ডায়েবেটিছ ৰোগীয়ে গাখীৰ খোৱা উচিত নে ? বিশেষজ্ঞসকলে কি কয় ?
ডায়েবেটিছ ৰোগীক প্ৰচুৰ পৰিমাণে পুষ্টিৰ প্ৰয়োজন হয় । গতিকে এনে ক্ষেত্ৰত ডায়েবেটিছ ৰোগীয়ে গাখীৰ খাব পাৰে নে? এই বিশেষজ্ঞসকলে কি কয় জানোঁ আহক ।

ডায়েবেটিছ ৰোগীৰ বাবে গাখীৰ কিমান উপকাৰী ?
গাখীৰে শৰীৰক পুষ্টি প্ৰদান কৰে আৰু যদি গাখীৰত আন কিছুমান পদাৰ্থ যোগ কৰা হয় তেন্তে ই আৰু অধিক পুষ্টিকৰ হৈ পৰে। এতিয়া প্ৰশ্ন হয় যে, ডায়েবেটিছ ৰোগীক প্ৰচুৰ পৰিমাণে পুষ্টিৰ প্ৰয়োজন হয় । গতিকে এনে ক্ষেত্ৰত ডায়েবেটিছ ৰোগীয়ে গাখীৰ খাব পাৰে নে? এই সন্দৰ্ভত বিশেষজ্ঞসকলে কয় যে, গাখীৰত লেক্ট’জ নামৰ এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট থাকে, যাৰ ফলত তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে বেছিকৈ গাখীৰ খাব নালাগে।
যদি ডায়েবেটিছ ৰোগীয়ে গাখীৰ ভাল পায় তেন্তে তেওঁলোকে গাখীৰত কিছু পদাৰ্থ যোগ কৰিব লাগিব, যাৰ ফলত গাখীৰ তেওঁলোকৰ বাবে নিৰাপদ হৈ পৰিব। গাখীৰ ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী যদিও অতিৰিক্ত গাখীৰ খোৱাটো ক্ষতিকাৰক হ’ব পাৰে।
দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজয় কুমাৰে কয় যে, ডায়েবেটিছ ৰোগীয়ে যদি প্ৰচুৰ পৰিমাণে গাখীৰ খায় তেন্তে চুগাৰৰ মাত্ৰা বৃদ্ধি হোৱাৰ আশংকা থাকে। ইয়াৰ উপৰিও গাখীৰত চৰ্বি থাকে যি ডায়েবেটিছ ৰোগীৰ বাবে ক্ষতিকাৰক। গতিকে ডায়েবেটিছ ৰোগীয়ে কম চৰ্বিযুক্ত গাখীৰ খাব লাগে। সাধাৰণ ভাষাত কম চৰ্বিযুক্ত গাখীৰক স্কিমড মিল্ক বুলিও কোৱা হয়।
ডায়েবেটিছ ৰোগীৰ বাবে গৰুৰ গাখীৰ উপকাৰী হ’ব পাৰে। গৰুৰ গাখীৰত ২-বিটা কেচিন প্ৰটিন থাকে যিটো ম’হৰ গাখীৰৰ তুলনাত সহজে হজম হয়। যাৰ বাবে ই সামগ্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াৰ বাহিৰেও ডায়েবেটিছ ৰোগীয়ে হালধি মিহলাই গাখীৰ খাব পাৰে। হালধিত এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে যি ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে।
ইয়াৰ লগতে ডায়েবেটিছ ৰোগীয়ে গাখীৰত দালচেনি দি খাব পাৰে। দালচেনিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে।