দিনটোৰ ব্যস্ততাৰ পিছতো ভালদৰে টোপনি নাহে নেকি? এনে উপায়েৰে দূৰ কৰক এই সমস্যা…
দিনজোৰা পৰিশ্ৰমৰ অন্তত সকলোৱে এক মধুৰ নিদ্ৰাৰ আশা কৰে। স্বাভাৱিকতেই এয়া ব্যক্তিৰ দেহ-মানসিক স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়। কিন্তু কিছুমান লোকৰ ক্ষেত্ৰত দিনটোৰ কষ্ট আৰু অৱসাদৰ পিছতো নিশা ভালদৰে টোপনি নহা দেখিবলৈ পোৱা যায়। কিছুমান সহজ টিপছ মানি চলিলে আমি এই সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰোঁ। এনে কিছু সহজ পন্থাৰ বিষয়ে জানো আহক।
দিনজোৰা ব্যস্ততাই সকলো ব্যক্তিকে শাৰীৰিক আৰু মানসিকভাৱে অৱস কৰি তোলে। এই পৰিশ্ৰম আৰু অৱসাদৰ অন্তত সকলোৱে এক মধুৰ নিদ্ৰাৰ আশা কৰে। স্বাভাৱিকতেই এয়া ব্যক্তিৰ দেহ-মানসিক স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়। এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে প্ৰতিদিনে কমেও সাতৰ পৰা আঠ ঘণ্টা ভালদৰে শুব লাগে। কিন্তু কিছুমান লোকৰ ক্ষেত্ৰত দিনটোৰ কষ্ট আৰু অৱসাদৰ পিছতো নিশা ভালদৰে টোপনি নহা দেখিবলৈ পোৱা যায়। এই নিদ্ৰাহীনতাৰ আঁৰৰ এক প্ৰধান কাৰণ হৈছে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ।
তদুপৰি প্ৰতি নিশা দেৰিলৈকে সাৰ পাই থকাৰ অভ্যাসৰ ফলতো নিদ্ৰাহীনতাৰ সৃষ্টি হয়। সঠিক টোপনিৰ অভাৱৰ বাবে ওজন বৃদ্ধিৰ লগতে বহু স্বাস্থ্যজনিত সমস্যাও হ’বলৈ আৰম্ভ কৰে। সেয়ে নিদ্ৰাহীনতা সমস্যা দূৰ কৰাটো অত্যন্ত প্ৰয়োজনীয়। কিছুমান সহজ টিপছ মানি চলিলে আমি এই সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰোঁ। এনে কিছু সহজ পন্থাৰ বিষয়ে জানো আহক-
শুবলৈ যোৱাৰ সময়ত ইলেক্ট্ৰনিক গেজেটৰ পৰা আঁতৰি থাকক
নিশা শুবলৈ বিচনাত উঠি বহু লোকৰ টেলিভিছন চোৱাৰ অভ্যাস আছে। তদুপৰি শুবলৈ বিচনাত পৰাৰ পিছত মোবাইলৰ ব্যৱহাৰো এতিয়াৰ এক পৰিচিত দৃশ্য। একেদৰে বিচনাত পৰি বহু লোকে নিজৰ ফোনটো মূৰৰ ওচৰতে ৰাখে। ইয়াৰ ফলতো টোপনিত বাধা আহিব পাৰে। সেয়ে শোৱাৰ সময়ত মোবাইলটো আঁতৰাই ৰাখিব লাগে। লগতে শুইলৈ লোৱাৰ প্ৰায় এঘণ্টা পূৰ্বেই লেপটপ, মোবাইল ইত্যাদি ইলেক্ট্ৰনিক গেজেটৰ ব্যৱহাৰৰ পৰা আঁতৰি থাকিব লাগে।
বিচনাত উঠাৰ পূৰ্বে কুহুমীয়া পানীৰে গা ধুব লাগে
ভাল টোপনিৰ এক ফলপ্ৰসূ উপায় হ’ল নিশা শুবলৈ লোৱাৰ পূৰ্বে কিছু সময় কুহুমীয়া পানীৰে গা ধুই লোৱা। ইয়াৰ ফলত আপুনি নিজকে সতেজ আৰু শিথিল অনুভৱ কৰিব, লগতে পেশীৰ অৱসাদো দূৰ হ’ব। এনে পৰিস্থিতিত ভাল টোপনি আহিব।
দুয়োটা ভৰি তেলেৰে মালিচ কৰক
ভৰি দুখন কমেও ২০ মিনিটৰ বাবে কুহুমীয়া পানীত ডুবাই ৰাখক আৰু তাৰ পিছত টাৱেলেৰে ভৰি দুখন ভালদৰে মচি লৈ ভৰিৰ তলুৱাখন অলপ তেল লৈ ভালদৰে মালিচ কৰক। এনে বিধানেও ভাল টোপনি অহাত সহায় কৰে।
শোৱাৰ পূৰ্বে যোগাসন কৰক
যদি টোপনি নাহে তেন্তে শুবলৈ যোৱাৰ পূৰ্বে যোগাসন কৰিব পাৰে। যেনে বুদ্ধ কৌণাসন, সুখাসন, শৱাসন, বিপৰিত কৰণাসন, বালাসন আদি কৰিব পাৰে। ইয়াৰ বাহিৰেও উদ্বেগ আৰু মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ দৈনিক কিছু সময় ধ্যান কৰা উচিত।