Explainer: ভাৰত হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা, ভাৰতৰ বিভিন্ন ৰাজ্যৰ কলা-সংস্কৃতি আৰু খাদ্যভাসৰ বিষয়ে জানো আহক
ভাৰতৰ সংস্কৃতিক বহুতো ভিন্ন প্ৰকাৰৰ সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা এক মিশ্ৰ সংস্কৃতি বুলি কোৱা হয়। ভাৰতৰ ইতিহাসৰ পৰা এই সংস্কৃতিত গভীৰভাৱে ধাৰ্মিক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। দৰ্শন, সাহিত্য, স্থাপত্য, কলা আৰু সংগীতে ইয়াক সমৃদ্ধ কৰিছে। ভাৰতীয় উপমহাদেশৰ পৰিধিৰ উৰ্ধত ভাৰতীয সংস্কৃতিত এক বৃহত্তৰ ভাৰতৰ আভাস পোৱা যায়।
ভাৰতৰ সংস্কৃতি হৈছে ভাৰতবাসীৰ জীৱন ধাৰণ প্ৰক্ৰিয়া। ভাৰতৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, সাজ-পাৰ, আৰু খাদ্যভাস দেশখনৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰকাৰৰ দেখা পোৱা যায়। প্ৰায়ে ভাৰতীয় সংস্কৃতিত বিভিন্নতা পৰিলক্ষিত হয় যদিও, সমগ্ৰ ভাৰত উপমহাদেশজুৰি প্ৰসাৰিত এই সাংস্কৃতিক সমন্বয়ক ইয়াৰ সহস্ৰাধিক বছৰীয়া পুৰণি ইতিহাসৰ দ্বাৰা প্ৰভাৱিত কৰিছে। ভাৰতীয় ধৰ্ম, ভাৰতীয় দৰ্শন আৰু ভাৰতীয় খাদ্যৰ দৰে ভাৰতৰ সংস্কৃতিৰ বহু ভিন্ন উপাদানে সমগ্ৰ বিশ্বক সদায়ে আকৰ্ষিত কৰি আহিছে।
ভাৰত হৈছে সামগ্ৰিকভাৱে ভাৰতীয় ধৰ্ম বুলি জনাজাত হিন্দু, বৌদ্ধ, জৈন আৰু শিখ ধৰ্মৰ জন্মস্থান। আব্ৰাহামিক ধৰ্মৰ সৈতে ভাৰতীয় ধৰ্ম হৈছে বিশ্বৰ ধৰ্মসমূহৰ মূল উপাদান। বৰ্তমান সৰ্বমুঠ ২০০ কোটি অনুগামীৰ সৈতে ক্ৰমে হিন্দু আৰু বৌদ্ধ ধৰ্ম হৈছে পৃথিৱীৰ তৃতীয় আৰু চতুৰ্থ বৃহৎ ধৰ্ম, আৰু সম্ভবতঃ ২৫০ বা ২৬০ কোটিতকৈও অধিক অনুগামী আছে।
কিছুমান অতি ধাৰ্মিক সমাজ তথা সংস্কৃতিৰ সৈতে ভাৰত হৈছে বিশ্বৰ এখন ধাৰ্মিক বিভিন্নতা থকা ৰাষ্ট্ৰ। ইয়াৰ বহুতো লোকৰ জীৱনত ধৰ্মই কেন্দ্ৰিয় আৰু সুনিৰ্দিষ্ট প্ৰভাৱ পেলায়।
ভাৰতৰ সংস্কৃতিক বহুতো ভিন্ন প্ৰকাৰৰ সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা এক মিশ্ৰ সংস্কৃতি বুলি কোৱা হয়। ভাৰতৰ ইতিহাসৰ পৰা এই সংস্কৃতিত গভীৰভাৱে ধাৰ্মিক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। দৰ্শন, সাহিত্য, স্থাপত্য, কলা আৰু সংগীতে ইয়াক সমৃদ্ধ কৰিছে। ভাৰতীয় উপমহাদেশৰ পৰিধিৰ উৰ্ধত ভাৰতীয সংস্কৃতিত এক বৃহত্তৰ ভাৰতৰ আভাস পোৱা যায়। এয়া বিশেষভাৱে সাধাৰণ যুগৰ আৰম্ভণি শতিকাসমূহত চিল্ক ৰোডৰ মাধ্যমেদি ভ্ৰমণকাৰী আৰু সেই সময়ৰ ব্যৱসায়ীসকলৰ দ্বাৰা ভাৰতৰ পৰা এছিয়াৰ অন্য স্থানলৈ হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, স্থাপত্য, প্ৰশাসন আৰু লিখন পদ্ধতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সৈতে জড়িত। পশ্চিম দিশত, বৃহত্তৰ ভাৰত হিন্দু কুশ আৰু পামিৰ মালভূমিত বৃহত্তৰ পাৰ্ছিয়াৰ সৈতে সন্মিলিত হৈ আছিল। মধ্যযুগত ইছলামে ভাৰতীয় সাংস্কৃতিক ঐতিহ্য গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতত শতিকা শতিকা ধৰি মুছলমানসকলৰ সৈতে হিন্দু, জৈন আৰু শিখসকলৰ এক উল্লেখনীয় সমন্বয় পৰিলক্ষিত হৈ আহিছে।
কলা-সংস্কৃতি আৰু খাদ্যৰ বিষয়ে জানো আহক…
নৃত্য-কলা
ভাৰতত নৃত্যকলাৰ এক দীঘলীয়া ইতিহাস আছে। নাট্যশাস্ত্ৰ (নৃত্যৰ বিজ্ঞান) আৰু অভিন্ন দৰ্পন হৈছে নৃত্যৰ বিষয়ে লিখিত প্ৰায় ১৭০০ ৰ পৰা ২২০০ বছৰ পুৰণি দুখন সংস্কৃত সাহিত্য। ভাৰতীয় নৃত্য বুলিলে আঠ প্ৰকাৰৰ ধ্ৰুপদী নৃত্যক বুজা যায়। বেছিভাগেই হৈছে কিংবদন্তী উপাদানৰ বৰ্ণনামূলক ৰূপ। ভাৰতৰ সংগীত, নৃত্য আৰু নাটকৰ ৰাষ্ট্ৰীয় একাডেমিয়ে ধ্ৰুপদী নৃত্যৰ মৰ্যদ্যা প্ৰদান কৰা ভাৰতৰ আঠ প্ৰকাৰৰ নৃত্য হৈছে: তামিলনাডুৰ ভাৰতনাট্যম, উত্তৰ প্ৰদেশৰ কথক, কেৰালাৰ কথকলি আৰু মোহিনিয়াট্টম, অন্ধ্ৰ প্ৰদেশৰ কুচিপুড়ী, কৰ্ণাটকৰ য়ক্ষগানা, মণিপুৰৰ মণিপুৰী, ওড়িশাৰ ওড়িছী আৰু অসমৰ সত্ৰীয়া।
এই ধ্ৰুপদী নৃত্য-কলাসমূহৰ উপৰিও ভাৰতত বহুধৰণৰ লোক নৃত্যও আছে। এনে কিছুমান লোক নৃত্য হৈছে পঞ্জাবৰ ভাংৰা, অসমৰ বিহু, নাগালেণ্ডৰ জেলিয়াং, ঝাৰখণ্ড আৰু বংগৰ চাঊ, উৰিষ্যাৰ ঘুমুৰা নৃত্য, গতিপোৱা, মাহাৰি নৃত্য আৰু ডালখাই, উত্তৰ প্ৰদেশৰ কুৱালিছ বিৰ্হাছ আৰু চাৰ্কুলাছ, বিহাৰৰ জাত-জাতিন আৰু ছাতুৰী, ৰাজস্থানৰ ঘুমাৰ, গুজৰাটৰ দাণ্ডিয়া আৰু গাৰ্বা, অন্ধ্ৰ প্ৰদেশৰ কলাট্টাম, কৰ্ণাটকৰ য়ক্ষগানা, মহাৰাষ্ট্ৰৰ লাৱানি গোৱাৰ দেখান্নী আদি। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় নৃত্যৰ লগত খাপখোৱা নৃত্যৰ প্ৰকাৰো ভাৰতত বিশেষকৈ চহৰাঞ্চলত দেখা পোৱা যায় আৰু কেৰালাৰ খ্ৰীষ্টিয়ান সমাজে ধ্ৰুপদী নৃত্যত বাইবেলৰ কাহিনী বৰ্ণনা কৰা নৃত্যৰো সংযোজন কৰিছে।
শিল্পকলা
ভাৰতীয় শিল্পকলা হৈছে চিত্ৰ কৰ্ম, ভাস্কৰ্য, মাটিৰ শিল্প, বয়ন শিল্প আদিৰ এটা মিশ্ৰিত ৰূপ। ভৌগোলিক পৰিসীমাৰ ভিতৰত এই শিল্পই ভাৰতৰ ওচৰ চুবুৰীয়া দেশ সমূহকো প্ৰতিনিধিত্ব কৰে য’ত বৰ্তমানৰ ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভূটান আৰু আফগানিস্তানৰ পূব প্ৰান্ত অন্তৰ্ভুক্ত হৈ আছে। বৰ্তমানৰ আধুনিক কলা আৰু পৰম্পৰাগত ভাৰতীয় শিল্প কলাত এই আৰ্হিৰ প্ৰভাৱ আছে।
ভাৰতীয় শিল্পকলাৰ আৰম্ভণি বুলি ঐতিহাসিক যুগৰো পূৰ্বৰ ভাৰতীয় সভ্যতাক নিৰ্দেশ কৰা হয়। যি নেকি বিংশ শতিকাতকৈ ৩০০০ বছৰ পুৰণি সভ্যতাক বুজায়। তেতিয়াৰ পৰা বৰ্তমানলৈকে ভাৰতীয় শিল্পকলাত নানান সাংস্কৃতিক তথা ধৰ্মীয় প্ৰভাৱ পৰে যেনেঃ হিন্দু শিল্পকলা, বৌদ্ধ শিল্পকলা, জৈন শিল্পকলা, শিখ শিল্পকলা আৰু ইছলামিক শিল্পকলা।
ধৰ্মীয় পৰম্পৰাৰ এই জটিল মিশ্ৰণৰ স্বত্বেও, সাধাৰণতে, যিকোনো সময়ত আৰু স্থানত প্ৰচলিত শৈল্পিক শৈলীমুখ্য ধৰ্মীয় গোটবোৰে ভাৰতীয় শিল্পকলাৰ ভাগ বতৰা কৰি আহিছে।
ঐতিহাসিক কলা সমূহ, মুখ্যতঃ শিল আৰু ধাতুৰ ভাস্কৰ্য, সমূহ ভাৰতীয় জলবায়ুত আন মাধ্যমতকৈ ভালদৰে জীয়াই আছে আৰু বেছিভাগ অৱশিষ্টই এটা ভাল অৱয়বত উদ্ধাৰ হৈছে। খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন শিলত নথকা বহুতো অতি গুৰুত্বপূৰ্ণ প্ৰাচীন সন্ধান ভাৰতৰ ওচৰ চুবুৰীয়া শুষ্ক জলবায়ুৰ ৰাষ্ট্ৰ সমূহত উদ্ধাৰ হৈছে। ভাৰতীয় অন্ত্যেষ্টিক্ৰিয়া আৰু দৰ্শনীয় পৰম্পৰাৰ বাবে কবৰ সমূহত উদ্ধাৰ হ’ব পৰা সামগ্ৰী সমূহৰ ক্ষেত্ৰত ভাৰতে বৰঙণি আগবঢ়াব পৰা নাই, যি নেকি ঐতিহাসিক উদ্ঘাটনৰ এক মুখ্য উৎস।
ভাৰতীয় শিল্প শৈলীক ঐতিহাসিকভাৱে ভাৰতীয় উপমহাদেশৰ বাহিৰতো অনুসৰণ কৰিছিল, তিব্বত, দক্ষিণ পূব এছিয়া আৰু চীনত বিশেষভাৱে ভাৰতীয় শিল্পৰ প্ৰভাৱ আছিল। ভাৰতীয় কলাৰ প্ৰভাৱ বিশেষকৈ মধ্য এছিয়া আৰু ইৰাণ আৰু ইউৰোপৰ দৰে ঠাই সমূহতো পৰিলক্ষিত হৈছে।
খাদ্য
ভাৰত কৃষি প্রধান দেশ। ইয়াৰ শতকৰা ৮০ ভাগ লোকে কৃষক। ভাৰতৰ মূল খাদ্য হৈছে ভাত আৰু ৰুটি আৰু ভাৰতৰ জাতীয় খাদ্য খিচিৰি। ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ ২০৫-২৬ চনলৈ দুগুণ হোৱাৰ সম্ভাৱনা আছে। ফলত দ্ৰুত গতিত চলি থকা উপভোক্তা সামগ্ৰী (এফ এম চি জি) খণ্ডত নিযুক্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
ভাৰতে চহকী আৰু বৈচিত্ৰ্যময় কৃষি সম্পদেৰে বিশ্বব্যাপী খাদ্য উৎপাদনত এক উল্লেখযোগ্য দেশ হিচাপে থিয় দিছে। গাখীৰ, বাজৰা, খাদ্য শস্য, ফল-মূল, শাক-পাচলি, চাহ, মাছৰ দৰে কেইবাটাও খাদ্য সামগ্ৰীৰ সৰ্বাধিক উৎপাদক হোৱাৰ লগতে ভাৰতে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিছে। ভাৰতৰ কৃষি খাদ্য ৰপ্তানি ২০২৩-২৪ বিত্তীয় বৰ্ষত আকৰ্ষণীয় ৪৬.৪ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে, যিয়ে এই খণ্ডৰ দ্ৰুত বৃদ্ধি আৰু বৃদ্ধি পোৱা বিশ্ব প্ৰভাৱক উজ্জ্বল কৰি তুলিছে।মুঠ কৃষি খাদ্য ৰপ্তানিত প্ৰচেছড খাদ্যৰ অংশ ২০১৪-১৫ চনত ৪.৯০ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২৩-২৪ চনত ১০.৮৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে।
ভাৰত বৈচিত্ৰময় সুস্বাদু খাদ্যৰ বাবেও জনাজাত । প্ৰায় প্ৰতিখন চহৰতে আপুনি সুস্বাদু খাদ্যৰ সোৱাদ ল’ব পাৰে । প্ৰতিখন ৰাজ্যৰ সীমান্ত পাৰ হোৱাৰ লগে লগে সলনি হোৱা খাদ্যৰ বিস্তৃত শৃংখলে বহু ভ্ৰমণকাৰীৰ দৃষ্টি আকৰ্ষণ কৰে । ভাৰতৰ প্ৰতিখন ৰাজ্যৰ খাদ্য সুকীয়া। যেনে- অসমৰ জনপ্ৰিয় খাদ্য- ভাত,খাৰ, লাৰু-পিঠা, দিল্লীৰ- চোলে ভতুৰে,জিলাপী, আলু টিক্কি, বিহাৰৰ- লিট্টি চৌখা,জম্মু-কাশ্মীৰৰ-ৰোগান জোচ,গুজৰাটৰ-ঢোকলা,হিমাচল- ঢাম, মহাৰাষ্ট্ৰৰ- মিছেল পাও ইত্যাদি।