চুলি সৰাটো হ’ব পাৰে নেকি ফেটি লিভাৰৰ লক্ষণ? বিশেষজ্ঞৰ পৰা সবিশেষ জানক
যকৃতৰ সমস্যাই সমগ্ৰ শৰীৰত প্ৰভাৱ পেলায়, কিন্তু যকৃতৰ সমস্যাই চুলিৰ সমস্যাও সৃষ্টি কৰে নেকি? যকৃত আৰু চুলিৰ মাজত কোনো সম্পৰ্ক আছেনে? এই বিষয়ে বিশেষজ্ঞসকলৰ পৰা জানো আহক।

যকৃত শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ। বিগত কেইবছৰমানৰ পৰা বৃদ্ধি পাইছে যকৃতৰ ৰোগৰ ঘটনা। বৰ্তমান ফেটি লিভাৰ এটা সাধাৰণ সমস্যাত পৰিণত হৈছে। যকৃতৰ সমস্যাই গোটেই শৰীৰটোক প্ৰভাৱিত কৰে, কিন্তু যকৃতৰ সমস্যাই চুলিতো প্ৰভাৱ পেলায় নেকি? যকৃত আৰু চুলিৰ মাজত কোনো সম্পৰ্ক আছেনে? যকৃতৰ ক্ষতিৰ ফলত চুলিৰ বৃদ্ধি লেহেমীয়া হয় নে চুলি পকে? এই বিষয়ে বিশেষজ্ঞসকলৰ পৰা জানক…
দিল্লীৰ আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ সুভাষ গিৰীয়ে কয় যে, যোৱা দশকত ভাৰতত যকৃতৰ ৰোগৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। এতিয়া ফেটি লিভাৰ এটা সাধাৰণ ৰোগত পৰিণত হৈছে। প্ৰতি তৃতীয়গৰাকী ব্যক্তিৰ ফেটি লিভাৰ হোৱা দেখা গৈছে। বেয়া খাদ্যাভ্যাস আৰু অৱনতি ঘটা জীৱনশৈলীৰ বাবে এনে হৈছে। লিভাৰ হৈছে এনে এটা অংগ যিয়ে নিজকে মেৰামতি কৰি থাকে। কিন্তু মদ, জাংক ফুড, অতিৰিক্ত ময়দা আৰু ৰঙা মাংস সেৱনৰ বাবে এই অংগৰ ক্ষতিগ্ৰস্ত হৈ আহিছে। যকৃতত হোৱা সমস্যাই সমগ্ৰ পাচনতন্ত্ৰ, হৃদযন্ত্ৰ আৰু বৃক্কক প্ৰভাৱিত কৰিব পাৰে।
যকৃতৰ সমস্যাই চুলিত প্ৰভাৱ পেলায় নেকি?
ডাঃ সুভাষে কয় যে যকৃতৰ ৰোগ আৰু চুলি সৰাৰ মাজত সম্পৰ্ক আছে। বেয়া খাদ্যই শৰীৰৰ আয়ৰণ আৰু ভিটামিন আদি পুষ্টিকৰ উপাদান শোষণ আৰু ব্যৱহাৰৰ ক্ষমতা হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে চুলিৰ বৃদ্ধিত প্ৰভাৱ পৰাৰ আশংকা থাকে। যকৃতৰ ক্ষতি হ’লে হৰম’নৰ ভাৰসাম্যহীনতা হ’ব পাৰে আৰু শৰীৰত ফুলা ৰোগ হ’ব পাৰে। যকৃতৰ ক্ষতি হ’লে ই আইৰণ, বায়’টিন আৰু ভিটামিন ডিৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ শোষণ আৰু উপযুক্ত ব্যৱহাৰ কৰিবলৈ সংগ্ৰাম কৰিব লগা হয়। যাৰ ফলত চুলি সৰা সমস্যা হ’ব পাৰে। হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবেও চুলি সৰে। এনে পৰিস্থিতিত যকৃতৰ স্বাস্থ্যৰ যত্ন লোৱাটোও আপোনাৰ বাবে গুৰুত্বপূৰ্ণ।
যকৃত কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি
- খাদ্যত ফলমূল আৰু সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে
- দৈনিক ব্যায়াম কৰক
- অতিৰিক্ত ময়দা আৰু নিমখ খোৱাৰ পৰা বিৰত থাকক
- সুৰাৰ পৰা আঁতৰি থাকক