ভোগালী মানেই ভোগ, জানো আহক বিহুৰ পিঠা-পনা আৰু থলুৱা খাদ্য সম্ভাৰৰ বিষয়ে

পদূলিমুখত অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু। ভোগালীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যজুৰি ভোগালী বিহুক লৈ ব্যাপক উৎসাহ-উদ্দীপনা। ভোগালী বুলিলেই চৌদিশে পিঠা-পনা, থলুৱা খাদ্য সম্ভাৰ। আজি জানো আহক ভোগালী বিহুত বনোৱা পিঠাৰ বিষয়ে।

ভোগালী মানেই ভোগ, জানো আহক বিহুৰ পিঠা-পনা আৰু থলুৱা খাদ্য সম্ভাৰৰ বিষয়ে

ভোগালী মানেই ভোগ!

Updated On: 

08 Jan 2025 23:25 PM

ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। উৰুকালৈ সাজু হৈছে প্ৰতিজন অসমীয়া। উৰুকাৰ নিশা হাঁহে-মাহে, লগে-ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে ৰাইজে।

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।

ভোগালী বিহু আৰু ৰঙালী বিহুত পিঠা-পনা খোৱাৰ পৰম্পৰা আছে। পিঠা হৈছে চাউলগুড়িৰ পৰা প্ৰস্তুত কৰা পাৰম্পৰিক অসমীয়া খাদ্য। পিঠাৰ বিভিন্ন প্ৰকাৰ আছে আৰু অসমীয়া জনজীৱনত ইয়াৰ বিশেষ গুৰুত্ব আছে। অসমীয়া ৰঙালী আৰু ভোগালী বিহুত বিভিন্ন প্ৰকাৰৰ পিঠা প্ৰস্তুত কৰি আলহীক আপ্যায়ন কৰাৰ লগতে অন্যান্য বিভিন্ন উৎসৱ বা ঘৰুৱা অনুষ্ঠানটো পিঠা পৰিৱেশন কৰা হয়। ই এক স্বাস্থসন্মত খাদ্য আৰু অসমীয়া সমাজ আৰু সামাজিক প্ৰথাত ইয়াৰ এক বিশিষ্ট ভূমিকা আছে। অৱশ্যে বৰ্তমান (২০১২ চন) ব্যস্ত জীৱনত ঘৰত পিঠা বনোৱাতকৈ বজাৰত কিনিবলৈ পোৱা পিঠা বহুতে ব্যৱহাৰ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত পিঠা আৰু আনুষংগিক মিঠাই যেনে তিলৰ লাড়ু আদি প্ৰস্তুতিকৰণে এক কুটিৰ শিল্পৰ ৰূপ লৈছে। অৱশ্যে অসমৰ স্থানসাপেক্ষে যি কোনো মিঠাই জাতীয় খাদ্যক পিঠা বুলি কোৱা দেখা যায়। তিল পিঠা, নাৰিকল পিঠা, চুঙা পিঠা,লাড়ু,সান্দহ আদি বিহুত খোৱাৰ পৰম্পৰা আছে। আজি জানো আহক বিহুৰ পিঠাৰ বিষয়ে।

তিল পিঠা বা নাৰিকল পিঠা

কেঁচা পিঠাগুৰিৰ এটা পাতল প্ৰলেপ গৰম টাৱা, কেৰাহী বা তেনে জাতীয় ৰন্ধন পাত্ৰৰ ওপৰত মেলি তাৰ মাজত তিল আৰু গুড়ৰ মিশ্ৰণ দি দুয়োফালৰ পৰা ভাঁজ কৰি নুৰা বান্ধি এই পিঠা প্ৰস্তুত কৰা হয়। পিঠাগুৰিৰ এই ভাঁজ নুৰা বন্ধা বা চুঙাৰ দৰে হ’লে তাক তিল পিঠা আৰু অৰ্ধচন্দ্ৰাকাৰ হ’লে তাক জোন পিঠা বোলে। মাজত দিয়া মিশ্ৰণটো সলাই চেনি আৰু নাৰিকলৰ মিশ্ৰণো দিয়া হয়। তেতিয়া এই পিঠাক নাৰিকল দিয়া তিল পিঠা বুলিও কোৱা হয়। তিল পিঠাৰ পিঠাগুৰি খুন্দি মিহি চালনিৰে চলাৰ পাছত সেমেকা ভাৱটো নাযাবৰ বাবে সাৱধান হ’ব লাগে। পিঠাগুৰিখিনি শুকাই গ’লে বা খৰচীয়া হ’লে পিঠা সাজিবলৈ অসুবিধা হয়। পুৰণি বৰা চাউল হ’লেও তিল পিঠা সাজিবলৈ অসুবিধা। টিলখিনি প্ৰথমে ভাজি লৈ সামান্য খুন্দি লোৱা হয়। এই তিলৰ গুৰাৰ সৈতে বালি অঁহিয়া গুৰ মিহিকৈ কাটি মিশ্ৰণ কৰা হয়। নতুবা নাৰিকল ৰুকি ইয়াৰ পৰা ৰসখিনি চেপি উলিয়াই লৈ চেনিৰ সৈতে মিশ্ৰণ কৰা হয়। অতীজত ইয়াক মাটিৰ খোলাত বনাইছিল বাবে ইয়াক খোলাচপৰীয়া পিঠাও বোলা হয়। কাঠ খৰিৰ জুইত বনোৱা হয় বাবে তিল পিঠাত এক জুইৰ ধোঁৱাৰ বিশেষ সোৱাদ মিহলি হয়। তেল নোহোৱাকৈ বনোৱা হয় বাবে পিঠা গুৰিৰ আৱৰণটো খাবলৈ মচমচিয়া হয় আৰু ভিতৰৰ তিল গুৰ বা নাৰিকল চেনিৰ মিশ্ৰণটোৱে জিভালৈ মিঠা সোৱাদ আনে।

লুথুৰী পিঠা

পিঠাগুড়ি, এৱা গাখীৰৰ সৈতে গুড় বা চেনি মিহলাই থপথপীয়াকৈ সিজোৱা পিঠাই হৈছে লুঠুৰী পিঠা। বহু ক্ষেত্ৰত লুঠুৰী পিঠাক অকল লুঠুৰী বুলিয়েই কোৱা হয়।

চুঙা পিঠা আৰু চুঙা চাউল

কুমলীয়া বাঁহ এপাব কাটি চুঙা বনাই এই চূঙাত চুঙা পিঠা প্ৰস্তুত কৰা হয়। কোনোৱে চুঙাৰ পিঠি বখলিয়াই বুকু উলিয়াই লয়, কোনোৱে নলয়। গুড়, গাখীৰ মিশ্ৰিত পিঠাগুড়ি বা বৰজহা চাউল বা বৰা চাউল এই চুঙাত দি চুঙাৰ মুখখন কলপাতেৰে সোপা দি জুইৰ তাপত সিদ্ধ কৰি এই পিঠা প্ৰস্তুত কৰা হয়। চাউলেৰে বনালে ইয়াক চুঙা চাউল বোলে। ইয়াক সৰ থকা গাখীৰ আৰু গুৰৰ লগত খাবলৈ সৰ্বোত্তম।

সুতুলি পিঠা

এই পিঠাৰ আকৃতি সুতুলি নামৰ বাদ্যটোৰ দৰে দেখিবলৈ একে বাবে সুতুলি পিঠা বোলে। প্ৰথমে বৰা চাউলৰ পিঠাগুড়ি পানী মিহলাই লাৰু বনায়। ইয়াৰ অন্তত হাতেৰে চেপেটা কৰি তিল আৰু গুড় দি তেলত ভজা হয়।

ঘিলা পিঠা

এই পিঠাৰ আকৃতি ঘিলাটোৰ দৰে হোৱাৰ বাবে ইয়াক ঘিলা পিঠা বোলে। সাধাৰণতে এই পিঠা প্ৰস্তুত কৰিবলৈ আৰৈ চাউলৰ পিঠাগুড়িৰ লগত বৰা চাউলৰ পিঠাগুড়ি মিহলি কৰি লোৱা হয়। ইয়াৰ অন্তত গুড়, চেনি বা নিমখ মিহলি কৰি পানী সানি লাৰু কৰি ঘিলাৰ দৰে চেপেটা কৰি মিঠাতেলত ভজা হয়।

 

শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে
পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?