শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কঁকাল বিষৰ পৰা উপশম পাবলৈ ঘৰুৱা উপায় কি ? জানক

অফিচৰ ডেস্কত অবিৰতভাৱে কাম কৰি থাকোঁতে বহুতে হঠাতে পিঠি আৰু কঁকালত বিষ অনুভৱ কৰে। দুই তিনিদিনত যদি কঁকালৰ এই বিষ নাইকিয়া নহয় তেন্তে আপুনি সাৱধান হোৱাটো অতি প্ৰয়োজন। ঘৰুৱা উপায়েৰে কঁকালৰ বিষৰ পৰা উপশম পোৱা কেইমান উপায় জানক ।

কঁকাল বিষৰ পৰা উপশম পাবলৈ ঘৰুৱা উপায় কি ? জানক
কঁকাল বিষৰ পৰা উপশম পোৱা উপায়Image Credit source: GettyImage
manas-borah
Manas Borah | Published: 19 Jan 2025 13:36 PM

আপোনাৰ মাজে মাজে কঁকাল বিষ হয় নেকি ? কৰ্মস্থলীত বহু সময় ধৰি চকীত বহি কাম সকলৰ প্ৰায়ে কঁকাল বিষ হোৱা দেখা যায় । অফিচৰ ডেস্কত অবিৰতভাৱে কাম কৰি থাকোঁতে বহুতে হঠাতে পিঠি আৰু কঁকালত বিষ অনুভৱ কৰে। কিছুমানে প্ৰথমে এই বিষক কোনো গুৰুত্ব নিদিয়ে । দুই তিনিদিনত যদি কঁকালৰ এই বিষ নাইকিয়া নহয় তেন্তে আপুনি সাৱধান হোৱাটো অতি প্ৰয়োজন। ঘৰুৱা উপায়েৰে কঁকালৰ বিষৰ পৰা উপশম পোৱা কেইমান উপায় জানক ।

বহুতে কঁকালৰ বিষত ভুগি থাকে। বহুতে এই বিষৰ বাবে লৰচৰও কৰিব নোৱাৰে। কঁকালৰ বিষৰ সময়ত কঠিন যোগাসন কৰিব নোৱাৰিলেও কিছু সৰল আৰু সাধাৰণ যোগাসান অভ্যাস কৰিব পাৰে, যেনে-বজ্ৰাসন । যদি আপুনি ষ্ট্ৰেচ কৰিব পাৰে তেতিয়া আপুনি কিছু সকাহ পাব পাৰে। নিয়মীয়া ব্যায়াম অভ্যাস কৰিলে কঁকাল বিষৰ পৰা হাত সাৰি থাকিব পাৰিব ।

কোনো আঘাত বা আঘাতৰ বাবে কঁকালৰ বিষ হ’লে গৰম বা বৰফৰ ঠাণ্ডা কম্প্ৰেছ কৰিলে সকাহ পোৱা যায়। তেজ জমা হ’লেও ইয়াৰ দ্বাৰা সকাহ পোৱা যায় । গৰম কম্প্ৰেছৰ ফলত তেজৰ সঞ্চালন স্বাভাৱিক হয় ।

অফিচৰ এটা ঠাইত বহি অবিৰতভাৱে কাম কৰিলে পিঠি আৰু কঁকালৰ বিষৰ সৃষ্টি হয়। বিশেষজ্ঞসকলৰ মতে ভাল টোপনিৰ বাবে অভ্যাস কৰিব লাগে। টেবুল-চকীত কাম কৰোতে মেৰুদণ্ড পোন কৰি ৰখাটো গুৰুত্বপূৰ্ণ। উল্লেখ্য যে, ভাল টোপনিয়ে আপোনাৰ হঠাতে হোৱা কঁকাল বিষৰ পৰা সকাহ দিয়ে । লগতে মানসিক চাপ নিয়ন্ত্ৰণত ৰখাটো গুৰুত্বপূৰ্ণ।

বহুতে ভাবিব পাৰে, টোপনিৰ লগত পিঠি আৰু কঁকালৰ বিষৰ কি সম্পৰ্ক। বিশেষজ্ঞসকলৰ মতে কম টোপনিয়ে কঁকালৰ বিষ বৃদ্ধি কৰিব পাৰে। দিনটোৰ বিভিন্ন কামৰ অন্তত টোপনিৰ সময়ত শৰীৰৰ পেশী আৰু স্নায়ু শিথিল হৈ পৰে। গতিকে সুস্থ আৰু বিষমুক্ত হৈ থাকিবলৈ ৭ ৰ পৰা ৮ ঘণ্টা টোপনিৰ অতি প্ৰয়োজন ।

Latest News