চুৰিদাৰ ভাৰতীয় পোছাক নেকি? জানক সকলোৰে মাজত এই পোছাক জনপ্ৰিয় হোৱাৰ কাৰণ
Indian traditional dress explainer: ভাৰতৰ বিভিন্ন ৰাজ্যৰ খাদ্যৰ সোৱাদ, ভাষা, জীৱনশৈলী আৰু সাজ-পোছাকত পাৰ্থক্য দেখা যায়। সাজ-পোছাকৰ ক্ষেত্ৰত প্ৰায়বোৰ ৰাজ্যতে চুৰিদাৰ পিন্ধা দেখা যায় আৰু সেই অনুসৰি ইয়াৰ বিভিন্ন ডিজাইনো দেখা যায়। কিন্তু চুৰিদাৰ ভাৰতীয় পোছাক নেকি?
কোনো ব্যক্তিৰ সাজ-পাৰে যিদৰে ব্যক্তিজনৰ স্বভাৱ- চৰিত্ৰ অথবা ব্যক্তিত্বৰ পৰিচায়ক, সেইদৰে জাতীয় সাজ-পাৰ জাতিৰ সংস্কৃতিৰ পৰিচায়ক। ভাৰতীয় লোকসকল বৈচিত্ৰময় সংস্কৃতিৰ বাবে পৰিচিত। প্ৰতিখন ৰাজ্যৰ সাজ-পোছাক বেলেগ বেলেগ। আজিকালি পশ্চিমীয়া সংস্কৃতিৰ ফেশ্বন নৱপ্ৰজন্মৰ মাজত অধিক ট্ৰেণ্ডত আছে যদিও প্ৰতিটো বিশেষ অনুষ্ঠানত কিন্তু নিজৰ সাজ-পোছাক পৰিধান কৰা হয়।
ভাৰতৰ বিভিন্ন মঠ-মন্দিৰত ভাৰতীয় সাজ-পোছাক ধৰি দিয়া হৈছে। বৰ্তমান ভাৰতীয় সাজ-পোছাকৰ কথা আহিলে বেছিভাগ মানুহেই প্ৰথমে শাৰী আৰু চুৰিদাৰৰ কথা ভাবে। পঞ্জাৱত পাটিয়ালা চুট জনপ্ৰিয়, আনহাতে কাশ্মীৰত ইয়াক ডগৰি সুথান বুলি কোৱা হয়, আনহাতে হাৰিয়ানাত ইয়াক ছালৱাৰ-কামিজ বুলি কোৱা হয়। এইদৰে বিভিন্ন নামেৰে আজিও চুট আদিও ট্ৰেণ্ডত আছে।
ৰাজ্যৰ হিচাপত চুৰিদাৰ পিন্ধাৰ বহুতো ভিন্ন ডিজাইন আৰু ধৰণ দেখা যায়। ভাৰতৰ পৰম্পৰাগত সাজ-পোছাকত ইয়াক ইমানেই অন্তৰ্ভুক্ত কৰা হৈছে যে বেছিভাগ মানুহেই ইয়াক ভাৰতীয় সাজ-পোছাক বুলি ভাবে। ভাৰতত চুৰিদাৰৰ ইতিহাস যথেষ্ট পুৰণি হ’লেও ই সম্পূৰ্ণ ভাৰতীয় সাজ-পোছাক নহয়, বৰঞ্চ আমাৰ সংস্কৃতিত ইয়াক গ্ৰহণ কৰা হৈছে।
চুৰিদাৰ মোগল সংস্কৃতিৰ পৰা আহিছিল নেকি?
ফেশ্বন এক্সপাৰ্টসকলে পৰম্পৰাগত সাজ-পোছাকৰ বহু পৰীক্ষা-নিৰীক্ষা কৰিছিল, যাতে ট্ৰেণ্ড অনুসৰি পৰিৱৰ্তন কৰিব পৰা যায়। সেয়ে আজিও চুৰিদাৰ অতি আৰামদায়ক কাপোৰ, কিন্তু ইয়াৰ ৰূপ বহুত সলনি হৈছে। চুৰিদাৰ পিন্ধা ধাৰণাটো প্ৰথমে ভাৰতলৈ আহিছিল মোগলৰ পৰা। মোগল যুগত মহিলাসকলে ঘাগৰাৰ লগত কুৰ্তি পিন্ধিছিল। ইয়াৰ উপৰিও দীঘলীয়া কুৰ্তা আগতে পুৰুষৰো পোছাক আছিল। ইয়াৰ শিপা পাৰস্য আৰু মধ্য এছিয়াৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। তাৰ পিছত মোগলে ইয়াক গ্ৰহণ কৰিলে। মোগল শাসকসকলৰ সাজ-পোছাকৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতলৈ অহাৰ পিছত ভাৰততো ক্ৰমান্বয়ে চুৰিদাৰৰ ধাৰা বাঢ়ি আহিল।
এইদৰে চুৰিদাৰ জনপ্ৰিয় হৈ উঠিল
ভাৰতত চুৰিদাৰৰ জনপ্ৰিয়তাৰ কথা ক’বলৈ গ’লে, প্ৰথমে পঞ্জাৱত ইয়াক পৰম্পৰাগত সাজ-পোছাক হিচাপে পিন্ধিবলৈ আৰম্ভ কৰিছিল। আৰামদায়ক সাজ-পোছাক হোৱাৰ বাবে মহিলাসকলে প্ৰতিদিনে চুৰিদাৰ পিন্ধিবলৈ আৰম্ভ কৰিছিল। লাহে লাহে ই পৰম্পৰাগত সাজ-পোছাকলৈ পৰিণত হয়। ইয়াৰ পিছত ভাৰতৰ অন্যান্য অঞ্চল আৰু দক্ষিণ এছিয়াতো চুৰিদাৰ জনপ্ৰিয় হৈ পৰে। ফেশ্বন ডিজাইনাৰসকলে পিছত ডিজাইনতো বহু সাল-সলনি কৰিলে।
ভাৰতৰ ভিন্ন ৰাজ্যৰ মহিলাসকলৰ পৰম্পৰাগত সাজ-পোছাক
ভাৰতৰ পৰম্পৰাগত সাজ-পোছাকৰ কথা ক’বলৈ গ’লে, মহিলাসকলৰ মাজত শাৰী আটাইতকৈ জনপ্ৰিয়। দেশৰ বিভিন্ন ৰাজ্যৰ শাৰীক বিভিন্ন নামেৰে জনাজাত।
- মধ্যপ্ৰদেশ আৰু গুজৰাটৰ পৰম্পৰাগত সাজ-পোছাক হৈছে লেহেংগা-চোলি।
- হাৰিয়ানাৰ মহিলাসকলে ঘাগ্ৰা-কামিজ পিন্ধে।
- মেঘালয়ৰ মহিলাসকলৰ পৰম্পৰাগত সাজ-পোছাক হৈছে কা – জামিয়েন, কা-জেইনজেম্, ডকমণ্ডা
- মণিপুৰত পৰম্পৰাগতভাৱে মহিলাসকলে ফানেক্।
- মিজোৰ সাজপাৰ হৈছে পুৱান ( পাতলি )।
- অৰুণাচলত হাইতে আবি, সুপুং তাৰি, পুকাং আদি সাজ-পোছাক আছে।
- অসমৰ মহিলাসকলৰ পৰম্পৰাগত পোছাক মেখেলা-চাদৰ
এইদৰে ভাৰতৰ বিভিন্ন ৰাজ্যত পৰম্পৰাগত সাজ-পোছাকৰ ভিন্নতা দেখা যায়।