krishna Janmashtami 2024: এই শুভ ক্ষণত এনেদৰে শ্ৰীকৃষ্ণক কৰক পূজা, পাব সুফল... | krishna Janmashtami 2024 know date time puja vidhi significance in assamese Assam news - Assam Tv9

krishna Janmashtami 2024: এই শুভ ক্ষণত এনেদৰে শ্ৰীকৃষ্ণক কৰক পূজা, পাব সুফল…

Published: 

25 Aug 2024 23:06 PM

কাইলৈৰ দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ আকাশ- বতাহ কৃষ্ণ স্তুতিৰে মুখৰিত হৈ থাকিব। অসমৰ সকলো নামঘৰে নাম- কীৰ্তন কৰা হয়। বিভিন্ন ঠাইত আয়তীসকলে ওৰে নিশা শ্ৰীকৃষ্ণৰ নাম গাই তেওঁলৈ পূজা আগবঢ়ায়।

krishna Janmashtami 2024: এই শুভ ক্ষণত এনেদৰে শ্ৰীকৃষ্ণক কৰক পূজা, পাব সুফল...

জন্মাষ্টমী

Follow Us On

হিন্দু ধৰ্মৰ অন্যতম ধৰ্মীয় উৎসৱ জন্মাষ্টমী। কৃষ্ণ জন্মাষ্টমীক গোকুলাষ্টমী বুলিও কোৱা হয়। জন্মাষ্টমী হৈছে ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মোৎসৱ। কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। জ্যোতিষ শাস্ত্ৰৰ গণনা অনুসৰি শ্ৰীকৃষ্ণৰ জন্ম হৈছিল খ্ৰীষ্টাপূৰ্ব ৩২২৮ত। হিন্দু পঞ্জিকাৰ মতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়।চলিত বৰ্ষৰ জন্মাষ্টমী  ২৬ আগষ্টৰ বিয়লি ৩.৩৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু অন্ত পৰিব ২৭ আগষ্ট দুপৰীয়া ২:১৯ বজাত।  গতিকে ২৬ আগষ্টৰ দিনটোকে কৃষ্ণ জন্মাষ্টমী হিচাপে পালন কৰা হ’ব।

শুভ সময়

২৬ আগষ্টৰ জন্মাষ্টমীৰ শুভ সময় নিশা ১২.০১ বজাৰ পৰা ১২.৪৫ বজালৈ। এই ৪৫ মিনিটত পূজা কৰিলে ভক্তই পাব সুফল। এইবাৰ জন্মাষ্টমীৰ দিনা চন্দ্ৰ বৃষ ৰাশিত থকাৰ বাবে জয়ন্তী যোগ গঠন হ’ব। যি অতি শুভ। এই সময়ত পূজা কৰিলে ভক্তৰ মনৰ কামনা পূৰ্ণ হয় বুলি কোৱা হয়।

পূজাৰ সামগ্ৰী

কৃষ্ণৰ বাবে ৰঙা বা হালধীয়া কাপোৰ, পূজাৰ থালী, সূতা, বন্তি, তেল, ধূপস কৰ্পূৰ, ফুল, তুলসীৰ পাত,তামোল পান, গোলাপ ফুল, মিঠাই, লাড়ু পেৰা, ফল, দৈ, মাখন, চেনি, গংগাজল,সুগন্ধিৰ বটল, চন্দন, কুমকুম, বাহী, কৃষ্ণক সজাবলৈ মেকআপ, বাঁহী, কানফুলি, খাড়ু,মালা, ফোট, ককালত বন্ধা, কাজল, ময়ুৰৰ পাখী আদিৰ প্ৰয়োজন। কৃষ্ণৰ বাবে ঝুলনাৰো প্ৰয়োজন। কৃষ্ণ জন্মাষ্টমীৰ দিনা গোপালক মাখন আগবঢ়োৱা আৱশ্যক। এনে কৰিলে ভগৱান কৃষ্ণ সন্তুষ্ট হয় বুলি কোৱা হয়।

পূজাৰ নিয়ম

জন্মাষ্টমীৰ দিনা পুৱা সোনকালে উঠি গা পা ধুই কৃষ্ণৰ মন্দিৰলৈ গৈ ময়ুৰৰ পাখি আগবঢ়াওক। ঘৰৰ মন্দিৰতে এই কাম কৰিব পাৰে। তাৰ পাছত ভগৱান কৃষ্ণৰ মূৰ্তি ভালদৰে সজাই তেওঁৰ বাবে দোলনা প্ৰস্তুত কৰক। পূজাৰ সময়ত ১০৮ বাৰ ভগৱান শ্ৰীকৃষ্ণৰ মন্ত্ৰ জপ কৰক। নিশা ১২ বজাৰ আগত পুনৰ এবাৰ গা ধুব। পাছত পৰিষ্কাৰ কাপোৰ পিন্ধি পূজাৰ প্ৰস্তুতি আৰম্ভ কৰক। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমাত দক্ষিণৱৰ্তী শংখেৰে অভিষেক কৰাৰ পিছত ফুল আৰু ফল অৰ্পণ কৰিব। বিভিন্ন ধৰণৰ খাদ্য আগবঢ়াব পাৰে। তাৰ পাছত জন্মাষ্টমীৰ কাহিনী শুনি শ্ৰীকৃষ্ণৰ প্ৰাৰ্থনা কৰক।

মহত্ব

বিশ্বাস অনুসৰি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা ব্ৰত ৰাখিলে মনৰ আশা পূৰণ হয়। ইয়াৰ সমান্তৰালকৈ এই দিনটোত যশোদা নন্দক ৰীতি-নীতিৰে পূজা কৰিলে সুখ-সমৃদ্ধিৰ আশীৰ্বাদ পোৱা যায়। যি দম্পতীয়ে সন্তান  বিচাৰে তেওঁলোকে জন্মাষ্টমীৰ দিনা কৃষ্ণক পূজা আগবঢ়ালে সুফল পাই বুলি কয়।  শ্ৰীকৃষ্ণৰ জন্মই অধৰ্মৰ ওপৰত ধৰ্মৰ জয়ৰ কথা সোঁৱৰে।

কাইলৈৰ দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ আকাশ- বতাহ কৃষ্ণ স্তুতিৰে মুখৰিত হৈ থাকিব। অসমৰ সকলো নামঘৰে নাম- কীৰ্তন কৰা হয়। বিভিন্ন ঠাইত আয়তীসকলে ওৰে নিশা শ্ৰীকৃষ্ণৰ নাম গাই তেওঁলৈ পূজা আগবঢ়ায়। এই দিনটোতেই শ্ৰীকৃষ্ণৰ জন্মৰ কথা শুনোৱা হয় আৰু ভগৱান কৃষ্ণৰ আধ্যাত্মিক শক্তিৰ কথা সুঁৱৰি তেওঁৰ পৰা আশীৰ্বাদ বিচাৰে ভক্তগনে।

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version