শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেহত দেখা দিছে নেকি এনে লক্ষণে? হ’ব পাৰে কেলচিয়ামৰ অভাৱ, এইদৰে পাব সকাহ

শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কেলচিয়ামৰ অভাৱত হাড় দুৰ্বল হৈ পৰে, যাৰ ফলত গাঁঠিৰ বিষ হ’ব পাৰে। বিশেষকৈ বয়সস্থ লোকৰ ক্ষেত্ৰত এই সমস্যা অধিক দেখা যায় যদিও কম বয়সীয়া লোকৰো এই ৰোগ হ’ব পাৰে। গতিকে কেলচিয়ামৰ অভাৱৰ বাবে দেখা দিয়া লক্ষণ আৰু এই অভাৱ দূৰ কৰাৰ উপায়ৰ বিষয়ে জানো আহক।

দেহত দেখা দিছে নেকি এনে লক্ষণে? হ’ব পাৰে কেলচিয়ামৰ অভাৱ, এইদৰে পাব সকাহ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Published: 25 Apr 2025 22:56 PM

কেলচিয়াম আমাৰ শৰীৰৰ বাবে অত্যন্ত এক গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, যি হাড় আৰু দাঁত শক্তিশালী কৰাৰ উপৰিও পেশী, স্নায়ুতন্ত্ৰ আৰু হৃদযন্ত্ৰৰ সঠিক কাম-কাজতো সহায় কৰে। শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কেলচিয়ামৰ অভাৱত হাড় দুৰ্বল হৈ পৰে, যাৰ ফলত গাঁঠিৰ বিষ হ’ব পাৰে। বিশেষকৈ বয়সস্থ লোকৰ ক্ষেত্ৰত এই সমস্যা অধিক দেখা যায় যদিও কম বয়সীয়া লোকৰো এই ৰোগ হ’ব পাৰে। গতিকে কেলচিয়ামৰ অভাৱৰ বাবে দেখা দিয়া লক্ষণ আৰু এই অভাৱ দূৰ কৰাৰ উপায়ৰ বিষয়ে জানো আহক।

পেশীৰ ক্ৰেম্প

কেলচিয়ামৰ অভাৱত বিশেষকৈ ভৰি আৰু হাতৰ পেশীবোৰ ক্ৰেম্প হ’ব পাৰে। ৰাতি শুই থকাৰ সময়ত এই সমস্যা বেছি হ’ব পাৰে।

স্নায়ুতন্ত্ৰৰ পৰিৱৰ্তন

শৰীৰৰ স্নায়ুতন্ত্ৰৰ সঠিক কামৰ বাবে কেলচিয়াম অপৰিহাৰ্য। শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে অস্থিৰতা, হাত-ভৰিত জিনজিননি আদি লক্ষণে দেখা দিব পাৰে।

হাড় ঠুনুকা

কেলচিয়ামৰ অভাৱত হাড় দুৰ্বল হৈ পৰে, যাৰ ফলত হাড় ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বিশেষকৈ বয়সস্থ লোকৰ ক্ষেত্ৰত এই সমস্যা দেখা দিয়ে।

দাঁতৰ সমস্যা

কেলচিয়ামৰ অভাৱত দাঁত দুৰ্বল হৈ পৰে, যাৰ ফলত দাঁত ক্ষয় যোৱা বা দাঁতৰ মাজত গাঁত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। লগতে দাঁত ভাঙি যোৱাৰ সমস্যাও হ’ব পাৰে।

ছাল, চুলি আৰু নখত পৰিৱৰ্তন

কেলচিয়ামৰ অভাৱত ছাল শুকান আৰু নিৰ্জীৱ হৈ পৰে। একেদৰে চুলি সৰা আৰু নখ ভাঙি যোৱাটোও কেলচিয়ামৰ অভাৱৰ লক্ষণ হ’ব পাৰে।

স্মৃতিশক্তি হ্ৰাস

কেলচিয়ামৰ অভাৱে মানসিক কাৰ্যকলাপত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত স্মৃতিশক্তি হেৰুৱাই পেলোৱা, যিকোনো বিষয়ত মনোনিৱেশ কৰাত অসুবিধা হোৱা আৰু মানসিক ক্লান্তিৰ সৃষ্টি হ’ব পাৰে।

কেলচিয়ামৰ অভাৱৰ পৰা হাত সাৰিবলৈ আমি কিছুমান সহজ উপায় অৱলম্বন কৰিব পাৰোঁ। এনে কিছুমান উপায়ৰ বিষয়ে জানো আহক-

কেলচিয়াম সমৃদ্ধ খাদ্য গ্ৰহণ কৰক

কেলচিয়ামৰ অভাৱৰ পৰা হাত সাৰিবলৈ গাখীৰ, দৈ, পনিৰ, সেউজীয়া পাতৰ শাক-পাচলি আদি বস্তু খাব লাগে। ই শৰীৰত কেলচিয়ামৰ মাত্ৰা বজাই ৰখাত সহায় কৰে।

ভিটামিন ডি সেৱন কৰক

ভিটামিন ডিয়ে কেলচিয়াম শোষণত সহায় কৰে। ভিটামিন ডি সূৰ্যৰ পোহৰৰ পৰা পোৱা যায়, ইয়াৰ উপৰিও আপুনি ভিটামিন ডি সমৃদ্ধ খাদ্য যেনে কণী, মাছ আৰু গাখীৰ আদিও গ্ৰহণ কৰিব পাৰে।

কেলচিয়ামৰ পৰিপূৰক গ্ৰহণ কৰক

যদি আপুনি আপোনাৰ খাদ্যৰ পৰা পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম লাভ কৰা নাই, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেলচিয়ামৰ পৰিপূৰক হিচাপে ঔষধ আদি গ্ৰহণ কৰক।

ব্যায়াম কৰক

হাড়বোৰ মজবুত কৰি ৰাখিবলৈ নিয়মিতভাৱে ব্যায়াম কৰক। বিশেষকৈ ওজন বহন কৰা ব্যায়ামে হাড় শক্তিশালী কৰাত সহায় কৰে।

সুস্থ জীৱনশৈলী গ্ৰহণ কৰক

ধূমপান আৰু মদ্যপানৰ পৰা আঁতৰি থাকক, কিয়নো ই কেলচিয়াম শোষণত প্ৰভাৱ পেলাব পাৰে। লগতে মানসিক চাপ কম কৰিবলৈ যোগাসন আৰু ধ্যানৰ অভ্যাস কৰক।