5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Weight Loss: উচ্চ প্ৰটিনযুক্ত খাদ্যৰ ফলত ওজন কমি যায় নেকি? জানক

আমাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত প্ৰটিনৰ প্ৰয়োজনীয়তা আছে । পুষ্টিবিদসকলৰ মতে, প্ৰটিনে ওজন নিয়ন্ত্ৰণত সহায় কৰে । প্ৰটিনে ওজন কেনেকৈ নিয়ন্ত্ৰণ কৰে জনো আহক ।

Weight Loss: উচ্চ প্ৰটিনযুক্ত খাদ্যৰ ফলত ওজন কমি যায় নেকি? জানক
ওজন হ্ৰাস কৰাৰ উপায়
manas-borah
Manas Borah | Updated On: 20 Oct 2024 06:33 AM

শৰীৰৰ ওজন হ্ৰাস কৰাটো ইমান সহজ নহয় । ওজন হ্ৰাস কৰিবলৈ মানুহে প্ৰায়ে জিম কৰে আৰু বিভিন্ন ধৰণৰ ডায়েট কৰাৰ অভ্যাস কৰে । ইয়াৰ পাছতো বহুতে ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত সফল নহয় । আমাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত প্ৰটিনৰ প্ৰয়োজনীয়তা আছে । পুষ্টিবিদসকলৰ মতে, প্ৰটিনে ওজন নিয়ন্ত্ৰণত সহায় কৰে । প্ৰটিনে ওজন কেনেকৈ নিয়ন্ত্ৰণ কৰে জনো আহক ।

ভোক নিয়ন্ত্ৰণ কৰা

উচ্চ প্ৰটিনযুক্ত খাদ্যই ভোক নিয়ন্ত্ৰণত সহায় কৰে। যেতিয়া আপুনি প্ৰটিন খায় তেতিয়া আপোনাৰ পেটটো অধিক সময়ৰ বাবে ভৰি থকা অনুভৱ হয়। বিশেষজ্ঞসকলে কয় যে, প্ৰটিন লাহে লাহে হজম হয়। সেইবাবেই আমি বাৰে বাৰে ভোক অনুভৱ নকৰো আৰু অতিমাত্ৰা খাদ্য খোৱাৰ সমস্যাৰ পৰাও ৰক্ষা পাওঁ।

খাদ্য হজম হোৱাৰ বাবে কেলৰি খৰচ

খাদ্য হজম কৰিবলৈ অধিক কেলৰি খৰচ কৰিবলগীয়া হয়। এই প্ৰক্ৰিয়াটোক খাদ্যৰ তাপীয় প্ৰভাৱ বুলি কোৱা হয়। আন পুষ্টিকৰ উপাদানৰ তুলনাত শৰীৰে প্ৰটিন হজম কৰিবলৈ অধিক কেলৰি বাৰ্ন কৰিবলগীয়া হয়। ইয়াৰ ফলত ওজন কমোৱাত সহায় হয়।

পেশীৰ সুৰক্ষা

ওজন কমালে চৰ্বিৰ লগতে পেশীৰ শক্তিও কমি যাব পাৰে। উচ্চ প্ৰটিনযুক্ত খাদ্যই পেশীবোৰক সুৰক্ষা দিয়াত সহায় কৰে । প্ৰটিনে আপোনাৰ শৰীৰক শক্তিশালী কৰি ৰাখে। বিশেষজ্ঞসকলে কয় যে, পেশীবোৰে জিৰণিৰ সময়তো শৰীৰৰ কেলৰি জ্বলাই দিয়ে।

কেনেকুৱা ধৰণৰ প্ৰটিনযুক্ত খাদ্য খাব লাগে

খাদ্যত উচ্চ প্ৰটিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক। খাদ্যত দালি, কণী, বীন, পনিৰ, সৰিয়হ আদি অন্তৰ্ভুক্ত কৰক। ইয়াৰ দ্বাৰা শৰীৰত প্ৰটিনৰ অভাৱ পূৰণ কৰিব পাৰিব ।

Latest News