5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ডায়েবেটিছ আৰু হাই কলেষ্টৰেল হ’ব পাৰে কেঞ্চাৰৰ কাৰণ! হওক সাৱধান

কেঞ্চাৰ ৰোগ আমাৰ দেহৰ যকৃততো হ’ব পাৰে। বেছিভাগ ক্ষেত্ৰতে যকৃতৰ কৰ্কট ৰোগ যথেষ্ট পলমকৈ ধৰা পৰে। যকৃতৰ কৰ্কট ৰোগ কেইবাপ্ৰকাৰৰো হ’ব পাৰে। ইয়াৰে ভিতৰত আটাইতকৈ সাধাৰণ ধৰণৰ কেঞ্চাৰবিধ হৈছে হেপাটোচেলুলাৰ কাৰ্চিনোমা (HCC)।

ডায়েবেটিছ আৰু হাই কলেষ্টৰেল হ’ব পাৰে কেঞ্চাৰৰ কাৰণ! হওক সাৱধান
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 18 Oct 2024 15:23 PM

সাম্প্ৰতিক সময়ত অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে বৃদ্ধি পাইছে যিকোনো ধৰণৰ ৰোগ। সমান্তৰালকৈ দেশত যকৃতৰ ৰোগৰ ঘটনাও যথেষ্ট বৃদ্ধি পাইছে। ফেটি লিভাৰ আৰু লিভাৰ চিৰ’ছিছৰ দৰে ৰোগ পূৰ্বতকৈ এতিয়া তেনেই সাধাৰণ হৈ পৰিছে। কিন্তু আমি মনত ৰখা উচিত যে দুৰাৰোগ্য ৰোগ হিচাপে সততে কোৱা কেঞ্চাৰ ৰোগ আমাৰ দেহৰ যকৃততো হ’ব পাৰে। বেছিভাগ ক্ষেত্ৰতে যকৃতৰ কৰ্কট ৰোগ যথেষ্ট পলমকৈ ধৰা পৰে। যকৃতৰ কৰ্কট ৰোগ কেইবাপ্ৰকাৰৰো হ’ব পাৰে। ইয়াৰে ভিতৰত আটাইতকৈ সাধাৰণ ধৰণৰ কেঞ্চাৰবিধ হৈছে হেপাটোচেলুলাৰ কাৰ্চিনোমা (HCC)।

ফেটি লিভাৰ ৰোগৰ সঠিক সময়ত চিকিৎসা নকৰিলে লিভাৰ চিৰ’ছিছ হ’ব পাৰে আৰু লিভাৰ চিৰ’ছিছৰ ফলত হেপাটোচেলুলাৰ কাৰ্চিনোমা লিভাৰ কেন্সাৰ হ’ব পাৰে। বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে, হেপাটোচেলুলাৰ কাৰ্চিনোমা হ’ল লিভাৰ ফাইব্ৰ’ছিছ, চিৰ’ছিছ, ক্ৰনিক হেপাটাইটিছ বা ফেটি লিভাৰ ডিজিজ থকা লোকৰ ক্ষেত্ৰত হোৱা লিভাৰ কেঞ্চাৰ।

ভাৰতত হেপাটোচেলুলাৰ কাৰ্চিনোমাৰ প্ৰাদুৰ্ভাৱ চীন বা আফ্ৰিকাৰ দৰে আন দেশতকৈ কম। ভাৰতত এই হেপাটোচেলুলাৰ কাৰ্চিনোমা প্ৰধানকৈ হেপাটাইটিছ বি ভাইৰাছ (HBV) সংক্ৰমণৰ ফলত হয়। সাধাৰণ মানুহৰ মাজত এই লিভাৰ কেঞ্চাৰ সম্পৰ্কে তথ্য তথা সজাগতাৰ যথেষ্ট অভাৱ পৰিলক্ষিত হয় আৰু ইয়াৰ বাবেই হেপাটোচেলুলাৰ কাৰ্চিনোমা লিভাৰ কেঞ্চাৰৰ ক্ষেত্ৰত শেষ পৰ্যায়ত দেখা দিয়ে। এনে পৰিস্থিতিত ৰোগীৰ জীৱন ৰক্ষা কৰাটো অতি কঠিন হৈ পৰে।

বাংগালুৰুস্থিত মণিপাল হাস্পতালৰ লিভাৰ ট্ৰান্সপ্লাণ্টেচন আৰু ৰবটিক চাৰ্জাৰী বিভাগৰ ডাঃ ৰাজীৱ লোচনে সদৰী কৰা মতে হেপাটোচেলুলাৰ কাৰ্চিনোমা কেঞ্চাৰৰ আৰম্ভণিতে কোনো লক্ষণ দেখা নাযায়। হেপাটাইটিছ বি বা চি সংক্ৰমণে যকৃতৰ ক্ষতি কৰে। মেদবহুলতা, হাই ডায়েবেটিছ, হাই কলেষ্টেৰল আৰু কিছুমান ক্ষেত্ৰত আনকি জিনীয় কাৰণতো এই কেঞ্চাৰ হ’ব পাৰে।

হিম’ক্ৰ’মেট’ছিছৰ ফলত যকৃতত অতিৰিক্ত আইৰণৰ সৃষ্টি হয় আৰু ই যকৃতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। কিন্তু টিউমাৰ বাঢ়ি অহাৰ লগে লগে পেটৰ বিষ, ভোক নলগা, বমি আদি লক্ষণ দেখা দিব পাৰে। লিভাৰ চিৰ’ছিছ ৰোগীৰ ক্ষেত্ৰত জণ্ডিচ, পেটত থকা তৰল পদাৰ্থৰ পৰিমাণ বৃদ্ধি আদি লক্ষণ দেখা যায়।

অৱশ্যে আন কেঞ্চাৰ ৰোগৰ দৰে হেপাটোচেলুলাৰ কাৰ্চিনোমাৰৰো নিৰাময় কৰিব পাৰি। কিন্তু যথা সময়ত ধৰা পৰিলেহে এই ৰোগ নিৰাময় কৰা সম্ভৱ হয়। অৰ্থাৎ HCCৰ নিৰাময় বহুলাংশে আগতীয়াকৈ ধৰা পেলোৱাৰ ওপৰত নিৰ্ভৰ কৰে। নিয়মীয়া পৰীক্ষাৰ জৰিয়তে আগতীয়াকৈ ধৰা পৰিলে এই কেঞ্চাৰ চিকিৎসা কৰিব পাৰি। অস্ত্ৰোপচাৰ ৰিচেকচন (হেপাটেক্টমী) আৰু লিভাৰ ট্ৰান্সপ্লাণ্টৰ জৰিয়তে এই কেন্সাৰ ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰি।

Latest News