ভোগালী বিহুত দৈৰ সৈতে সকলোৱে গুড় খায়, কিন্তু এই গুড়ৰ কিমান উপকাৰী গুণ আছে জানেনে?
গুড় আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী ৷ ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম, পটাছিয়াম, আইৰণকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় ৷ ইয়াৰ উপৰিও গুড়ত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে ৷
গুড় হৈছে কুঁহিয়াৰ বা খেজুৰৰ ৰসৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ মিঠা খাদ্য। তালৰ ৰস পৰাও গুড় তৈয়াৰ কৰা হয়। পিঠা, পায়স ইত্যাদি সুস্বাদু জলপান আৰু মিঠাইত ইয়াক ব্যৱহাৰ কৰা হয়। বিহুত গুড়ৰ যথেষ্ঠ ব্যৱহাৰ কৰা হয়। গুড়ৰ সন্দেশ বাংলাদেশৰ এটি অত্যন্ত জনপ্ৰিয় মিঠাই।
গুড় আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী ৷ ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম, পটাছিয়াম, আইৰণকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় ৷ ইয়াৰ উপৰিও গুড়ত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে ৷
শীতকাল ওচৰ চাপি অহাৰ লগে লগে আমাৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হৈ পৰে। শৰীৰক গৰম কৰি ৰখা আৰু ঠাণ্ডা বতৰত শক্তি প্ৰদানৰ বাবে গুড় অতি উপকাৰী। শীতকালৰ লগত জড়িত বহু সমস্যাৰ পৰাও ৰক্ষা কৰাত ই সহায় কৰে। আয়ুৰ্বেদত গুড়ৰ বিশেষ গুৰুত্ব আছে, কাৰণ ই এক প্ৰাকৃতিকভাবে মিঠাৰ লগতে পুষ্টিৰ সম্পদ।
গুড় খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, হজম শক্তি উন্নত হয় আৰু লগতে ছাল উজ্জ্বল হোৱাতো সহায় কৰে। বিহুৰ সময়ত প্ৰতিজন অসমীয়াই গুড় খায়। কিন্তু আপুনি জানেনে ইয়াৰ সৈতে কিছুমান বস্তু মিহলাই খালে সুফল দুগুণ হাৰত পোৱা যায়।
দুগুণ উপকাৰৰ বাবে এই ৫টা উপায়েৰে খাওক গুড়
গুড় আৰু তিলৰ লাডু
গুড় আৰু তিলৰ লাডু শীতকালত অতি উপকাৰী। তিলে শৰীৰক গৰম কৰি ৰখাত সহায় কৰে আৰু গুড়ৰ লগত মিহলি হ’লে ই স্বাস্থ্যৰ বাবে যথেষ্ঠ উপকাৰী হৈ পৰে। এই লাডুই শীতকালত আপোনাৰ শক্তি বৃদ্ধি আৰু হাড় শক্তিশালী কৰাত সহায় কৰে।
গুড়ৰ চৰবত
যদিও শীতকালত ঠাণ্ডা চৰবত খোৱাটো সহজ নহয়, কিন্তু গৰম পানীৰ সৈতে গুড়ৰ চৰবত খালে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ই শৰীৰক বিষমুক্ত কৰাৰ লগতে তেজ বিশুদ্ধ কৰাত সহায় কৰে। এইটো বনাবলৈ মাত্ৰ গৰম পানীত গুৰ মিহলি কৰি তাত কিছু নেমুৰ ৰস দি ৰাতিপুৱা খালী পেটত খাব লাগিব। এইটো অতি উপকাৰী।
গাখীৰৰ সৈতে গুড়
গৰম গাখীৰৰ লগত গুড় খালে শীতকালত শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰখাৰ সহায়ক হয়। ই হজম শক্তি উন্নত কৰে আৰু অনিদ্ৰাৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰে। মাথোঁ গৰম গাখীৰত গুড় দি শুই উঠাৰ আগতে সেৱন কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ শৰীৰটো শিথিল হ’ব আৰু টোপনিও ভাল হ’ব।
ৰুটিৰ সৈতে গুড়
গুড় আৰু ঘিউৰ লগত ৰুটিৰ সংমিশ্ৰণ শীতকালত অতি উপকাৰী। ই কেৱল সোৱাদতেই নহয়, শৰীৰক শক্তি আৰু পুষ্টিও প্ৰদান কৰে। আপুনি ব্ৰেকফাষ্টত অন্তৰ্ভুক্ত কৰিব পাৰে।
গুড়ৰ উপকাৰিতা
- গুড়ত থকা এন্টিঅক্সিডেন্ট আৰু খনিজ পদাৰ্থই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
- ই পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে।
- যিসকলৰ ঠাণ্ডা লগাৰ প্ৰৱণতা আছে, চৰ্দি-কাহ-জ্বৰ বা নানা ৰোগত ভুগি থাকে, এনে সমস্যাত গুড়ে ঔষধৰ কাম কৰে।
- মানসিক চাপ কমাবলৈও গুড়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।