World Tourism Dayৰ বিষয়বস্তু হৈছে ‘পৰ্যটন আৰু শান্তি’, ভাৰতৰ এই স্থানসমূহত এবাৰ গ'লে আপুনি পাব শান্তি | Know about some beautiful visit places in India on the day of Tourism Day Assam news - Assam Tv9

World Tourism Dayৰ বিষয়বস্তু হৈছে ‘পৰ্যটন আৰু শান্তি’, ভাৰতৰ এই স্থানসমূহত এবাৰ গ’লে আপুনি পাব শান্তি

Updated On: 

27 Sep 2024 09:29 AM

২৭ ছেপ্টেম্বৰৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ জৰিয়তে মানুহক পৰ্যটনৰ গুৰুত্ব বুজিবলৈ আৰু ইয়াৰ প্ৰতি সচেতন কৰিবলৈ এক প্ৰচেষ্টা চলোৱা হয়। এইবাৰ পৰ্যটন দিৱসৰ থিম ৰখা হৈছে 'পৰ্যটন আৰু শান্তি'। ভাৰতৰ এই ঠাইবোৰ ভ্ৰমণ কৰক কাৰণ ইয়াৰ শান্তিপূৰ্ণ পৰিবেশে মনক সজীৱ কৰি ৰাখক।

World Tourism Dayৰ বিষয়বস্তু হৈছে ‘পৰ্যটন আৰু শান্তি’, ভাৰতৰ এই স্থানসমূহত এবাৰ গলে আপুনি পাব শান্তি

World Tourism Dayৰ বিষয়বস্তু হৈছে ‘পৰ্যটন আৰু শান্তি’

Follow Us On

বিভিন্ন ঠাই দৰ্শণ আৰু আমোদ-প্ৰমোদৰ বাবে পৰিভ্ৰমণ কৰা কাৰ্যই হৈছে পৰ্যটন। অসম তথা ভাৰতবৰ্ষত বৰ্তমান বিভিন্ন পৰ্য্যটন ক্ষেত্ৰ গঢ়ি উঠিছে। ১৯৮০চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২৭ছেপ্তেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে। বিশ্ব পৰ্যটন দিৱসৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু-সমন্বয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তন আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য। ১৯৭০ চনৰ ২৭চেপ্তেম্বৰত বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন পৰিনিয়ম গ্ৰহণ কৰিছিল। ১৯৯৭চনৰ পৰা প্ৰতি বছৰে একোটা নতুন বিষয়-বস্তু (থিম) লৈ বিশ্ব পৰ্যটন দিৱস উদ্যাপন কৰি অহা হৈছে। বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই থিম যুগুত কৰা হয়।

জয়পুৰ

জয়পুৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজধানী তথা বৃহত্তম চহৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি, ৩১ লাখ লোকৰ সৈতে ই ভাৰতৰ দশম আটাইতকৈ জনবহুল চহৰ। ইয়াক গোলাপী নগৰ (Pink City) বুলিও জনা যায় কাৰণ ইয়াৰ অধিকাংশ অট্টালিকাৰ ৰং গুলপীয়া। ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ পৰা ইয়াৰ দূৰত্ব ২৬৮ কি:মি: (১৬৭ মাইল)।

জয়পুৰ ভাৰতৰ এক জনপ্ৰিয় পৰ্যটন স্থল আৰু ই দিল্লী আৰু আগ্ৰাসহ পশ্চিমীয়া গ’ল্ডেন ট্ৰায়েংগেল টুৰিষ্ট চাৰ্কিটৰ এক অংশ। ই ৰাজস্থানৰ অন্য পৰ্যটন স্থল যেনে- যোধপুৰ, জয়শালমেৰ, উদয়পুৰ, কোটা, আবু পৰ্বত আদিৰ প্ৰৱেশদ্বাৰ হিচাপেও কাম কৰে। জয়পুৰ ছিমলাৰ পৰা ৬১৬ কি:মি: দূৰৈত অৱস্থিত।

১৮৭৬ চনত ৱেইল্‌চৰ ৰাজকোঁৱৰ এইচ আৰ এইচ এলবাৰ্ট এডৱাৰ্ডৰ আগমনৰ পূৰ্বে চহৰখনক আকৰ্ষণীয় কৰি তুলিবলৈ ছৱাই ৰাম সিঙে সমগ্ৰ চহৰখনক গুলপীয়া ৰং দিবলৈ আদেশ দিয়ে। তেতিয়াৰে চহৰখনক ‘গোলাপী নগৰ’ৰ নামেৰে জনা যায়।

আগ্ৰা

চহৰখনৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে বিন্দু বিন্দুকৈ বিস্তৃত অসংখ্য কীৰ্তিচিহ্ন। আগ্ৰাৰ বাবে আটাইতকৈ প্ৰাচীন উদ্ধৃতি পৌৰাণিক যুগৰ পৰা আহিছে, য’ত মহাকাব্য মহাভাৰতত আগ্ৰাক সংস্কৃতত ‘অগ্ৰৱণ’ অৰ্থাৎ স্বৰ্গ বুলি উল্লেখ কৰা হৈছে। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ বিখ্যাত ভূগোলবিদ ‘টলেমি’ই আছিল প্ৰথম ব্যক্তি যিয়ে আগ্ৰাক ইয়াৰ আধুনিক নামেৰে উল্লেখ কৰিছিল। ষোড়শ শতিকাত লোডী বংশৰ শাসক চিকন্দৰ লোডীয়ে আধুনিক আগ্ৰা প্ৰতিষ্ঠা কৰিছিল। শ্বাহজাহানে যেতিয়া মোগলৰ সিংহাসনৰ পৰা নামি আহিছিল তেতিয়াই আগ্ৰাই স্থাপত্যৰ সৌন্দৰ্য্যৰ শিখৰত উপনীত হৈছিল।

উত্তৰ প্ৰদেশৰ পশ্চিম অংশত যমুনা নদীৰ পাৰত অৱস্থিত এই চহৰখন। যদিও তাজমহলৰ আচৰিত আকৰ্ষণে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক আগ্ৰালৈ আকৰ্ষণ কৰে, তথাপিও ই কোনো স্বতন্ত্ৰ আকৰ্ষণ নহয়। চহৰখনত অন্বেষণ কৰিবলৈ মনোমোহা সমাধি আৰু সমাধিক্ষেত্ৰৰ ট্ৰেইল আছে। ‘পিয়েট্ৰা ডুৰা’ (মাৰ্বল ইনলে)ৰ কাম, ৰাগ আৰু চামৰাৰ সামগ্ৰী, আৰু ৰসাল পেথাৰ দৰে বিলাসী শিল্পকৰ্মৰ বাবে প্ৰশংসিত আগ্ৰাই দোকান-পোহাৰ আৰু খাদ্যপ্ৰেমীসকলক সমানে ভালদৰে যোগান ধৰে।

কেৰেলা

কেৰেলা ভাৰতৰ দক্ষিণ-পশ্চিমাঞ্চলৰ মালবাৰ উপকূলত অৱস্থিত এখন ৰাজ্য। পূৰ্বৰ ট্ৰাভঙ্কৰ-ক’চিন ৰাজ্য আৰু মাদ্ৰাজ ৰাজ্যৰ মালয়ালমভাষী অঞ্চলসমূহক একত্ৰিত কৰি ৰাজ্য পুনৰ্গঠন আইনৰ অনুসৰি ১৯৫৬ চনৰ ১ নৱেম্বৰত কেৰেলা ৰাজ্যৰ গঠন কৰা হয়। ৩৮,৮৬৩ বৰ্গকিলোমিটাৰ (১৫,০০৫ বৰ্গমাইল) মাটিকালিৰে কেৰেলা ভাৰতৰ ২৩তম বৃহত্তম ৰাজ্য। ইয়াৰ উত্তৰ আৰু উত্তৰ-পূবে কৰ্ণাটক, পূবে আৰু দক্ষিণে তামিলনাডু আৰু পশ্চিমে লাক্ষাদ্বীপ সাগৰ অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসাৰি ৩,৩৩,৮৭,৬৭৭জন বাসিন্দাৰে কেৰেলা জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ১৩তম বৃহত্তম ৰাজ্য। কেৰেলা ৰাজ্যখনক ১৪খন জিলাত বিভক্ত কৰা হৈছে আৰু ইয়াৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰম। মালয়ালম ভাষা হৈছে ৰাজ্যখনৰ মূল কথিত ভাষা তথা চৰকাৰী ভাষাও। ক’চিন এখন গুৰুত্বপূৰ্ণ বন্দৰ তথা তেলশোধনাগাৰ। কালিকট আন এখন বন্দৰ চহৰ।

হাফলং

হাফলং অসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ “Haflau” বা “Hangkhlong” শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে মালিকীস্বত্ব থকা Hamlong নামৰ এজন ব্যক্তিৰ নামেৰে সৃষ্টি হয়৷ হাফলঙৰ জলবায়ু প্ৰধানত: সেমেকা অৰ্ধক্ৰান্তীয় জলবায়ু৷ ইয়াত সৰ্বনিম্ন তাপমাত্ৰা ১৯৮০ চনৰ ৭ জানুৱাৰীত ২.৪ ডিগ্ৰীলৈ নমা বুলি জানিব পৰা যায়৷

হাফলঙলৈ পোনপটিয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই৷ অৱশ্যে গুৱাহাটী বা শিলচৰৰ পৰা নিউ হাফলং ষ্টেচনলৈ ৰে’লৰ চলাচল আছে৷ হাফলঙত প্ৰধানকৈ হাফলং হিন্দী, ডিমাছা, মাৰ আৰু বঙালী ভাষা প্ৰচলিত ৷ ইয়াৰোপৰি অসমীয়া আৰু নেপালী ভাষাও ইয়াত প্ৰচলিত।

হাফলঙৰ পৰ্যটনৰ বাবে উল্লেখনীয় অঞ্চলসমূহ হ’ল-

হাফলং হ্ৰদ
জাতিংগা
পৰম্পৰাগত গাওঁসমূহ
ফিয়াংপুই বাগান
জৰাই
মউলপং
ফিয়াংপুই (Fiangpui) গীৰ্জা

মেঘালয়

মেঘালয় হৈছে উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। সংস্কৃত ভাষাত “মেঘালয়” শব্দৰ অৰ্থ হৈছে মেঘৰ আলয় (Abode of Clouds)। পূবা-পশ্চিমাকৈ ই প্ৰায় ৩০০ কিঃমিঃ আৰু বহলে প্ৰায় ১০০ কিঃমিঃ। ইয়াৰ উত্তৰে অসম আৰু দক্ষিণে বাংলাদেশ অৱস্থিত। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। শ্বিলঙক পূবৰ স্কটলেণ্ড বুলিও জনা যায়। পূৰ্বতে মেঘালয় অসমৰ এক অংশ আছিল। কিন্তু, ১৯৭২ চনৰ ২১ জানুৱাৰী তাৰিখে খাচী, গাৰো আৰু জয়ন্তীয়া জিলা লৈ মেঘালয় নামৰ এখন নতুন ৰাজ্য গঠন কৰা হয়। মেঘালয়ৰ অৰ্থনৈতিক অৱস্থা মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। ইয়াত উৎপাদিত কেইবিধমান উল্লখযোগ্য শস্য হৈছে: আলু, ধান, ঘেহুঁ, আনাৰস, কল ইত্যাদি। শ্বিলঙৰ দক্ষিণৰ খাচী হিলছত অৱস্থিত চেৰাপুঞ্জীত এটা মাহত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱাৰ ৰেকৰ্ড আছে। চেৰাপুঞ্জীৰ ওচৰৰ মৌচিনৰামত এটা বছৰত আটাইতকৈ বেছি বৰষুণ হোৱাৰ ৰেকৰ্ড আছে। মেঘালয় ভ্ৰমণ কৰাৰ উত্তম সময় হ’ল মাৰ্চৰ পৰা জুলাই মাহ।

শ্বিলঙৰ পৰা প্ৰায় ৪০ কিঃমিঃ দূৰত উমৰৈ বিমানবন্দৰ অৱস্থিত। ইয়ালৈ কলকাতা আৰু প্ৰতিৱেশী ৰাজ্য ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা নিয়মিতভাৱে বিমান চলাচল কৰে। মেঘালয়ত কেইবাখনো ঘন অৰণ্য আছে। এই সমূহত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদ পোৱা যায়। মেঘালয়ত ২খন ৰাষ্ট্ৰীয় উদ্যান আৰু ৩খন অভয়াৰণ্য আছে। সেয়ে মেঘালয়ক ভাৰতৰ ভিতৰত এখন উল্লেখযোগ্য পৰ্যটনৰ কেন্দ্ৰ বুলি ধৰা হয়। মেঘালয়ত পৰ্য্যটকৰ বাবে পৰ্বতাৰোহণ, rock climbing, trekking and hiking আদিৰ সুবিধা কৰি দিয়া হৈছে। ইয়াৰ উপৰিও উমিয়াম হ্ৰদত water sportsৰ সুবিধা কৰি দিয়া হৈছে।

ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় ৫০০টা মান চূণশিল আৰু sandstone ৰ গুহা আছে। জয়ন্তীয়া হিলছত অৱস্থিত Krem Liat Prah হৈছে আটাইতকৈ দীঘল গুহা আৰু Synrang Pamiang হৈছে আটাইতকৈ গভীৰ গুহা। কিন্তু ইয়াৰ ভিতৰত বহুতো গুহা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ স্বৰূপে গঢ়ি তুলিবলৈ পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা নাই। ৰাজ্যখনৰ কেইটামান উল্লেখযোগ্য জলপ্ৰপাত হৈছে এলিফেণ্ট জলপ্ৰপাত, Shadthum Falls, Weinia falls, Bishop Falls, Nohkalikai Falls, Langshiang Falls আৰু Sweet Falls। বিশ্বাস কৰা হয় যে, মৌচিনৰামৰ ওচৰৰ জাকৰেম (Jakrem)ত থকা গৰম পানীৰ উঁহৰ পানীত ঔষধিয় গুণ আছে।

দাৰ্জিলিং

দাৰ্জিলিং ভাৰতবৰ্ষৰ পশ্চিমবংগ ৰাজ্যত অৱস্থিত এখন চহৰ। ই পৰ্য্যটকৰ কেন্দ্ৰস্থল হিচাপে বিশ্ববিখ্যাত। ই চাহ উদ্যোগ আৰু ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ কেন্দ্ৰস্থল, দাৰ্জিলিং হিমালয়ান ৰেলৱে বাবেও খ্যাত। এই চহৰখন মহাভাৰত শ্ৰেণী (Mahabharat Range) আৰু হিমালয়ৰ নিম্নাংশ (Lesser Himalaya)-ত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰপৰা ইয়াৰ গড় উচ্চতা হৈছে ৬,৭১০ ফুট (২,০৫০ মিটাৰ)। ইয়াতে টয় ট্ৰেই, হেপি ভেলী ৰোপ ৱে  মিৰিক, চিমোণা, পাইন ফৰেষ্ট আদি বিভিন্ন স্থান ভ্ৰমণ কৰিব পাৰিব।

 

 

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version