দোকানলৈ যাব নালাগে, ৰান্ধিবও নালাগে, দাঁত ঘঁহিলেই আপুনি পাব কেএফচিৰ ফ্ৰাইড চিকেনৰ সোৱাদ
শুই উঠিয়েই ভজা মাংসৰ সোৱাদ, তাকো কেএফচিৰ ফ্ৰাইড চিকেনৰ । তাৰ বাবে কোনো কেএফচি ফ্ৰেঞ্চাইজীলৈ যোৱাৰ প্ৰয়োজন নাই । দাঁত ঘঁহিলেই পাব চিকেনৰ সোৱাদ । জানক কেনেকৈ সম্ভৱ এয়া...

শোৱাৰ পৰা উঠিয়েই প্ৰায়ভাগ মানুহৰে এটা মুখ্য কাম কি বাৰু? নিশ্চয় দাঁত মাজা । বহুতে হয়তো ক’ব যে শুই উঠিয়েই প্ৰধান কাম হৈছে নিত্যকৰ্ম কৰা । সেয়াও হয়, তাৰ লগতে কিন্তু ইয়াৰ লগতে দাঁত মাজাটোও এক প্ৰধান কাম । কিয়নো বাহী মুখত কোনো খাদ্য খোৱাতো আমি পছন্দ নকৰোঁ আৰু ই স্বাস্থ্যৰ বাবেও উপকাৰী নহয় বুলি কোৱা হয় ।
পুৱা দাঁত মাজিবলৈ আমি যি টুথপেষ্ট ব্যৱহাৰ কৰোঁ তাৰ তাৰে কিছুমান নিমখীয়া, কিছুমান মিন্টযুক্ত, কিছুমান সামান্য জলা আদি বিভিন্ন সোৱাদৰ হয় । কিন্তু পুৱা শোৱাৰ পৰা উঠিয়েই যদি আপুনি মাংসৰ সোৱাদেৰে দাঁত মাজিবলৈ পায়, তেতিয়া কেনে লাগিব? ইতিমধ্যেই বজাৰলৈ আহিছে এই সোৱাদযুক্ত টুথপেষ্ট ।
ফ্ৰাইড চিকেনৰ নাম শুনিলে আপোনাৰো নিশ্চয় জিভাৰ পানী পৰে । বহু খাদ্যৰসিকে কেএফচিৰ ফ্ৰাইড চিকেনৰ সোৱাদ ল’বলৈ ভাল পায়। যদি পুৱা উঠিয়েই কেএফচিৰ চিকেনৰ সোৱাদ ল’বলৈ মন যায়, তেতিয়া কি কৰিব? তাৰো ব্যৱস্থা আছে ৰ’ব । পুৱা উঠিয়েই ৰেস্তোঁৰালৈ যাবলৈ নিশ্চয় মন নাযায় । তেন্তে কেনেকৈ লাভ কৰিব চিকেনৰ সোৱাদ? চিন্তা নাই পুৱা উঠিয়েই আপুনি চিকেনৰ সোৱাদ ল’ব পাৰিব । দাঁত মাজোতেই পাব পাৰিব এই সোৱাদ । কেএফচিয়ে গ্ৰাহকৰ বাবে প্ৰস্তুত কৰিছে এনে এক টুথপেষ্ট, যিটো মুখত দিয়াৰ লগে লগে আপুনি চিকেনৰ সোৱাদ পাব ।
কথাতো শুনি আপুনি নিশ্চয় আচৰিত হৈছে । টুথপেষ্টত চিকেনৰ সোৱাদ কেনেকৈ? কিন্তু এয়া সম্ভৱ কৰিছে কেএফচিয়ে । সামাজিক মাধ্যমত ভাইৰেল হৈছে কেএফচিৰ চিকেনৰ সোৱাদযুক্ত টুথপেষ্টৰ ভিডিঅ’ । টুথপেষ্ট প্ৰস্তুতকাৰী কোম্পানী Hismile ৰ সৈতে যৌথভাৱে এই নতুন টুথপেষ্ট গ্ৰাহকৰ বাবে প্ৰস্তুত কৰিছে কেএফচিয়ে । বিখ্যাত কোম্পানী কেএফচিৰ ১১ টা উপকৰণ আৰু মছলা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে টুথপেষ্টটো । নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি, ১ এপ্ৰিলত বজাৰত মুকলি কৰা হয় এই নতুন টুথপেষ্ট । বহুজনে এই টুথপেষ্ট ব্যৱহাৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
কাই ক্ৰুগাৰ নামৰ এজন ব্যক্তিয়ে ইনষ্টাগ্ৰামত কেএফচিৰ চিকেন টুথপেষ্ট ব্যৱহাৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । পোষ্টটোৰ শিৰোনামত তেওঁ লিখিছে- “এইটোৱেই সম্ভৱতঃ আটাইতকৈ আচৰিত বস্তু, যিটো মই মুখত লৈছোঁ । কেএফচিয়ে সঁচাকৈয়ে ফ্ৰাইড চিকেন ফ্লেভাৰৰ টুথপেষ্ট তৈয়াৰ কৰিছে । মই সেই টুথপেষ্টেৰে দাঁত মাজিছোঁ ।”
View this post on Instagram
তেওঁৰ ভিডিঅ’টোত টুথপেষ্টৰ লগতে এডাল ইলেক্ট্ৰিক টুথব্ৰাছো দেখা গৈছে । কেএফচিৰ এটা পেকেটৰ পৰা তেওঁ সেইসমূহ উলিয়াই দেখুৱায় । তাৰ পাছত তেওঁ হাঁহি হাঁহি কয়, “মই এতিয়া কেএফচিৰ ফ্ৰাইড চিকেন ফ্লেভাৰৰ টুথপেষ্ট লৈছোঁ । আশা কৰোঁ ইয়াৰ সোৱাদ ফ্ৰাইড চিকেনৰ দৰেই হ’ব ।” অৱশ্যে টুথপেষ্ট ব্যৱহাৰ কৰি তেওঁৰ বিশেষ ভাল নলগা যেন অনুমান হৈছে । তেওঁ কয় যে মুখত তেলৰ এটা সোৱাদ ৰৈ যায় ।
ভাৰতত এই টুথপেষ্টৰ দাম হৈছে ১১১৮ টকা । ইতিমধ্যে বিক্ৰীও হৈছে । যদি পুৱাতেই চিকেনৰ সোৱাদ ল’ব খোজে, তেন্তে এই টুথপেষ্টে হয়তো আপোনাৰ ইচ্ছা পূৰণ কৰিব পাৰে ।