মানসিক চাপৰ বাবেও হয় নেকি ডায়েবেটিছ! বিশেষজ্ঞই কি কয়, চাওক…
সাম্প্ৰতিক সময়ত দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। বয়ষ্ক লোকসকলৰ লগতে কম বয়সীয়া লোকৰ মাজতো এতিয়া দ্ৰুতগতিত এই ৰোগ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। বহু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে মানসিক চাপৰ বাবেও ডায়েবেটিছ ৰোগ হ’ব পাৰে। সেয়ে আমি মানসিক চাপৰ পৰা যিমান দূৰ পাৰি, আঁতৰি থকাটো প্ৰয়োজনীয়।
সাম্প্ৰতিক সময়ত দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। বয়ষ্ক লোকসকলৰ লগতে কম বয়সীয়া লোকৰ মাজতো এতিয়া দ্ৰুতগতিত এই ৰোগ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। শৰীৰত পৰ্যাপ্ত পৰিমাণে ইনচুলিন উৎপাদন নহ’লে তেজত গ্লুক’জ জমা হ’বলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত ডায়েবেটিছ ৰোগ হয়। এই ৰোগত মানুহৰ তেজত চেনিৰ মাত্ৰা স্বাভাৱিকতকৈ বেছি হৈ পৰে। এই ৰোগ কেৱল মিঠা খাদ্য বা খাদ্যাভ্যাসৰ বাবেই নহয়, মানসিক চাপৰ বাবেও হয়।
বহু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে মানসিক চাপৰ বাবেও ডায়েবেটিছ ৰোগ হ’ব পাৰে। সেয়ে আমি মানসিক চাপৰ পৰা যিমান দূৰ পাৰি, আঁতৰি থকাটো প্ৰয়োজনীয়। মানসিক চাপৰ বাবে শৰীৰত কৰ্টিছল হৰম’নৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত ইনচুলিনৰ প্ৰভাৱ কমি যায়। ইয়াৰ কাৰণে তেজত গ্লুক’জৰ মাত্ৰা বাঢ়ি যায় আৰু তেজত চেনি মাত্ৰা নিয়ন্ত্ৰণহীন হৈ পৰে।
ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে কিছুমান সাধাৰণ পদক্ষেপ আছে। এই পদক্ষেপ সমূহ গ্ৰহণ কৰিলে আপুনি ডায়েবেটিছৰ পৰা হাত সাৰি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব পাৰে। মানসিক চাপ বৰ্তমান সময়ত এক চিন্তাৰ চিন্তাৰ বিষয় হৈ পৰিছে। বিশেষকৈ যুৱ চামৰ মাজত ইয়াৰ যথেষ্ট প্ৰভাৱ দেখা গৈছে। মানসিক চাপৰ বাবে বহু ৰোগে আমাক আগুৰি ধৰিছে। এইক্ষেত্ৰত ডায়েবেটিছ অন্যতম। এনে পৰিস্থিতিত আমি মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে সজাগ হোৱাটো প্ৰয়োজন।
যদি আমি ডায়েবেটিছৰ পৰা আঁতৰি থাকিব বিচাৰো তেন্তে প্ৰথমে আমি সুষম খাদ্য গ্ৰহণ কৰিব লাগিব। ইয়াৰ জৰিয়তে আমি ডায়েবেটিছৰ দৰে ৰোগৰ পৰা আঁতৰি থাকিব পাৰো। ইয়াৰ উপৰিও দৈনন্দিন জীৱনত শাৰীৰিক প্ৰৰিশ্ৰম কৰাটোও অত্যন্ত প্ৰয়োজনীয়। সময়মতে খাদ্য খোৱা, অত্যধিক মিঠাই, ভজা আৰু চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰাৰ সমান্তৰালকৈ মানসিক চাপৰ পৰা আঁতৰি জীৱন যাপন কৰা উচিত।
যোগাসন, ধ্যান, আৰু দৈনিক ৩০-৪৫ মিনিট ব্যায়ামে মানসিক চাপ কমোৱাত সহায় কৰে আৰু তেজৰ চেনি নিয়ন্ত্ৰণ কৰে। সম্ভৱ হ’লে অধিক খোজ কাঢ়িব। ডায়েবেটিছ ৰোগীয়ে কেৱল শাৰীৰিক স্বাস্থ্যই নহয়, মানসিক স্বাস্থ্যৰ প্ৰতিও বিশেষ যত্ন লোৱাটো জৰুৰী। যদি আপুনি মানসিকভাৱে শক্তিশালী তেন্তে বহু ৰোগৰ পৰা আঁতৰি থাকিব পাৰে। নিয়মীয়া ৰুটিন আৰু স্বাস্থ্যসন্মত জীৱনশৈলীৰ দ্বাৰা ডায়েবেটিছৰ লগতে মানসিক চাপৰ পৰাও আঁতৰি থাকিব পাৰি।