5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Karwa Chauth 2024: আজি কৰৱা চৌথ, দেশৰ বিভিন্ন ৰাজ্যত কেনেদৰে পালন কৰা হয় এই উৎসৱ?

Karwa Chauth Celebration: হিন্দু ধৰ্মৰ লোকসকলে পালন কৰা বিভিন্ন উৎসৱৰ মাজত কৰৱা চৌথৰো অতি মহত্ব আছে। এই দিনটোত বিবাহিত মহিলাসকলে তেওঁলোকৰ স্বামীৰ দীৰ্ঘজীৱনৰ বাবে সূৰ্য্যোদয়ৰ পৰা চন্দ্ৰোদয়ৰ সময়লৈ উপবাস ৰাখে। আপুনি জানেনে ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াক উদযাপন কৰাৰ পদ্ধতিও বেলেগ।

Karwa Chauth 2024: আজি কৰৱা চৌথ, দেশৰ বিভিন্ন ৰাজ্যত কেনেদৰে পালন কৰা হয় এই উৎসৱ?
কৰৱা চৌথ
trishna-kalita
Trishna Kalita | Updated On: 20 Oct 2024 09:37 AM

Karwa Chauth 2024: কৰৱা চৌথ উৎসৱ আজি অৰ্থা দেওবাৰে দেশজুৰি উদযাপন কৰা হৈছে। সমগ্ৰ ভাৰততে বিবাহিত মহিলাৰ এই উৎসৱ অতি উৎসাহেৰে উদযাপন কৰা হয়। এই দিনটোত মহিলাসকলে তেওঁলোকৰ স্বামীৰ দীঘলীয়া জীৱনৰ বাবে উপবাসে থাকে। মহিলাসকলে কৰৱা চৌথত ৰাতি চন্দ্ৰ দেখাৰ পাছতহে তেওঁলোকৰ উপবাস ভংগ কৰে। ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াক উদযাপন কৰাৰ ধৰণো বেলেগ।

পঞ্জাৱৰ পৰা আৰম্ভ কৰি দিল্লী, হাৰিয়ানা, হিমাচল, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানলৈ ইয়াক একেবাৰে বেলেগ ধৰণে উদযাপন কৰা হয়। এই ৰাজ্যসমূহত কৰৱা চৌথক লৈ উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। ইয়াত পূজাৰ থাল সজোৱাৰ পৰা পূজা কৰা নিয়মলৈ সকলোবোৰ পৃথক পৃথক। ভাৰতৰ বিভিন্ন ৰাজ্যত এই উৎসৱ কেনেদৰে উদযাপন কৰা হয় জানো আহক…

 

পাঞ্জাৱৰ চাৰ্গি

পঞ্জাৱত কৰৱা চৌথ সূৰ্য্যোদয়ৰ পূৰ্বে সৰ্গীৰে আৰম্ভ হয়। উৎসৱৰ দিনা শাহুৱেকে বোৱাৰীক ফল, মিঠাই আৰু পৰঠা দিয়ে। সন্ধিয়া সকলো মহিলাই পাঠ শুনে আৰু চন্দ্ৰলৈ চাই উপবাস ভাঙে।

উত্তৰ প্ৰদেশত মাটিৰ কাৰৱা

উত্তৰ প্ৰদেশত কৰৱা চৌথৰ উপবাসৰ পূৰ্বে মাটিৰে নিৰ্মিত কাৰৱা পানীৰে ভৰ্তি কৰা হয়। মহিলাসকলে গোটেই দিনটো একো নোখোৱাকৈ সন্ধিয়া পাঠ শুনে। তাৰ পাছত সন্ধিয়া চন্দ্ৰক অৰ্ঘ্য আগবঢ়োৱাৰ পাছত উপবাস খোলে।

ৰাজস্থানত দিয়া হয় বায়া

ৰাজস্থানত কৰৱা চৌথৰ দিনা বায়া দিয়াৰ নিময় আছে। প্ৰকৃততে বায়া বিবাহিত মহিলাসকলক তেওঁলোকৰ মাতৃৰ ঘৰৰ পৰা শহুৰৰ ঘৰলৈ প্ৰেৰণ কৰা হয়। বায়াত ফল, মিঠাই আৰু কাপোৰ পঠিওৱা হয়। ইয়াৰ উপৰিও তাত মহিলাসকলে মাটিত আকৃতি প্ৰস্তুত কৰে।

মহাৰাষ্ট্ৰ

মহাৰাষ্ট্ৰত কৰৱা চৌথৰ প্ৰৱণতা অলপ কম। ইয়াত মহিলাসকলে সাধাৰণভাৱে উপবাস ৰাখে আৰু স্বামীৰ দীৰ্ঘ জীৱনৰ বাবে প্ৰাৰ্থনা কৰে। সন্ধিয়া তেওঁলোকে বিশেষ কোনো চালনী অবিহনে চন্দ্ৰলৈ চাই অৰ্ঘ্য আগবঢ়াই উপবাস খোলে।

Latest News