প্ৰকৃতিৰ ৰম্যভূমি মদন কামদেৱ দেৱালয়, ইতিহাস প্ৰসিদ্ধ পৰ্যটনক্ষেত্ৰ মদন কামদেৱ দেৱালয়লৈ গৈছেনে?

দেৱালয়খনৰ নাম মদন কামদেৱ যদিও ইয়াত মদন কামদেৱৰ উপাসনা কৰা নহয়। দৰাচলতে ই ভগৱান শিৱৰহে উপাসনাস্থলী। আজি এই দেৱালয়ৰ বিষয়ে জানো আহক...

প্ৰকৃতিৰ ৰম্যভূমি মদন কামদেৱ দেৱালয়, ইতিহাস প্ৰসিদ্ধ পৰ্যটনক্ষেত্ৰ মদন কামদেৱ দেৱালয়লৈ গৈছেনে?

প্ৰকৃতিৰ ৰম্যভূমি মদন কামদেৱ দেৱালয়

Updated On: 

29 Apr 2025 19:01 PM

গৰমবন্ধত সকলোৱে ফুৰিৱলৈ গৈ ভাল পায়। এই সময়ত বহুজনে ফুৰিব যাবলৈ এটা ভাল স্থান বিচাৰে কিন্তু ক’ত যাব ভাবি নাপায়। সেউজীয়া আৰু আধ্যাত্মিক পৰিৱেশত সন্তান তথা পৰিয়ালক লগত লৈ মদন কামদেৱ দেৱালয়লৈ যাব পাৰে।

মদন কামদেৱ দেৱালয় হৈছে অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। বিভিন আসনবিশিষ্ট শৃংগাৰ ৰসপ্ৰধান মূৰ্তিৰাজিৰ বাবে মদন কামদেৱক অসমৰ খাজুৰাহো আখ্যা দিয়া হৈছে। এই স্থানত দৈনন্দিন জীৱনৰ ব্যস্ততাৰ পৰা আঁতৰি নিজৰ পৰিয়াল, বন্ধুবৰ্গ তথা আত্মীয় স্ব-জনৰ লগত যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা কিছু নিলগত গৈ আনন্দ উল্লাসেৰে এসাঁজ খাই পুৰণি বছৰটোক বিদায় দিব পাৰে।

নিৰ্মাণ শৈলী বিশ্লেষণ কৰি মদন কামদেৱ দেৱালয় পাল ৰাজবংশৰ অৱদান বুলি নিৰ্ণয় কৰা হৈছে। এই ৰাজবংশটোৱে দশম শতিকাৰ (৯৯০ খৃঃ) পৰা দ্বাদশ শতিকাৰ মাজভাগলৈ কামৰূপত শাসন কৰিছিল। প্ৰথমে তেওঁলোকৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰত, অৰ্থাৎ বৰ্তমানৰ গুৱাহাটীত। ৰজা ধৰ্মপালে ৰাজত্বৰ অন্তিম ভাগত প্ৰদান কৰা পুষ্পভদ্ৰা তাম্ৰলিপিত তেওঁৰ ৰাজধানী কামৰূপ নগৰী বুলি উল্লেখ কৰিছে। এই তাম্ৰলিপিখন উত্তৰ গুৱাহাটীত পোৱা গৈছে। সম্ভৱতঃ তেওঁ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰীলৈ স্থানান্তৰ কৰিছিল। বৰ্তমানৰ উত্তৰ গুৱাহাটী আৰু তাৰ আশে পাশে পোৱা অসংখ্য দুৰ্গ, ৰাষ্টা-ঘাট, ভৱন, মন্দিৰ, শিলালিপি আদিৰ ভগ্নাৱশেষৰ বাবে বুৰঞ্জীবিদসকলে উত্তৰ গুৱাহাটীকে তাহানিৰ কামৰূপ নগৰী বুলি থাৱৰ কৰিছে। মদন কামদেৱো কামৰূপ নগৰীৰে এটা অংশ আছিল। মদন কামদেৱৰ পৰা উত্তৰ গুৱাহাটীলৈ দূৰত্ব মাথোঁ দহ কিলোমিটাৰ। অৱশ্যে কোনগৰাকী পাল ৰজাই এই মন্দিৰ নিৰ্মাণ কৰিছিল, সেই সম্পৰ্কে ইতিহাস নীৰৱ।

দেৱালয়খনৰ নাম মদন কামদেৱ যদিও ইয়াত মদন কামদেৱৰ উপাসনা কৰা নহয়। দৰাচলতে ই ভগৱান শিৱৰহে উপাসনাস্থলী। কিছুমানৰ মতে শিৱৰ ক্ৰোধাগ্নিত ভষ্ম হোৱা কামদেৱে ইয়াতে পূৰ্বৰ ৰূপ ঘূৰাই পাইছিল আৰু পত্নী ৰতিদেৱীৰ সৈতে মিলিত হৈছিল বাবেই এই নাম হ’ল। কিন্তু এই মত সিমান বিশ্বাসযোগ্য নহয়। সম্ভৱতঃ মন্দিৰৰ গাত খোদিত আৰু চৌপাশে সিঁচৰতি হৈ থকা শৃংগাৰৰত ভংগিমাৰ ভাস্কৰ্যসমূহৰ বাবে জনমানসত হিন্দুৰ প্ৰেম আৰু যৌনতাৰ দেৱতা মদন কামদেৱৰ নামে ঠাই পাইছিল।

স্থাপত্য-ভাস্কৰ্যৰ ক্ষেত্ৰত এই স্থান অন্যতম। বহু শতিকা হাবি-জঙ্ঘলৰ মাজত লুকাই থকাৰ পাছত কুৰি শতিকাত মদন কামদেৱ দেৱালয় পুনৰ আৱিষ্কৃত হয়। মূল শৈল নিৰ্মিত মন্দিৰটোৰ ভগ্নাৱশেষত চালি এখন দি পূজাৰীয়ে তাতে পূজা-উপাসনা আৰম্ভ কৰে। অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে দেৱালয়খন নিজৰ অধীনলৈ আনি সংৰক্ষিত বুলি ঘোষণা কৰে। ১৯৭৭ চনত অসম চৰকাৰে প্ৰত্নতাত্বিক বিভাগৰ সহযোগত প্ৰথমবাৰ আৰু ১৯৮২ চনত দ্বিতীয়বাৰ খনন চলাই অসংখ্য শিলৰ মূৰ্তি আৰু বিশটাতকৈয়ো অধিক গাঁথনি আৱিষ্কাৰ কৰে। মন্দিৰৰ বেৰত অসংখ্য মৈথুনৰত নৰ-নাৰীৰ মূৰ্তি খোদিত কৰা আছে। চৌপাশে সিঁচৰতি হৈ আছে বহুতো ভগ্নপ্ৰায় শৈল ভাস্কৰ্য। পোৰামাটিৰ ভাস্কৰ্যও দেখিবলৈ পোৱা যায়। এইবোৰৰ ভিতৰত যুদ্ধৰত সিংহৰ, সঙ্গমৰত পশু, স্বল্পবসনা নাৰী, বৃষভ, যোনীমণ্ডল, শিৱলিঙ্গ, ছয়মূৰীয়া ভৈৰৱ, চাৰিমূৰীয়া শিৱ আদিৰ মূৰ্তিয়ে প্ৰধান। নিৰ্মাণ কাৰ্যত মাত্ৰ শিল ব্যৱহাৰ হৈছিল। অৱশ্যে মদন কামদেৱ নিৰ্মাণ কৰা সময়ত অসমত পোৰা ইটাৰ ব্যৱহাৰ হোৱা নাছিল। প্ৰায় আটাইবোৰ গাঁথনি মদন কামদেৱ টিলাৰ ওপৰত অৱস্থিত। নৰসিংহ নামৰ টিলাটোতো কেইটামান গাঁথনি দেখা যায়।

যদিহে আপুনি এই স্থানত সন্তানৰ সৈতে যায়, তেন্তে প্ৰকৃতিৰ শোভা উপভোগ কৰাৰ উপৰিও অসংখ্য শিলৰ মূৰ্তি, শিলালিপি আদি চাব পাৰিব আৰু সেই স্থাপত্য-ভাস্কৰ্যসমূহৰ পৰা বহু কথা শিকিব পাৰিব।

নিজৰ নামক লৈ কিয় বিতুষ্ট হৈছিল ইৰফান খান! মাত্ৰ এটা শব্দ আঁতৰায়েই হৈ পৰিল দৰ্শকৰ নয়নৰ মণি
হজম শক্তিৰ পৰা ছালৰ উজ্জ্বলতালৈ, গৰমত নেমু পানীয়ে সহায় কৰিব আপোনাক...
বৈভৱে তুলিলে অভিলেখৰ জোৱাৰ, বাকী নাথাকিল ৰিয়ানৰ এই অভিলেখো
ভীমকলৰ কলডিল খায় নে ? এইসমূহ আচৰিত স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে জানক