আপুনিও খায় নে কেঁচা আম? গৰমৰ বতৰত ই হ’ব পাৰে মহৌষধ, উপকাৰিতা জানিলে বাট নাচাব পকালৈ…
এতিয়া গ্ৰীষ্মকাল, আমৰ বতৰ। এই বতৰত মানুহে স্বাভাৱিকতেই সোৱাদ ল’ব ফলৰ ৰজা আমৰ। পকা আমৰ সোৱাদ সকলোৰে জিভাত লাগে, পিছে সোৱাদত কিছু টেঙা হ’লেও কেঁচা আমৰো আছে স্বাস্থ্য উপকাৰী সোৱাদ। এক কথাত এই বতৰত আপোনাৰ বাৰীতে থকা কেঁচা আম আপোনাৰ স্বাস্থ্যৰ বাবে মহামূল্যৱান অমৃত স্বৰূপ।

কেঁচা আমৰ উপকাৰিতা
‘বতৰৰ ফল বতৰত খাবা, তেহে গাত বল পাবা’- শৈশৱতে পাঠ্যপুথিত পঢ়া এই কবিতাষাৰী হয়তো আপোনাৰো মনত আছে। পিছে শৈশৱতে পঢ়া সাধাৰণ এটা কবিতাৰ শাৰী বুলি আপুনি উলাই নকৰিব ইয়াৰ গূঢ়াৰ্থ। বতৰ অনুসাৰে বাৰীত হোৱা বা বজাৰত উপলব্ধ হোৱা ফলসমূহ আমাৰ স্বাস্থ্যৰ বাবে পৰম উপকাৰী। এতিয়া গ্ৰীষ্মকাল, আমৰ বতৰ। এই বতৰত মানুহে স্বাভাৱিকতেই সোৱাদ ল’ব ফলৰ ৰজা আমৰ। অধিকাংশ লোকেই সাধাৰণতে আম খাই ভাল পায়। পকা আমৰ সোৱাদ সকলোৰে জিভাত লাগে, পিছে সোৱাদত কিছু টেঙা হ’লেও কেঁচা আমৰো আছে স্বাস্থ্য উপকাৰী সোৱাদ।
এক কথাত এই বতৰত আপোনাৰ বাৰীতে থকা কেঁচা আম আপোনাৰ স্বাস্থ্যৰ বাবে মহামূল্যৱান অমৃত স্বৰূপ। যদি আপুনিও গৰমৰ বতৰম কেঁচা আম খাইছে, তেতিয়াহ’লে ইয়াৰ দ্বাৰা লাভ কৰিব বহু উপকাৰ। পুষ্টিবিদ নমামী আগৰৱালাই জানিবলৈ দিয়া মতে কেঁচা আমত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। সেয়ে কেঁচা আম খালে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
আমত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেন্ট থাকে, যি ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। তদুপৰি কেঁচা আমৰ স্বাস্থ্য উপকাৰী আন বহু গুণাগুণ আছে। এই বিষয়ে জানো আহক-
হিট ষ্ট্ৰ’ক ৰোধ
গ্ৰীষ্মকালত আটাইতকৈ ডাঙৰ সমস্যা হ’ল হিট ষ্ট্ৰ’ক। কেঁচা আমে শৰীৰ শীতল কৰাৰ লগতে ডিহাইড্ৰেচন অৰ্থাৎ দেহত পানীৰ অভাৱৰ সমস্যা ৰোধ কৰে। কেঁচা আমৰ পৰা তৈয়াৰ কৰা চৰবতে শৰীৰক ভিতৰৰ পৰা শীতল কৰি ৰাখে আৰু হিট ষ্ট্ৰ’কৰ পৰা ৰক্ষা কৰে। ইয়াত ইলেক্ট্ৰলাইট থাকে, যি শৰীৰত পানীৰ পৰিমাণ বজাই ৰাখে।
হজম শক্তিত সহায়ক
কেঁচা আমে পাচনতন্ত্ৰ মজবুত কৰাত সহায় কৰে। ইয়াত ফাইবাৰ আৰু পেক্টিন থাকে– যাৰ ফলত কোষ্ঠকাঠিন্য, গেছ আৰু বদহজমৰ সমস্যা দূৰ হয়। খোৱাৰ আগতে যদি অলপ কেঁচা আম নিমখ আৰু জালুকৰ সৈতে খোৱা হয়, তেতিয়া হজম শক্তি ভাল হোৱাৰ লগতে ভোকো বৃদ্ধি কৰে।
লিভাৰ পৰিষ্কাৰ কৰে
কেঁচা আম যকৃতৰ বাবে অতি উপকাৰী। ই যকৃতক বিষমুক্ত কৰি পিত্তৰ নিঃসৰণ নিয়ন্ত্ৰণ কৰে। ইয়াৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায় আৰু যকৃতে ভালদৰে কাম কৰে।
ছাল আৰু চুলিৰ বাবেও উপকাৰী
কেঁচা আমত থকা এণ্টিঅক্সিডেন্ট-ভিটামিনে ছালখন উজ্জ্বল কৰি ৰখাৰ লগতে চুলি মজবুত কৰি তোলে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ছালখনক প্ৰাকৃতিক উজ্জলতা প্ৰদান কৰাৰ লগতে চুলি সৰা সমস্যা কমায়।
গতিকে দেখা যায়, কেঁচা আম কেৱল সোৱাদতে নহয়, গ্ৰীষ্মকালীন বহু সমস্যাৰো সমাধান। যদি আপুনিও এই গ্ৰীষ্মকালত নিজকে সুস্বাস্থ্যৰ অধিকাৰী আৰু সতেজ কৰি ৰাখিব বিচাৰে, তেতিয়াহ’লে নিশ্চিতভাৱে আপোনাৰ খাদ্যত কেঁচা আম অন্তৰ্ভুক্ত কৰক।