থ্য আৰু সুস্থতা বৃদ্ধি কৰে। বৰ্তমান সময়ৰ দ্ৰুত গতিৰ জীৱনত মানসিক চাপ, উদ্বেগ আৰু হতাশাৰ দৰে সমস্যা বাঢ়িছে। এনে সময়ত এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে ইতিবাচক চিন্তা, সুষম জীৱনশৈলী আৰু পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে যে মানসিক শান্তি আৰু সুখ লাভ কৰিব পৰা যায়, সেই কথা মানুহক সোঁৱৰাই দিয়া। প্ৰকৃত সুখ নিসংগতাত নহয় বৰঞ্চ মানুহৰ মাজত প্ৰেম, সহযোগিতা আৰু পাৰস্পৰিক সম্পৰ্কতহে বাস কৰে। এই দিনটোৱে আমাক শিকাই যে, আনৰ লগত সুখ ভাগ কৰিলে আমাৰ নিজৰ সুখ বৃদ্ধি পায়। এই দিৱসটোৱে বিশ্বৰ দেশসমূহক কেৱল অৰ্থনৈতিক লাভৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে সামাজিক আৰু মানসিক সুস্থতাক অগ্ৰাধিকাৰ দিবলৈ অনুপ্ৰাণিত কৰে। লগতে আমাৰ মাজত ইতিবাচকতা আৰু দয়ালু মনোভাৱক প্ৰসাৰিত কৰে।
আন্তৰ্জাতিক সুখ দিৱস ২০২৫ৰ থীম
২০২৫ চনত আন্তৰ্জাতিক সুখ দিৱসৰ বিষয়বস্তু হৈছে “কেয়াৰিং এণ্ড শ্বেয়াৰিং।” এই বিষয়বস্তুৱে দেখুৱাই যে ইজনে সিজনৰ যত্ন লোৱা, সংযুক্ত অনুভৱ কৰা আৰু ডাঙৰ কিবা এটাৰ অংশ হোৱাৰ পৰা স্থায়ী সুখ লাভ কৰিব পৰা যায়। ই বিশ্বজুৰি ব্যক্তিসকলক দয়াৰ কামত লিপ্ত হ’বলৈ আৰু সম্পদৰ ভাগ-বতৰা কৰিবলৈ উৎসাহিত কৰে। যাৰ ফলত সম্প্ৰদায় আৰু সামূহিক মংগলৰ অনুভূতি গঢ়ি উঠে।