শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কিডনীত পাথৰ হ’লে কেনেধৰণৰ লক্ষণে দেখা দিয়ে ? শৰীৰৰ কোনটো অংশত অনুভৱ হয় বিষ ? জানক

যদি কিডনীত পাথৰ হয় তেন্তে ইয়াৰ লক্ষণসমূহ কি কি জানেনে ? বহুতে পেটত বিষ অনুভৱ কৰিলেই কিডনীত পাথৰ হোৱা বুলি সন্দেহ কৰে আৰু বহুতে এই বিষ পেটত হয় নে কঁকালত হয় সেয়া বুজিব নোৱাৰে ।

কিডনীত পাথৰ হ’লে কেনেধৰণৰ লক্ষণে দেখা দিয়ে ? শৰীৰৰ কোনটো অংশত অনুভৱ হয় বিষ ? জানক
কিডনীত পাথৰ হ'লে কি কি লক্ষণে দেখা দিয়ে ?
manas-borah
Manas Borah | Updated On: 02 Feb 2025 22:40 PM

কিডনীত পাথৰ হোৱা সমস্যা একেবাৰে সাধাৰণ হৈ পৰিছে । অস্বাস্থ্যকৰ খাদ্য়াভ্যাস আৰু জীৱনশৈলীয়ে এই সমস্যা সম্ভাৱনা অধিক বৃদ্ধি কৰিছে । এই সমস্যা সৃষ্টি হোৱাৰ এটা প্ৰধান কাৰণ হৈছে, কম পৰিমাণৰ পানী সেৱন । যদি কিডনীত পাথৰ হয় তেন্তে ইয়াৰ লক্ষণসমূহ কি কি জানেনে ? বহুতে পেটত বিষ অনুভৱ কৰিলেই কিডনীত পাথৰ হোৱা বুলি সন্দেহ কৰে আৰু বহুতে এই বিষ পেটত হয় নে কঁকালত হয় সেয়া বুজিব নোৱাৰে ।

কিডনীত পাথৰ হ’লে বিষ ক’ত কেনেদৰে অনুভৱ হয় জানক

  1. কিডনীত পাথৰ হ’লে, ইয়াৰ বিষ কঁকালৰ পৰা আৰম্ভ কৰি পেট আৰু উৰুলৈ বিয়পিব পাৰে। বিষ কিমান তীব্ৰ হ’ব সেয়াও পাথৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। যদি বিষ তীব্ৰ হয় বা বাৰে বাৰে হয় তেন্তে ইয়াক আওকাণ নকৰিব আৰু লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।
  2. কিডনীত পাথৰ হোৱাৰ বিষ বেছিভাগেই কঁকাল আৰু কঁকালৰ তলৰ অংশৰ ওচৰত অনুভৱ কৰে । অৱশ্যে বিষৰ স্থানো সলনি হ’ব পাৰে। এই সময়ছোৱাত ৰোগীয়ে অসহ্যকৰ বিষ অনুভৱ কৰিবলৈ আৰম্ভ কৰে।
  3. যেতিয়া পাথৰটো কিডনীতে থাকে তেতিয়া কঁকালৰ তলৰ অংশ আৰু কঁকালৰ কাষত বিষ হয় । যদি পাথৰটো কিডনীৰ পৰা তললৈ পিছলি গৈ প্ৰস্ৰাৱৰ নলীত যায় তেন্তে বিষটো আৰম্ভ হয় পেটৰ তলৰ অংশত। কিডনীৰ পাথৰ তললৈ গ’লে উৰু আৰু প্ৰস্ৰাৱৰ অংশতো বিষ অনুভৱ কৰিব পাৰে।
  4. বিষ অতি তীব্ৰ আৰু অসহ্যকৰ হ’ব পাৰে, হঠাতে আৰম্ভ হৈ ক্ৰমান্বয়ে বৃদ্ধি পাব পাৰে। বিষ এটা ঠাইত নাথাকে, এই বিষ শৰীৰৰ বিভিন্ন অংশত অনুভৱ কৰিব পাৰে। কেতিয়াবা এই বিষ ইমানেই তীব্ৰ হৈ পৰে যে ৰোগীৰ অৱস্থা বেয়া হ’বলৈ আৰম্ভ কৰে। কেতিয়াবা বমিও হ’ব পাৰে।
  5. কিডনীত পাথৰ হ’লে প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হ’ব পাৰে। কেতিয়াবা প্ৰস্ৰাৱৰ লগত তেজ ওলাব পাৰে। তদুপৰি সঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে । কেতিয়াবা সঠিকভাৱে প্ৰস্ৰাৱ নহ’বও পাৰে ।
  6. যদি বিষ তীব্ৰ হৈ পৰে, সহ্য কৰিব নোৱাৰা হৈ পৰে, প্ৰস্ৰাৱত তেজ যায়, জ্বৰ বা বমি হয়, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। ইয়াৰ লগতে এই সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু নিমখ আৰু প্ৰটিনযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।