শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজিয়েই ত্যাগ কৰক এই ৫ অভ্যাস! অন্যথা ২৫ বছৰৰ পাছতেই কিডনী হৈ পৰিব দুৰ্বল…

আজিকালি মানুহৰ মাজত বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যাই গা কৰি উঠে। তাৰ ভিতৰত বৃক্কজনিত সমস্যাও অন্যতম। ইয়াৰ বাবে আমি আমাৰ কিছুমান অভ্যাস সলনি কৰা প্ৰয়োজন।

আজিয়েই ত্যাগ কৰক এই ৫ অভ্যাস! অন্যথা ২৫ বছৰৰ পাছতেই কিডনী হৈ পৰিব দুৰ্বল…
বৃক্কImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 13 Mar 2025 07:04 AM

সুস্থ জীৱন যাপন কৰিবলৈ মানুহে শৰীৰৰ ওপৰত গুৰুত্ব দিয়া অতি প্ৰয়োজন। খাদ্য আৰু জীৱনশৈলীৰ প্ৰভাৱ এজন ব্যক্তিৰ শৰীৰত পৰে। আমি খোৱা খাদ্যই আমাক শক্তি প্ৰদান কৰে আৰু জীৱনশৈলীয়ে আমাক সুস্থ কৰি ৰখাত সহায় কৰে। কিন্তু আজিকালি বহু ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা সাধাৰণ হৈ পৰিছে। ইয়াৰ ভিতৰত বৃক্ক (kidney) ৰোগো অন্যতম। আমাৰ খাদ্য আৰু জীৱনশৈলীয়ে আমাৰ বৃক্কতো প্ৰভাৱ পেলায়।

বৃক্ক বা কিডনী আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰত ফিল্টাৰ বা চালনীৰ দৰে কাম কৰে। যিয়ে আমাৰ শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ আঁতৰাই পেলায়। বৃক্কৰ ৰোগক চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। এনে পৰিস্থিতিত বৃক্ক সুস্থ কৰি ৰাখিবলৈ খাদ্যৰ লগতে জীৱনশৈলীৰ প্ৰতিও গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। আমাৰ কিছুমান অভ্যাসে বৃক্কৰ ক্ষতি কৰিব পাৰে।

এই সন্দৰ্ভত দিল্লীৰ শ্ৰী বালাজী একচন মেডিকেল ইনষ্টিটিউটৰ নেফ্ৰ’লজী আৰু কিডনী ট্ৰান্সপ্লাণ্টৰ সঞ্চালক ডাঃ ৰাজেশ আগৰৱালাই কয় যে বৃক্ক সম্পৰ্কীয় সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশষকৈ ২৫ বছৰ বয়সৰ পিছত বৃক্কৰ কাৰ্য্যক্ষমতাত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। যদি এই সময়ত আমাৰ কিছুমান অভ্যাসৰ সাল-সলনি কৰা নহয় তেন্তে ভৱিষ্যতে ই গুৰুত্বৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।

বৃক্কক ক্ষতিসাধন কৰিব পৰা ৫ টা অভ্যাস

  • পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱা

চিকিৎসকে কয় যে, দিনটোৰ ভিতৰত পৰ্যাপ্ত পানী খোৱা আৱশ্যক। যদি নাখাই তেন্তে বৃক্কত প্ৰভাৱ পৰে। বৃক্ক সুস্থ কৰি ৰাখিবলৈ দৈনিক সঠিক পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়। আমি যেতিয়া পানী কমকৈ খাওঁ তেতিয়া শৰীৰত থকা বিষাক্ত পদাৰ্থ আৰু অৱশিষ্ট পদাৰ্থবোৰ বৃক্কৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হ’ব নোৱাৰে।

  •  জাংক ফুড আৰু বেছি নিমখ

আজিকালি বহুতৰ জাংক ফুড প্ৰিয়। কিন্তু এনে খাদ্যত তেল, নিমখ বা প্ৰচেছড উপাদান ব্যৱহাৰ কৰা হয়। বেছিকৈ নিমখ খালে ৰক্তচাপ বৃদ্ধি পায় আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ বৃক্কত পৰে।

  • বিষৰ ঔষধ

বহু লোকে মূৰৰ বিষ বা আন কোনো সমস্য়া হলে বিষৰ ঔষধ লয়। কিন্তু এই ঔষধ অতিৰিক্ত সেৱন কৰিলে বৃক্কৰ ক্ষতি হয় আৰু দীৰ্ঘদিন ধৰি সেৱন কৰিলে বৃক্ক বিকল হ’ব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো বিষনাশক বা ঔষধ খাব নালাগে।

  • প্ৰস্ৰাৱ ৰখোৱা

কিছুমান লোকে বাৰে বাৰে প্ৰস্ৰাৱ ৰখায়। কিন্তু এই অভ্যাস বৃক্কৰ বাবে অতি বিপদজনক হ’ব পাৰে। প্ৰস্ৰাৱ ধৰি ৰাখিলে প্ৰস্ৰাৱৰ মূত্ৰাশয় আৰু বৃক্কত অতিৰিক্ত চাপ পৰে আৰু ক্ৰমান্বয়ে বৃক্ক দুৰ্বল হ’ব পাৰে।

  • মদ আৰু চিগাৰেট

আজিকালি যুৱক-যুৱতীসকলৰ মাজত মদ আৰু চিগাৰেট সেৱন বৃদ্ধি পাইছে। কিন্তু মদ আৰু চিগাৰেটৰ প্ৰত্যক্ষ প্ৰভাৱো বৃক্কত পৰে। কাৰণ মদ্যপান কৰিলে ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়। একেদৰে চিগাৰেটত থকা নিকোটিন আৰু অন্যান্য বিষাক্ত পদাৰ্থই তেজ দূষিত কৰে, যাৰ বাবে বৃক্কে অধিক কষ্ট কৰিবলগীয়া হয়। এনেবোৰ অভ্যাসে বৃক্ক দুৰ্বল কৰি তোলে।