ৰক্তক্ষৰণ ৰোধত সহায়ক হয় এইসমূহ ঘৰুৱা বিধান, জানিলে উপকৃত হ’ব আপুনি…

সাধাৰণতে আঘাত পালে চিকিৎসকৰ ওচৰলৈ যোৱাটো জৰুৰী যদিও আঘাতৰ ঘাঁ সৰু হ’লে আমাৰ ঘৰতে থকা কিছুমান সামগ্ৰীৰ দ্বাৰা আমি ৰক্তক্ষৰণ ৰোধ কৰিব পাৰোঁ। এই ঘৰুৱা বিধানসমূহে আপোনাক প্ৰয়োজনৰ সময়ত নিশ্চিতভাৱে সহায় কৰিব। এই বিষয়ে জানো আহক।

ৰক্তক্ষৰণ ৰোধত সহায়ক হয় এইসমূহ ঘৰুৱা বিধান, জানিলে উপকৃত হ’ব আপুনি…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

19 Jan 2025 21:13 PM

কেতিয়াবা কোনো কাম কৰি থকাৰ সময়তে আমি আকস্মিকভাৱে আঘাতৰ সন্মুখীন হ’ব পাৰোঁ। এনে আঘাতৰ বাবে কেতিয়াবা কেতিয়াবা আঘাত পোৱা স্থানৰ পৰা ৰক্তক্ষৰণ হয়। এনে অৱস্থাত বহু সময়ত চিকিৎসালয় বা চিকিৎসা কেন্দ্ৰ সমীপতে নাপাবও পাৰে। অথবা ঘৰতো ড্ৰেছিং কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰী নাথাকিব পাৰে। সাধাৰণতে আঘাত পালে চিকিৎসকৰ ওচৰলৈ যোৱাটো জৰুৰী যদিও আঘাতৰ ঘাঁ সৰু হ’লে আমাৰ ঘৰতে থকা কিছুমান সামগ্ৰীৰ দ্বাৰা আমি ৰক্তক্ষৰণ ৰোধ কৰিব পাৰোঁ। এই ঘৰুৱা বিধানসমূহে আপোনাক প্ৰয়োজনৰ সময়ত নিশ্চিতভাৱে সহায় কৰিব। এই বিষয়ে জানো আহক-

হালধি

আমাৰ প্ৰতিঘৰ মানুহৰে পাকঘৰত উপলব্ধ এবিধ সামগ্ৰী হৈছে হালধি। খাদ্যত ব্যৱহাৰ কৰা এই হালধি পিছে বহু ঔষধি গুণসম্পন্নও। আয়ুৰ্বেদত হালধিক বিভিন্ন ৰোগৰ ক্ষেত্ৰত ঔষধ হিচাপে ব্যৱহাৰৰ দিহা দিয়া হৈছে। আঘাতৰ বাবে দেহত ঘাঁ হ’লে তথা ৰক্তক্ষৰণ হ’লে লগে লগে হালধিৰ গুড়ি লগাব লাগে। হালধিয়ে ৰক্তক্ষৰণ বন্ধ কৰে আৰু এন্টিচেপ্টিক হিচাপেও কাম কৰে।

বৰফ

দেহৰ কোনো স্থানত সামান্য আঘাত পোৱাৰ ফলত যদি ৰক্তক্ষৰণ হয় তেতিয়া প্ৰথমে কপাহী কাপোৰ আঘাত পোৱা স্থানত বান্ধি ল’ব লাগে। ইয়াৰ পিছত কিছু সময় ঘাঁত বৰফ এটুকুৰা লগাই থ’ব লাগে। এনে পন্থাৰে দুই-তিনি মিনিটৰ ভিতৰতে ৰক্তক্ষৰণ বন্ধ কৰিব পৰা যায়।

চেনি

শিশুৱে খেলা ধূলা কৰাৰ সময়ত প্ৰায়ে পৰি যোৱাৰ বাবে দেহত আঘাত লাভ কৰে। এনে আঘাতৰ বাবে প্ৰায়েই ৰক্তক্ষৰণ হয়। এনে পৰিস্থিতিত শিশুটিয়ে  আঘাত লাভ কৰা স্থানত কিছু পৰিমাণে চেনি লগাই দিব লাগে। ইয়াৰ ফলত ৰক্তক্ষৰণ বন্ধ হয়। ইয়াৰ পিছত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত হ’ব। এই ঘৰুৱা বিধান শিশুৰ লগতে প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰে।

এলোভেৰা

এলোভেৰা কেৱল ছাল আৰু চুলিৰ বাবেই নহয়, ই কটা, জ্বলা-পোৰাৰ পৰা উপশম কৰাতো যথেষ্ট ফলপ্ৰসূ। দেহত কাটিলে এলোভেৰা জেল লগাব পাৰে। লগতে জ্বলা-পোৰাৰ পৰাও এলোভেৰাই সকাহ দিয়ে। আঘাত পোৱা স্থান ফুলি গ’লে এলোভেৰাৰ পাত মাজত কাটি গৰম কৰি লগালে সকাহ পোৱা যায়।

প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া