Kati Bihu 2024: সমাগত কাতি বিহু, জানক তাৎপৰ্য, তাৰিখ আৰু কাতি বিহুৰ শুভেচ্ছা বাৰ্তা | Kati bihu 2024 date significance wish message quotes whatsapp facebook status Assam news - Assam Tv9

Kati Bihu 2024: সমাগত কাতি বিহু, জানক তাৎপৰ্য, তাৰিখ আৰু কাতি বিহুৰ শুভেচ্ছা বাৰ্তা

কাতি বিহু জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ । ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰ ভাৱে পালন কৰে । এই সময়তে সৰহ ভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ – অনাটনে কৃষক ৰাইঅজক হেঁচি ধৰে । সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে ।

Kati Bihu 2024: সমাগত কাতি বিহু, জানক তাৎপৰ্য, তাৰিখ আৰু কাতি বিহুৰ শুভেচ্ছা বাৰ্তা

কাতি বিহুৰ শুভেচ্ছা, তাৎপৰ্যৰ বিষয়ে জানক

Updated On: 

17 Oct 2024 10:00 AM

‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে ।’ কাতি বিহু জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ । আহিনৰ শেষ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে । এই বিহুৰ স’তে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি ।

অসমত পালন কৰা বিহু তিনিটা হ’ল: ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু। কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়।

অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰ ভাৱে পালন কৰি আহিছে । এই সময়তে সৰহ ভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ – অনাটনে কৃষক ৰাইঅজক হেঁচি ধৰে । সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে ।

কেতিয়া কাতি বিহু?

এইবাৰ ১৭ অক্টোবৰত ৰাজ্যত পালন কৰা হ’ব কাতি বিহু। গাঁৱে গাঁৱে কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। লোকবিশ্বাস অনুসৰি, আকাশ বন্তিৰ পোহৰত উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। অসমৰ স্থানবিশেষে আকাশ বন্তি পদূলিমুৰতো লগোৱা হয়। ইকৰা, নল, বা কুমলীয়া বাঁহৰ সৰু পাবেৰে আকাশ বন্তি সাজিব পাৰি। ছটুকুৰা সৰু ইকৰা বা নলৰ পাব লৈ ৰছীৰে সিঁ এটা পিৰামিড আকৃতিৰ গঠন সাজি লোৱা হয়। এই গঠনৰ তলৰফালে ওলোটা পিৰামিড আকৃতিৰ আন এক গঠন সজা হয়। ঔটেঙাৰ বখল বা মাটি চাকি দুয়োটা পিৰামিডৰ মাজৰ সমতল অংশত বা তলৰ ওলোটা পিৰামিডৰ শংকু অঞ্চলত ৰাখিব পাৰি। সাধাৰণতে এইদৰেই এই আকাশবন্তি সজা হয় আৰু ইয়াক পদূলিমূৰত ওখকৈ আঁৰি দিয়া হয়। মাজুলীৰ আউনীআটী সত্ৰত কাতিমাহত সমগ্ৰ মাহ ধৰি আকাশ বন্তি প্ৰজ্বলন কৰা হয়।

বিভিন্ন স্থানত ঘৰে ঘৰে পুৰুষসকলে গৈ নাম-প্ৰসংগ কৰে। এই গোটেই মাহটো ঘৰে ঘৰে নাম-প্ৰসংগ কৰা হয়।

শুভেচ্ছা বাৰ্তা

যদিও কাতি মাহত ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰ ভাৱে পালন কৰে তথাপিও বছৰটো ভালদৰে যাবলৈ পৰিয়ালৰ লগতে বন্ধু-বান্ধৱীৰ ঘৰ ধান-ধনেৰে নদন-বদন হ’বলৈ শুভেচ্ছা দিয়া হয়।

  1. কাতি বিহুৰ আকাশবন্তিৰ পোহৰেৰে উজলি উঠক অসমৰ সমাজ জীৱন, অনাগত দিনবোৰত পথাৰবোৰ সোণগুটিৰে উপচি শস্যশ্যামলা হৈ পৰক, কাতি বিহুৰ আন্তৰিক শুভেচ্ছা।
  2. নতুন সম্ভাৱনাৰে সোণোৱালী হৈ উঠক কৃষিজীৱী ৰাইজৰ সপোন, ধনে-ধানে ভৰক আপোনাৰ ঘৰ,কাতি বিহুৰ আন্তৰিক শুভেচ্ছা।
  3. তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে । কাতি বিহুৰ হিয়াভৰা শুভেচ্ছা যাচিলোঁ।
  4. কাতি বিহুৰ শুভ সন্ধিয়াত জ্বলি উঠিছে তুলসীৰ তলত আশাৰ চাকি আৰু পথাৰতো জ্বলি উঠিল সোণগুটিক আদৰণি জনোৱা আকাশবন্তি। কাতি বিহুৰ আন্তৰিক শুভেচ্ছা।
  5. কাতি বিহুৰ আকাশবন্তিৰ পোহৰে উজলাই তোলক কৃষিজীৱী ৰাইজৰ সপোন, উৰ্বৰা হৈ উঠক প্ৰতিখন খেতিপথাৰ আৰু ফচলেৰে উপচি পৰক হেঁপাহৰ প্ৰতিটো ভঁৰাল। কাতি বিহুৰ শুভেচ্ছা।

 

 

সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!