Magh bihu 2025: মাঘ বিহু আৰু এই সময়ত অনুষ্ঠিত কৰা বিশেষ পৰম্পৰাগত খেলসমূহ…

Magh bihu 2025: হেঁপাহৰ মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বিহু। মাঘ বিহুৰ সময়ত ৰাজ্যত বিভিন্ন খেল অনুষ্ঠিত কৰাৰ পৰম্পৰা আছে।

Magh bihu 2025: মাঘ বিহু আৰু এই সময়ত অনুষ্ঠিত কৰা বিশেষ পৰম্পৰাগত খেলসমূহ...

মাঘ বিহু২০২৫

Updated On: 

09 Jan 2025 16:25 PM

মাজত মাত্ৰ কেইটামান দিন। আজিৰ পৰা কিছুদিন পাছতেই সমূহ অসমীয়াই পালন কৰিব হেঁপাহৰ ভোগালী বিহু। ডেকাৰ পৰা বৃদ্ধলৈ, গাভৰুৰ পৰা বোৱাৰীলৈ সকলোৰে যেন বিহুক লৈ ব্যস্ততা। বিহু মানে আনন্দ, বিহু মানে আবেগ, বিহু মানেই যেন ভোগ। এই সময়চোৱাত প্ৰতিগৰাকী অসমীয়াৰ ভঁৰাল ভৰি থাকে, প্ৰতি অসমীয়াৰে দুমুঠি ভালদৰে খাবলৈ থাকে। সকলোৱে ভোগ কৰে এই বিহুত, সেয়ে মাঘৰ বিহুক ভোগালী বুলিও কোৱা হয়।

পুহ- মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু পালন কৰা হয়। এইবাৰ ১৩ জানুৱাৰীত অসমীয়াই পালন কৰিব উৰুকা, ১৪ জানুৱাৰীত জ্বলাব মেজি আৰু ১৫ জানুৱাৰী মাঘৰ পহিলা দিন।  মাঘ বিহুৰ অন্য়তম আকৰ্ষণ হ’ল উৰুকা আৰু মেজি। অসমীয়াৰ তিনিটা বিহুয়েই কৃষিভিত্তিত আৰু প্ৰতিটোৰে আছে নিজা নিজা বৈশিষ্ট।

বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বিহু। প্ৰতিটো বিহুৰে আছে নিজা নিজা পৰম্পৰা, নিজা নিজা ঐতিহ্য। মাঘ বিহুৰ সৈতেও জড়িত কিছু নীতি নিয়ম বছৰৰ পাছত বছৰ ধৰি চলি আহিছে। আজিৰ সময়ত কিছু পৰম্পৰা তথা ৰীতি নীতি ম্লান হ’লেও বিহুৰ প্ৰতি অসমীয়াৰ আন্তৰিকতা কম হোৱা নাই। সময়ৰ সোঁতত বহু পৰম্পৰা তথা নীতি নিয়ম হেৰাই গ’লেও আজিও অসমীয়াই আন্তৰিকতাৰে পালন কৰি গৈছে বিহু।

উৰুকা

পৰম্পৰা অনুসৰি উৰুকাৰ দিনা সকলোৱে একেলগে মিলি ভোজ ভাত খায়।  ডেকাসকলে মেজিৰ ওচৰত অথবা ঘৰত সকলোৱে মিলি মাছে- মঙহেৰে তৃপ্তিৰে খায়। উৰুকাৰ দিনা ডেকাসকলে ভেলাঘৰত থাকি নাচি বাগি আনন্দ কৰে। কিছুমান ঠাইত চুৰি কৰাৰ নিয়ম আছে। উৰুকাৰ দিনা গৃহস্থৰ ব্যৱস্থাৰ সুযোগ লৈ ডেকাসকলে বাৰীৰ পৰা শাক-পাচলি আদি চুৰি কৰি নিয়ে। এয়া যেন চুৰি নহয়, আনন্দহে। গোটেই নিশা ভেলাঘৰত ডেকাসকলে উজাগৰে কটায়।  ঠাইভেদে নিয়ম বেলেগ বেলেগ। কিছুমান ঠাইত মাছ ধৰাৰ পৰম্পৰা আছে।

মেজি

উৰুকাৰ পাছ দিনা মেজি জ্বলোৱা পৰ্ব অনুষ্ঠিত হয়। কিছুমানে নৰাৰে মেজি সজাৰ বিপৰীতে আন কিছুমানে কাঠেৰে মেজি সাজে। উৰুকাৰ পাছদিনা পুৱতি নিশা উঠি ডেকাসকলে প্ৰথমে ভেলাঘৰটো জ্বলাই দিয়ে আৰু পাছত মেজি জ্বলায়। মেজিৰ তলত সেৱা কৰি আশীৰ্বাদ বিচাৰিলে সকলো অপায় অমংগল দূৰ হয় বুলি কোৱা হয়। এই মেজিৰ তলতেই সকলো অসমীয়াই মিলি নাম কীৰ্তন কৰাৰ লগতে মেজিৰ জুইৰ উম লয়।

অৱশ্যে কেৱল উৰুকা আৰু মেজিতেই সীমাবদ্ধ নহয় অসমীয়াৰ মাঘৰ বিহু। এই মাহটো পবিত্ৰ বুলি গন্য কৰা হয়। যাৰ বাবে বিভিন্নজনে মন্দিৰ দৰ্শন কৰে। ইয়াৰোপৰি এই বিহুৰ সময়ত বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হয়। সময়ৰ সোঁতত এনে কিছুমান খেল বিলীন হৈ গ’লেও এতিয়াও কিছু কিছু ঠাইত ইয়াৰ আভাস দেখিবলৈ পোৱা যায়।

বুলবুলি চৰাইৰ যুঁজ

মাঘ বিহুৰ সময়ত বিভিন্ন ঠাইত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হয়। এই ক্ষেত্ৰত বিখ্যাত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। বুলবুলি চৰাইৰ যুঁজৰ ক্ষেত্ৰত হাজোই এক সুকীয়া ঐতিহ্যবহন কৰি আহিছে। এই যুঁজৰ বাবে এমাহ ধৰি বুলবুলি চৰাইক প্ৰশিক্ষণ দিয়া হয়। উৰুকাৰ দিনা বুলবুলি কেইটাক নিচাজাতীয় দ্ৰব্য খুৱাই উত্তেজিত কৰি ৰখা হয় আৰু একো খাদ্য় খাবলৈ দিয়া নহয়।পাছদিনা অৰ্থাৎ বিহুৰ দিনা যুঁজৰ বাবে সজা বিশেষ মঞ্চত বুলবুলি চৰাইবোৰ এৰি দিয়া হয়। এখন যুঁজত দুটা বুলবুলিয়ে অংশ লয়। তেওঁলোকৰ মাজত এটুকুৰা ভীমকল বান্ধি দিয়া হয় আৰু তাকে লৈ দুয়োৰে কাজিয়া লাগে। অৱশ্যে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ জাৰি কৰিছে যে এইবাৰ অসমত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰে।

ম’হ যুঁজ

মাঘৰ ম’হ যুঁজ সন্দৰ্ভত বহু প্ৰবাদ আছে। একাংশৰ মতে এই খেল আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল। মাঘ বিহুত যুঁজত অংশগ্ৰহণ কৰা ম’হবোৰৰ আহিন-কাতি মাহৰ পৰা প্ৰতিপালন কৰি সাজু কৰোৱা হয়। ম’হ যুঁজ সাধাৰণতে মুকলি পথাৰত হয় আৰু দৰ্শকসকলে নিৰাপদ স্থানৰ পৰা এই খেল উপভোগ কৰে। শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ জাৰি কৰিছে যে এইবাৰ অসমত ম’হ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰে। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়েও ইয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল।

কণী যুঁজ

বিহুৰ সময়ত অনুষ্ঠিত কৰা কণী যুঁজো অন্যতম। কণী যুঁজ সাধাৰণতে পাতি হাঁহৰ কণীৰে যুঁজায়। টান কণীৰ নাম সৈয়া ( বা হৈয়া)। কড়ি অথবা নখেৰে টুকুৰীয়াই কণীৰ কাঠিন্য নিৰূপণ কৰিব লাগে। কণী যুঁজৰ আগতে দুই যুঁজাৰুৰ মাজত ‘দৰ-দাম’ ঠিক কৰা প্ৰয়োজন। ‘দৰ-দাম’ৰ দ্বাৰা কণীৰ জোঙা আৰু বহল- এই ফাল দুটাৰ কোনটোৰ দ্বাৰা কণীক যুঁজোৱা হ’ব তাকেই বুজায়। দৰ-দাম ঠিক হোৱাৰ পিছত এজনে কণীৰ এটা ফালেৰে আনজনৰ কণীটোৰ নিৰ্দিষ্টকৈ দিয়া ফালটোত খুন্দা মাৰি দিয়ে। যাৰ কণী ভাগে, তেওঁ কণীটো কণী নভগাজনক দিব লাগে।

কড়ি খেল

অসমৰ মানুহে সাধাৰণতে বহাগ বিহুৰ সময়ত কড়ি খেলিছিল। এই খেলত পুৰুষ মহিলাই উভয়ে অংশ গ্ৰহণ কৰিব পাৰে।কড়ি খেল ধৰ্মীয়কৃত্যৰ লগত জড়িত আৰু ই প্ৰজননৰ প্ৰতীক হিচাপে অসমীয়া সমাজত গৃহীত।কড়িখেলত যদি কোনো পুৰুষৰ কড়ি ফুটে তেন্তে সেই সেই পুৰুষৰ ভাগ্যোদয় হয় আৰু জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি কোনো কোনোৱে বিশ্বাস কৰে।

নাওখেল

প্ৰাচীন কালৰ পৰা অসমত খেলি অহা খেলসমূহৰ ভিতৰত নাওখেলো অন্যতম। নামনি অসমৰ বৰপেটা, নলবাৰী আৰু পলাশবাৰী লগতে গোৱালপাৰা অঞ্চলত এই খেলে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰে। আজিকালি বিভিন্ন ঠাইত প্ৰতিযোগিতামূলকভাৱেও নাওখেল অনুষ্ঠিত কৰা হয়।

 

অন্য খবৰ পঢ়কঃ Uruka 2025: উৰুকা আৰু পৰম্পৰা, মাঘৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন…

শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে
পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?