পেলাই নিদিব নেমুৰ বাকলি! এই উপায়ৰ দ্বাৰা ব্যৱহাৰ কৰক ছাল আৰু চুলিত…
নেমুত ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু আন বহুতো গুণ থাকে যাৰ বাবে ই অতি উপকাৰী। নেমু ৰস উলিওৱাৰ পাছত প্ৰায়ে বাকলি পেলাই দিয়া হয়। কিন্তু আপুনি জানেনে নেমুৰ বাকলিতো আছে বহু গুণ?

নেমু
গ্ৰীষ্মকালত নেমুৰ ৰস ছাল, শৰীৰ আৰু চুলিৰ বাবে উপকাৰী। ইয়াৰ উপৰিও ই ঘৰুৱা সামগ্ৰীত থকা ভেঁকুৰ আৰু বেক্টেৰিয়া আঁতৰায়। লগতে ই বেয়া দুৰ্গন্ধ আঁতৰোৱাত সহায় কৰে। নেমুত ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু আন বহুতো গুণ থাকে যাৰ বাবে ই অতি উপকাৰী। নেমু ৰস উলিওৱাৰ পাছত প্ৰায়ে বাকলি পেলাই দিয়া হয়। কিন্তু আপুনি জানেনে নেমুৰ বাকলিতো আছে বহু গুণ?
নেমুৰ বাকলি শুকুৱাই পিহি তাৰ গুড়ি বনাই টান পাত্ৰত ৰাখিব। প্ৰয়োজনৰ সময়ত ইয়াক ব্যৱহাৰ কৰিব পাৰি। তলত দিয়া ৬টা উপায়েৰে আপুনি নেমু বাকলি ব্যৱহাৰ কৰিব পাৰে।
ছাল বগা কৰে
নেমুত থকা চাইট্ৰিক এচিড আৰু এন্টিবেক্টেৰিয়েল গুণে ছাল ধুনীয়া কৰাত সহায় কৰে। ই ছালৰ মৃত কোষবোৰ আঁতৰাই ছিদ্ৰবোৰ টান কৰি ছালখন কোমল কৰি তোলে। ইয়াক আপুনু এক্সফোলিয়েটৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। তাৰ পাউদাৰৰ লগত চেনি মিহলাই মুখ, গাঁঠি আৰু শৰীৰৰ ক’লা অংশত লগাই মালিচ কৰাৰ দৰে কৰিব লাগে।
বাচন-বৰ্তন
নেমু আৰু ইয়াৰ বাকলি দুয়োটাৰে এচিডিক প্ৰকৃতি থাকে, সেয়েহে ইয়াক ব্যৱহাৰ কৰি বাচন-বৰ্তনৰ পুৰণি দাগ আঁতৰাই চিকচিকিয়া কৰিব পাৰি। আপুনি এটা ডাঙৰ পাত্ৰত নেমুৰ বাকলি দি তাত ভিনেগাৰ দি দুসপ্তাহমান ৰাখিব। পাত্ৰটো মাজে মাজে জোকাৰি থাকিব। তাৰ পাছত ইয়াৰ দ্বাৰা আপুনি বাচন বৰ্তন চাফা কৰিব পাৰিব।
মাইক্ৰৱেভ পৰিষ্কাৰ
যদি মাইক্ৰৱেভত গোন্ধ থাকে তেন্তে নেমুৰ বাকলি ব্যৱহাৰ কৰি ইয়াক আঁতৰাব পাৰে। ইয়াৰ বাবে মাইক্ৰৱেভত বাটি এটাত অলপ পানী লৈ নেমুৰ বাকলিখিনি তাত দিব । পাছত মাইক্ৰৱেভত গৰম কৰক। এনে কৰিলে পানী উতলিবলৈ আৰম্ভ কৰিব আৰু ভাপৰ সৃষ্টি হ’ব। পাছত মাইক্ৰৱেভ খালী কৰি পৰিষ্কাৰ কাপোৰেৰে মচি দিব।
ফ্ৰীজৰ গোন্ধ
নেমু আৰু ইয়াৰ বাকলিত এন্টিবেক্টেৰিয়েল গুণ আছে আৰু এই গুণে ফ্ৰীজত থকা বেয়া দুৰ্গন্ধ হ্ৰাস বা নাইকিয়া কৰাত সহায় কৰে। ইয়াৰ বাবে ফ্ৰীজ খালী কৰি ৬-৭ টা নেমুৰ বাকলি পানীত দি কিছু সময় ৰাখিব আৰু তাৰ পিছত একে পানীৰে ফ্ৰীজ পৰিষ্কাৰ কৰি চাফা কৰিব।
তেল
নেমুৰ বাকলিৰ পৰা তেল প্ৰস্তুত কৰিব পাৰি। এই তেল চুলি আৰু ছাল উভয়ৰে বাবে ব্যৱহাৰ কৰিব পাৰি। ভিটামিন চিৰ জৰিয়তে ছালত গ্লো আহে আৰু ছাল কোমল কৰে। কেৱল এয়াই নহয়, এই নেমুৰ বাকলিৰ তেলে চুলিৰ উফি আঁতৰায়। এই তেল সোৱাদ আৰু সুগন্ধিৰ বাবে চালাড আদিত ব্যৱহাৰ কৰিব পাৰি।
ফেচপেক
তেলীয়া ছাল থকাসকলৰ বাবে নেমুৰ বাকলিৰ ফেচ পেক অতি উপকাৰী। ইয়াৰ বাবে নেমুৰ বাকলি শুকাই গুড়ি কৰি আটা আৰু গোলাপ জলৰ সৈতে মিহলাই পেষ্ট বনাওত। পাছত ছালত লগাওক। ইয়াৰ ফলত ছালৰ দাগ আৰু শালমইনা নোহোৱা হয়।