শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

International Mother Language Day Wish: আন্তৰ্জাতিক মাতৃভাষা দিৱসত আপোনজনলৈ প্ৰেৰণ কৰক বিশেষ বাৰ্তা

International Mother Language Day 2025: ভাষা কেৱল যোগাযোগৰ এক মাধ্যমে নহয়, ই আমাৰ সামাজিক আৰু সাংস্কৃতিক পৰিচয়। ভাৰতৰ কথা ক’লে আমাৰ দেশত বহু ভাষা কোৱা হয়। যিটো হৈ পৰে প্ৰতিখন ৰাজ্য আৰু তাত বসবাস কৰা জনসাধাৰণৰ পৰিচয়। আন্তৰ্জাতিক মাতৃভাষাৰ দিৱসৰ এই বিশেষ দিনটোত মানুহে ব্যৱহাৰ কৰা বিভিন্ন ভাষাক আকোৱালি লৈ আৰু সন্মান কৰি এখন ৰাষ্ট, এটা জাতিৰ সমৃদ্ধিক উদযাপন কৰিব পাৰে।

International Mother Language Day Wish:  আন্তৰ্জাতিক মাতৃভাষা দিৱসত আপোনজনলৈ প্ৰেৰণ কৰক বিশেষ বাৰ্তা
আন্তৰ্জাতিক মাতৃভাষা দিৱস
trishna-kalita
Trishna Kalita | Published: 21 Feb 2025 14:11 PM

আমাৰ জীৱনত ভাষাৰ অত্যন্ত গুৰুত্ব আছে। কাৰণ ভাষাৰ জৰিয়তেহে আমি আমাৰ অনুভৱ প্ৰকাশ কৰাৰ লগতে ইজনে সিজনৰ লগত কথা পাতিবলৈ সক্ষম হওঁ। প্ৰতিখন দেশৰ লগতে ৰাজ্যৰ নিজস্ব বেলেগ বেলেগ ভাষা আছে। আমাৰ দেশত বিভিন্ন ৰাজ্যৰ বহু ভাষা আছে, যিবোৰক তাত মাতৃভাষা বুলি কোৱা হয়। অৰ্থাৎ জন্মৰ পিছত এজন ব্যক্তিয়ে প্ৰথমে  যি ভাষা শিকে তাৰ মাতৃভাষা বোলে। ২১ ফেব্ৰুৱাৰীত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হয়। যাৰ উদ্দেশ্য সমগ্ৰ বিশ্বতে মাতৃভাষা সংৰক্ষণ আৰু প্ৰচাৰৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

ভাষা কেৱল যোগাযোগৰ এক মাধ্যমে নহয়, ই আমাৰ সামাজিক আৰু সাংস্কৃতিক পৰিচয়। ভাৰতৰ কথা ক’লে আমাৰ দেশত বহু ভাষা কোৱা হয়। যিটো হৈ পৰে প্ৰতিখন ৰাজ্য আৰু তাত বসবাস কৰা জনসাধাৰণৰ পৰিচয়। আন্তৰ্জাতিক মাতৃভাষাৰ দিৱসৰ এই বিশেষ দিনটোত মানুহে ব্যৱহাৰ কৰা বিভিন্ন ভাষাক আকোৱালি লৈ আৰু সন্মান কৰি এখন ৰাষ্ট, এটা জাতিৰ সমৃদ্ধিক উদযাপন কৰিব পাৰে। এই স্মৰণীয় দিনটোত ইয়াত আপোনাৰ বাবে কিছুমান শুভেচ্ছা, বাৰ্তা উল্লেখ কৰিছো। যিবোৰ আপুনি আপোনাৰ ঘনিষ্ঠ আৰু আপোনজনৰ সৈতে বিনিময় কৰিব পাৰে।

আন্তৰ্জাতিক মাতৃভাষা দিৱস ২০২৫ৰ শুভেচ্ছা

  • ভাষা হৈছে আমৰ হৃদয় আৰু সংস্কৃতিক সংযোগ কৰা মাধ্যম। আপোনালৈ বাবে আন্তৰ্জাতিক মাতৃভাষা দিৱস ২০২৫ৰ শুভকামনা!”
  • “আহক আমাৰ মাতৃভাষাৰ সৌন্দৰ্য্য উদযাপন কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰোঁ। আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ শুভেচ্ছা থাকিল!”
  • “আমাৰ মাতৃভাষা আমাৰ পৰিচয় আৰু ঐতিহ্যৰ প্ৰতিফলন। আমি সদায় ইয়াক সন্মান আৰু প্ৰতিপালন কৰিব লাগে!”
  • “আহক এই বিশেষ দিনটোত ভাষিক বৈচিত্ৰ্যক প্ৰসাৰিত কৰোঁ আৰু আমাৰ পৃথিৱীখনক অধিক চহকী কৰা প্ৰতিটো ভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰো। আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ শুভেচ্ছা থাকিল!”
  • “ভাষা ইতিহাস, সংস্কৃতি, আৰু প্ৰেমৰ বাৰ্তা বাহক! আমি আমাৰ মাতৃভাষাক লৈ গৌৰৱান্বিত, আহক আমি চিৰদিনৰ বাবে নিজৰ ভাষাক সংৰক্ষণ কৰোঁ!”

আন্তৰ্জাতিক মাতৃভাষা দিৱস ২০২৫ৰ বাৰ্তা

  • “আমাৰ মাতৃভাষা কেৱল শব্দ নহয়—ই আমাৰ ইতিহাস, সংস্কৃতি আৰু পৰিচয়ৰ বাহক। আহক আমি ইয়াৰ সৌন্দৰ্য্যক উদযাপন কৰোঁ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰোঁ!”
  • “ভাষা হৈছে এটা জাতিৰ আত্মা,  প্ৰতিটো ভাষাই মূল্য আৰু সুৰক্ষা পোৱাৰ যোগ্য। এই আন্তৰ্জাতিক মাতৃভাষা দিৱসত আহক আমি ভাষিক বৈচিত্ৰ্য , সাংস্কৃতি আৰু ঐতিহ্যক সন্মান জনাও।”
  • “মাতৃভাষাই এক জাতিক সমৃদ্ধ কৰে । আজি আৰু সদায় প্ৰতিটো মাতৃভাষাক সন্মান আৰু উদযাপন কৰোঁ আহক!”
  • “আমাৰ মাতৃভাষা হৈছে বিশ্বৰ সৈতে আমাৰ প্ৰথম সংযোগ, যিয়ে আমাৰ চিন্তা আৰু আৱেগক গঢ় দিয়ে। আহক আমি ভাষিক বৈচিত্ৰ্যক প্ৰতিপালন আৰু প্ৰসাৰিত কৰোঁ!”
  • “ভাষাই মানুহক একত্ৰিত কৰে আৰু সম্প্ৰদায়ক শক্তিশালী কৰে। এই আন্তৰ্জাতিক মাতৃভাষা দিৱসত আহক আমি প্ৰতিটো ভাষাক সুৰক্ষা প্ৰদান আৰু সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিওঁ আহক।”

লগতে পঢ়ক: আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস, বিশেষ দিনটোৰ ইতিহাস, থীম, তাৎপৰ্য সকলো জানক…