শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰঙালীৰে ওতঃপ্ৰোত সম্পৰ্ক থকা জেতুকাৰ উপকাৰিতা কি ? জানক

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । চলিছে বিহুৰ আখৰা,  ঢোল-পেঁপাৰ মাতত ৰজন জনাইছে ৰাজ্যৰ চৌপাশ । একেদৰে দুহাতত জেতুকা বুলাই বিহুলৈ সাজু হৈছে গাঁৱৰ গাভৰুসকল । বাপতি সাহোন ৰঙালীৰ সৈতে জেতুকাৰ আছে ওতঃপ্ৰোত সম্পৰ্ক । আপুনি জানেনে জেতুকাৰ উপকাৰিতা কি ?

ৰঙালীৰে ওতঃপ্ৰোত সম্পৰ্ক থকা জেতুকাৰ উপকাৰিতা কি ? জানক
জেতুকাৰ উপকাৰিতা
manas-borah
Manas Borah | Published: 07 Apr 2025 17:20 PM

পদূলিৰ মুখত হেঁপাহৰ ৰঙালী বিহু । অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । চলিছে বিহুৰ আখৰা,  ঢোল-পেঁপাৰ মাতত ৰজন-জনাইছে ৰাজ্যৰ চৌপাশ । একেদৰে দুহাতত জেতুকা বুলাই বিহুলৈ সাজু হৈছে গাঁৱৰ গাভৰুসকল । বাপতি সাহোন ৰঙালীৰ সৈতে জেতুকাৰ আছে ওতঃপ্ৰোত সম্পৰ্ক । আপুনি জানেনে জেতুকাৰ উপকাৰিতা কি ?

জেতুকাৰ ৫ টা উপকাৰিতা

  1. অসমীয়া সমাজত প্ৰচলিত ধাৰণা অনুসৰি জেতুকাই হাতৰ ছালৰ সমস্যা দূৰ কৰে । যেনে-ছালৰ খজুৱতি, ছাল কুমতীয়ে খোৱা সমস্যা দূৰ হয় । জেতুকাই পাতে হাত-ভৰি তলুৱা ছালৰ সমস্যা দূৰ কৰাৰ লগতে উজ্জ্বল কৰে ।
  2. একেদৰে জেতুকা নখৰ বাবেও ভাল । নখৰ সমস্যা যেনে-নখচুকীয়া, নখ খৰ, নখ ফটা, নখৰ চুকত বিষ হোৱা, ফুলি যোৱা আদি সমস্যা দূৰ কৰাত জেতুকাৰ পাত উপকাৰী ।
  3. জেতুকাৰ পাত চুলিৰ বাবে উপকাৰী । চুলিত জেতুকা সানিলে চুলি পকা সমস্যাৰ পৰা উপশম পাব পাৰি আৰু চুলি ক’লা হয় । একেদৰে চুলিৰ উফি হোৱা সমস্যাও দূৰ কৰে জেতুকাৰ পাতে।
  4. অসমীয়া সমাজত প্ৰচলিত ধাৰণা অনুসৰি, জেতুকাই বসন্ত ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে । প্ৰচলিত ধাৰণা অনুসৰি, ব’হাগ বিহুৰ প্ৰথম দিনটোত জেতুকাৰ পাত খুন্দি ভৰিৰ পতাত সানিলে বছৰটোৰ ভিতৰত বসন্ত ৰোগ নহয়।
  5. ইফালে, শৰীৰৰ দুৰ্গন্ধ, ঘাম আদিৰ পৰা পৰিত্ৰাণ পাবলৈ জেতুকা উত্তম । সীমিত পৰিমাণে জেতুকা পাতৰ ৰস পানীত মিহলাই গা-ধুব লাগে । ই শৰীৰৰ দুৰ্গন্ধ, ঘাম আদিৰ পৰা পৰিত্ৰাণ দিব ।