শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তিয়ঁহ খোৱাৰো আছে সঠিক সময়ঃ সাৱধান নহ’লে হ’ব পাৰে দেহৰ ক্ষতি

ওজন কমোৱাৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰা আৰু ছাল সমস্যামুক্ত কৰি ৰখালৈকে বিভিন্ন দিশত তিয়ঁহ আমাৰ দেহৰ বাবে অতি উপকাৰী বিবেচিত হয়। তিয়ঁহে মানুহক শাৰীৰিক-মানসিকভাৱে সতেজ কৰি ৰাখে। সাধাৰণতে বহু লোকে দিনটোৰ যিকোনো সময়তে তিয়ঁহ খোৱা দেখা যায়। কিন্তু তিয়ঁহ খোৱাৰ সঠিক সময় সম্পৰ্কে বহু লোক অজ্ঞাত।

তিয়ঁহ খোৱাৰো আছে সঠিক সময়ঃ সাৱধান নহ’লে হ’ব পাৰে দেহৰ ক্ষতি
তিয়ঁহৰ উপকাৰিতা
monjit-dutta
Monjit Dutta | Published: 03 Mar 2025 13:45 PM

আমাৰ দেহৰ বাবে উপকাৰী পাচলিৰ ক্ষেত্ৰত তিয়ঁহ অন্যতম। তিয়হে কেৱল শৰীৰক হাইড্ৰেট কৰাই নহয়, পুষ্টিকৰ উপাদানৰে ভৰপূৰ হোৱাৰ বাবে দেহৰ বহু উপকাৰো সাধন কৰে। ওজন কমোৱাৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰা আৰু ছাল সমস্যামুক্ত কৰি ৰখালৈকে বিভিন্ন দিশত তিয়ঁহ আমাৰ দেহৰ বাবে অতি উপকাৰী বিবেচিত হয়। তিয়হে মানুহক শাৰীৰিক-মানসিকভাৱে সতেজ কৰি ৰাখে। সাধাৰণতে বহু লোকে দিনটোৰ যিকোনো সময়তে তিয়ঁহ খোৱা দেখা যায়। কিন্তু তিয়ঁহ খোৱাৰ সঠিক সময় সম্পৰ্কে বহু লোক অজ্ঞাত।

যদি আপুনি ডিটক্স হিচাপে তিয়ঁহ ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া পুৱা খালী পেটত তিয়ঁহ খাব পাৰে। ই পেট পৰিষ্কাৰ কৰাত সহায় কৰে। শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। লগতে তিয়ঁহত ফাইবাৰ আৰু পানীৰ পৰিমাণো বেছি। গতিকে ই হজম শক্তি বৃদ্ধিত সহায় কৰে। কিন্তু খালী পেটত বেছিকৈ তিয়ঁহ খালে কিছু লোকৰ গেষ্ট্ৰিকৰ সমস্যা হ’ব পাৰে। যদি আপোনাৰ এচিডিটিৰ সমস্যা আছে তেতিয়া পুৱা খালী পেটত তিফ নোখোৱাই ভাল।

দুপৰীয়াৰ আহাৰত তিয়ঁহ চালাডৰ হিচাপে খাব পাৰে। ই হজম শক্তি উন্নত কৰে আৰু লগতে খাদ্য সোনকালে হজম কৰাত সহায় কৰে। তিয়হে গ্ৰীষ্মকালত শৰীৰক শীতল কৰি ৰখাৰ লগতে হাইড্রেটেড কৰি ৰাখে। দুপৰীয়া তিয়ঁহ খালে পেট ভৰাই ৰাখিব পাৰে আৰু এইদৰে অতিমাত্ৰা খাদ্য খোৱাৰ পৰা ৰক্ষা কৰে। এইদৰে দুপৰীয়া তিয়ঁহ খালে আপোনাৰ ওজন নিয়ন্ত্ৰণতো সহায়ক হয়।

নিশা লঘু আহাৰ খাব বিচাৰিলে তিয়ঁহ খাব পাৰে। ইয়াত ৯০ শতাংশতকৈ অধিক পানী থাকে। যিয়ে শৰীৰক হাইড্রেটেড কৰি ৰাখে আৰু হজম শক্তিত সহায় কৰে। কিন্তু নিশা বেছিকৈ তিয়ঁহ খালে গেছৰ সমস্যা হ’ব পাৰে। ঠাণ্ডা খাদ্যৰ ফলত আপোনাৰ কোনো সমস্যা হয় যদি নিশা তিয়ঁহ খোৱাৰ পৰা বিৰত থকাই ভাল হ’ব। লগতে নিশাৰ আহাৰৰ লগতে তিয়ঁহ নোখোৱাই ভাল। ইয়াৰ ফলত খাদ্যৰ বদহজমৰ হ’ব পাৰে।

উল্লেখ্য যে তিয়ঁহ কম কেলৰি আৰু অধিক ফাইবাৰযুক্ত খাদ্য। সেয়ে তিয়হে ওজন নিয়ন্ত্ৰণত সহায় কৰে। শৰীৰক হাইড্রেটেড কৰি ৰখাৰ লগতে ইয়াত থকা ফাইবাৰে কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা দূৰ কৰে তথা পাচনতন্ত্ৰ উন্নত কৰে। তিয়ঁহত থকা এন্টিঅক্সিডেন্টে ছালৰ স্বাস্থ্য বজাই ৰাখে আৰু ছালখন উজ্জ্বল কৰে। ইয়াৰ উপৰিও তিয়হে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। কাৰণ ইয়াত থকা পটাছিয়াম আৰু মেগনেছিয়ামে ৰক্তচাপৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে।