আজি হেঁপাহৰ মাঘ বিহুঃ মেজিৰ অগ্নিক সেৱা জনাই আশীৰ্বাদ বিচাৰিলে অসমীয়াই…

Magh Bihu 2025: আজি অসমীয়াই পালন কৰিছে হেঁপাহৰ মাঘ বিহু। উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ পাছত আজি পুৱা মেজিত অগ্নিসংযোগ আশীৰ্বাদ বিচাৰিছে অসমীয়াই।

আজি হেঁপাহৰ মাঘ বিহুঃ মেজিৰ অগ্নিক সেৱা জনাই আশীৰ্বাদ বিচাৰিলে অসমীয়াই...

মাঘ বিহু

Published: 

14 Jan 2025 07:10 AM

আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা সমূহ অসমীয়াই পালন কৰে বাপতিসাহোন মাঘ বিহু। পুৱতি নিশা উঠি অসমীয়াই মেজিত অগ্নিসংযোগ কৰে, কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লয় । এয়া আজিৰ ছবি নহয়, বছৰ বছৰ ধৰি চলি অহা পৰম্পৰা আজিও দেখিবলৈ পোৱা যায়। কোৱা হয়, মেজিৰ জুইত সমাজৰ সকলো অপায় অমংগল দূৰ হয় আৰু সমাজলৈ শান্তি-সমৃদ্ধি ঘূৰি আহে। পৰম্পৰা অটুট ৰাখি আজি পুৱা অসমীয়াই মেজিত অগ্নিসংযোগ কৰি অগ্নিক সেৱা জনাই আশীৰ্বাদ বিচাৰে। আজি আনন্দৰ দিন, সেয়ে ৰাজ্যৰ প্ৰতিগৰাকী অসমীয়াই পালন কৰিছে হেঁপাহৰ মাঘ বিহু।

উৰুকাৰ পাছদিনা মাঘ বিহু পালন কৰা হয়। উৰুকাৰ নিশা শীতৰ উত্তাপ লৈ সকলোৱে লগে-ভালে মিলি এসাঁজ খায়। ডেকাহঁতৰ ১০-১২ দিনৰ আয়োজন। পথাৰত নৰা কাটি মেজি ভেলাঘৰ, মেজি নিৰ্মাণ কৰে। উৰুকাৰ নিশা ডেকাসকলে ভেলাঘৰত ভোজভাত খাই আনন্দ কৰে। উৰুকাৰ প্ৰীতি ভোজে যেন আৰু অধিক সুদৃঢ় কৰে সমাজৰ একতাৰ বান্ধোন। ইয়াৰ পাছদিনাই মেজিত অগ্নিসংযোগ কৰি সমাজৰ একতা আৰু সমৃদ্ধিৰ কামনা কৰে।

কিছুমান ঠাইত কাঠেৰে মেজি নিৰ্মাণ কৰাৰ বিপৰীতে আন কিছুমান ঠাইত নৰাৰে মেজি নিৰ্মাণ কৰা হয়। ইয়াৰোপৰি অযুগ্ম সংখ্যাৰে মেজি নিৰ্মাণ কৰাৰ আন এক পৰম্পৰা আছে।  এই মেজিত বিভিন্নজনে ফুল, মাহ কৰাই আদি চটিয়াই আশীৰ্বাদ বিচাৰে। মেজিৰ এই জুইত যেন জাহ জাহ সমাজৰ হিংসা বিদ্বেষ আদি। মাঘৰ বিহুত মাহ কৰাই খোৱা এক পৰম্পৰা।

তিনি বিহুৰ ভিতৰত মাঘ বিহু অন্যতম। আঘোণৰ শস্য চপোৱাৰ পাছত সকলোৰ ঘৰত দুমুঠি ভালদৰে খাবলৈ কিবা থাকে। সেয়ে উৰুকাৰ নিশা মাছে মঙহে উদৰ পুৰাই অসমীয়াই ভোজভাত খায়। বিহুক লৈ ডেকা-বুঢ়াৰ পৰা গাভৰু-মহিলা সকলোৰে মাজত দেখা যায় ব্যস্ততা। গাভৰু-মহিলাসকলে পিঠা পনা বনোৱাৰ পৰিৱৰ্তে ডেকাসকলে ভেলাঘৰ, মেজি সাজে। মুঠতে ৰাজ্য়জুৰি ভোগালী বিহুক লৈ ব্যপক উচাহ দেখা যায়।

বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত বিহুৰ পূৰ্বৰ মাদকতা কিছু হ্ৰাস হ’লেও মাঘ বিহুক লৈ মানুহৰ আনন্দ নাইকীয়া হোৱা নাই। এই সময়চোৱাত অসমীয়াই তিল পিঠা,চিৰা, বৰা ধানৰ সান্দহ, আখৈ, ভজা চাউল, কোমল চাউল, ভাপত দিয়া পিঠা, নাৰিকলৰ লাডু, তিলৰ লাড়ুকে ধৰি বিভিন্ন ধৰণৰ লাড়ু বনায়। বিভিন্নজনে আলহীক ঘৰলৈ বিহু খাব মাতে। বিহুৰ সময়ত বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হয়। তাৰ ভিতৰত বুলবুলি চৰাইৰ যুঁজ, মহ যুঁজ, কণী যুঁজ আদি অন্যতম। কিন্তু ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে এইবাৰ বিহুত অনুষ্ঠিত নহয় বুলবুলি চৰাইৰ যুঁজ আৰু মহ যুঁজ।

যি নহওক, অসমীয়াই আজিও পাহৰি যোৱা নাই নিজৰ শিপা। সেয়ে সকলোৱে উলহ-মালহেৰে পালন কৰিছে হেঁপাহৰ ভোগালী বিহু। আশা, এই বিহুয়ে সকলোৰো জীৱনলৈ লৈ আনক সুখ- শান্তি আৰু সমৃ্দ্ধি। লগতে সমাজত মজবুত হওক একতাৰ এনাজৰী। এই শুভ ক্ষণত প্ৰতিগৰাকী অসমীয়ালৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা।

 

 

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!