নিজকে কিদৰে ফিট কৰি ৰাখে অলিম্পিক পদক জয়ী মনু ভাকৰে! চাওক মনুৰ জীৱনশৈলীৰ কিছু দিশ

দেশৰ তাৰকা শ্বুটাৰ মনু ভাকেৰলৈ আগবঢ়োৱা হৈছে ভাৰতীয় ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা। বিগত বৰ্ষত অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিকত দুটাকৈ ব্ৰঞ্জৰ পদক জয়েৰে ভাৰতীয় ক্ৰীড়া জগতৰ মহাতাৰকা হিচাপে পৰিগণিত হৈছে মনু। তাৰকা শ্বুটাৰগৰাকীয়ে নিজকে সুস্থ আৰু ফিট কৰি ৰাখিবলৈ কেনে জীৱনপ্ৰণালী মানি চলে চাওঁ আহক।

নিজকে কিদৰে ফিট কৰি ৰাখে অলিম্পিক পদক জয়ী মনু ভাকৰে! চাওক মনুৰ জীৱনশৈলীৰ কিছু দিশ

মনু ভাকেৰৰ ফিটনেছৰ আঁৰৰ ৰহস্য জানেনে?

Updated On: 

02 Jan 2025 20:55 PM

আজি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ঘোষণা কৰিছে খেলৰত্ন বঁটাৰ লগতে অৰ্জুন বঁটা আৰু দ্ৰোণাচাৰ্য বঁটা বিজয়ীসকলৰ নাম। এইবাৰ মন্ত্ৰালয়ে দেশৰ চাৰিগৰাকী তাৰকা খেলুৱৈলে মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা আগবঢ়াইছে। অলিম্পিক ব্ৰঞ্জ জয়ী ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং, বিশ্ব ডবা চেম্পিয়নশ্বিপ জয়েৰে ইতিহাস ৰচা যুৱ গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশ আৰু পেৰা এথলীট প্ৰবীণ কুমাৰৰ লগতে অলিম্পিকত দুটাকৈ ব্ৰঞ্জ পদক বিজয়েৰে ইতিহাস সৃষ্টিকাৰী ভাৰতীয় শ্বুটাৰ মনু ভাকেৰে লাভ কৰিছে এই খেলৰত্ন বঁটা।

ইয়াৰ পিছতে পুনৰ এবাৰ সংবাদ শিৰোনাম হৈ পৰিছে তাৰকা খেলুৱৈগৰাকী। ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈছে মনুৰ নাম। বিগত বৰ্ষত অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিকত ২৫ মিটাৰ পিষ্টলৰ ব্যক্তিগত শাখাৰ লগতে ১০ মিটাৰ পিষ্টকৰ মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰে। এনে ঐতিহাসিক সাফল্যৰে মনু ভাকেৰ ভাৰতীয় ক্ৰীড়া জগতৰ মহাতাৰকা হিচাপে পৰিগণিত হৈছে। লগতে প্ৰতিগৰাকী ভাৰতীয়ৰ নয়নৰ মণি হৈ পৰিছে মনু।

পিছে মনুৰ এই যাত্ৰা ইমান সহজ নাছিল। এনে অনন্য সাফল্যৰ বাবে মনুয়ে কঠোৰ পৰিশ্ৰম কৰি আহিছে। ২২ বছৰীয়া মনুৱে নিজকে সুস্থ আৰু ফিট কৰি ৰাখিবলৈ কঠোৰ খাদ্য আৰু ফিটনেছ ৰুটিন মানি চলে। মনুৱে খাদ্যৰ পৰা আৰম্ভ কৰি ব্যায়ামলৈকে সকলো দিশৰ অত্যন্ত যত্ন লয়। গতিকে মনুৰ এই ফিটনেছ টিপছৰ বিষয়ে জানিবলৈ সকলোৰে স্বাভাৱিকতে উৎসুকতা আছে। চাওঁ আহক মনুৰ ফিটনেছৰ আঁৰৰ ৰহস্য-

মনুৰ যোগাসনৰ অভ্যাস

মনু ভাকেৰৰ ফিটনেছ ৰুটিনৰ এক গুৰুত্বপূৰ্ণ অংশ যোগ। শ্বুটিঙত একাগ্ৰতা আৰু ধৈৰ্য্যৰ প্ৰয়োজন হয়, যাৰ বাবে যোগাসন আটাইতকৈ ফলপ্ৰসূ হিচাপে বিবেচিত হয়। মনুৱে যোগাসনৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে। যোগাসন কৰি থাকোঁতে মনুৱে প্ৰায়ে অনুৰাগীৰ সৈতে বহু ছবি শ্বেয়াৰ কৰা দেখা যায়।

 

ফিজিঅ’থেৰাপি

প্ৰশিক্ষণৰ উপৰিও মনু ভাকেৰে তেওঁৰ শৰীৰ ফিট কৰি ৰাখিবলৈ ফিজিঅ’থেৰাপি গ্ৰহণ কৰে। খেলৰ সময়ত হোৱা আঘাত নিৰাময় কৰিবলৈ যিকোনো খেলুৱৈৰ বাবে ফিজিঅ’থেৰাপি অতি গুৰুত্বপূৰ্ণ।

জিম ৰুটিন

মনু ভাকেৰে নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ নিয়মীয়াকৈ জিমলৈ যায়। তেওঁ প্ৰায়ে ইনষ্টাগ্ৰামত জিমত কৰা শৰীৰ চৰ্চাৰ ছবি শ্বেয়াৰ কৰে। মনুৱে জানিবলৈ দিয়া মতে তেওঁ দৈনিক ৱৰ্কআউট চেচন লয় আৰু শৰীৰ ফিট কৰি ৰাখে।

স্বাস্থ্যসন্মত খাদ্য

ব্যায়ামৰ সমান্তৰালকৈ মনু ভাকেৰে খাদ্যাভ্যাসৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়ে। গোটেই দিনটো লঘু আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰে মনুৱে। এইদৰে তেওঁ শৰীৰ সুস্থ আৰু শক্তিশালী কৰি ৰাখে। ইয়াৰ উপৰিও মনুৱে সদায় ভালদৰে টোপনিও লয়।

সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!