শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সিজোৱা মগুৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি, জানক কেনেকৈ খাব

যদি আপুনি নিজকে সুস্থ কৰি ৰাখিব বিচাৰে আৰু প্ৰ'টিন আৰু ভিটামিনৰ ভাল উৎস বিচাৰি আছে, তেন্তে দৈনন্দিন খাদ্যৰ তালিকাত সিজোৱা মগু অন্তৰ্ভুক্ত কৰক। ইয়াক দৈনিক খালে কি কি উপকাৰ হ'ব জানক।

সিজোৱা মগুৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি, জানক কেনেকৈ খাব
সিজোৱা মগুৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি
barasha-misra
Barasha Misra | Published: 10 Jan 2025 08:17 AM

প্ৰায়ে প্ৰ’টিন আৰু ভিটামিনৰ অভাৱত মানুহে বহু সমস্যাত ভুগিব লগা হয়। যদি আপুনি খাদ্যৰ তালিকাত মগু অন্তৰ্ভুক্ত কৰে, তেন্তে আপোনাৰ শৰীৰত উপযুক্ত পৰিমাণৰ প্ৰ’টিন আৰু ভিটামিন থাকিব। কিন্তু প্ৰ’টিন আৰু ভিটামিনৰ বাহিৰেও মগুত আন বহুতো পুষ্টিকৰ উপাদান থাকে যিবোৰ আমাৰ শৰীৰৰ সামগ্ৰিক বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত যদি দৈনিক সঠিকভাৱে মগু সেৱন কৰে, তেন্তে ইয়াৰ পৰা আপুনি বহুতো উপকাৰ লাভ কৰিব।

যদিও সকলো দালিতে প্ৰ’টিন, ভিটামিন আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে, তথাপিও সেউজীয়া মগুত আটাইতকৈ উপকাৰী। সেউজীয়া মগুত ভিটামিন চি, ভিটামিন কে, আইৰণ, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম আৰু কপাৰ আদি পুষ্টিকৰ উপাদান থাকে। সেউজীয়া মগুত কেল’ৰি কম আৰু ইয়াত প্ৰ’টিন, ফাইবাৰ আৰু এন্টিঅক্সিডেন্টৰ অধিক উৎস থাকে। সিজোৱা সেউজীয়া মগু খালে ইয়াৰ উপকাৰিতা আৰু অধিক বৃদ্ধি পায়।

সিজোৱা সেউজীয়া মগু খোৱাৰ উপকাৰিতা

পেশীবোৰ শক্তিশালী কৰে: সিজোৱা মগুত যথেষ্ঠ পৰিমাণে প্ৰ’টিন থাকে, যিয়ে পেশীৰ শক্তি বৃদ্ধিত সহায় কৰে। কেৱল এয়াই নহয়, সিজোৱা মগুৱে আপোনাৰ পেশীবোৰ সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও যিসকল লোক ক্ষীণ আৰু পেশী বৃদ্ধি কৰিব বিচাৰে, তেওঁলোকৰ বাবেও সিজোৱা মগু খোৱাটো উপকাৰী।

ব্ৰেইন বুষ্টাৰ: সেউজীয়া মগুৱে ব্ৰেইন বুষ্টাৰৰ কাম কৰে। ই আপোনাৰ স্নায়ুৰ স্বাস্থ্য উন্নত কৰে আৰু লগতে বহু সমস্যাৰ পৰাও আপোনাক ৰক্ষা কৰে। ইয়াৰ উপৰিও মুগত থকা প্ৰ’টিনে আপোনাৰ হৰম’নৰ স্বাস্থ্য উন্নত কৰে।

পেটৰ বাবে স্বাস্থ্যকৰ: সিজোৱা মগু পেটৰ বাবেও বহু উপকাৰী। ইয়াত যথেষ্ঠ পৰিমাণৰ ফাইবাৰ থাকে, যিয়ে পাচন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাত সহায় কৰে। ই আপোনাৰ কোষ্ঠকাঠিন্যৰ দৰে সমস্যা ৰোধ কৰে। ইয়াৰ উপৰিও যিসকল লোকৰ হজম শক্তি দুৰ্বল আৰু গেছ-বদহজমৰ দৰে সমস্যা আছে তেওঁলোকৰ বাবেও ই উপকাৰী।

কেনেকৈ খাব?

সিজোৱা সেউজীয়া মগু খাবলৈ প্ৰথমে ৰাতিটো তিয়াই থ’ব লাগে। ইয়াৰ পিছত ৰাতিপুৱা সিজাই লওক। ইয়াৰ পিছত ঠাণ্ডা হ’লে সিজোৱা মগুখিনি উলিয়াই তাত মিহিকৈ কটা পিঁয়াজ, বিলাহী, জলকীয়া, ক’লা নিমখ আৰু জিৰাৰ গুড়ি দি ভালদৰে মিহলাই লওক। ইচ্ছা কৰিলে তাত নেমু চেপি পৰিৱেশন কৰিব পাৰে।

Latest News