মাঘ বিহুৰ পৰম্পৰা: অতীত, বৰ্তমান আৰু ভৱিষ্যৎ…

Magh Bihu: এয়া কেৱল এক পৰম্পৰাই নহয়, চহা অসমীয়াৰ গৌৰৱ। কপালৰ ঘাম মাটিত পেলাই পথাৰত ৰোৱা সোণগুটি ডৰা চপাই আনি ভঁৰালত থোৱাৰ পাছতে অসমীয়াই পালন কৰে হেঁপাহৰ ভোগালী। ভোগালীত ভোগৰ জুটি ল'বলৈ গাঁৱলৈ ঢাপলি মেলে কৰ্মসূত্ৰে চহৰত বাস কৰাসকলে।

মাঘ বিহুৰ পৰম্পৰা: অতীত, বৰ্তমান আৰু ভৱিষ্যৎ...

মাঘ বিহুৰ পৰম্পৰা

Updated On: 

11 Jan 2025 16:51 PM

ভোগালী মানে ভোগ! ভোগালী মানে খাদ্য-সম্ভাৰ। আৰু ক’ত যে কিমান পৰম্পৰা। তাৰে কিছুমান এতিয়া পাহৰণিৰ গৰ্ভত। আন কিছুমান আকৌ লুপ্ত হৈছে জাক-জমকতাৰ আঁৰত। ঢেঁকীৰ গুমগুমণি, ভেলাঘৰৰ সম্প্ৰীতিৰ ভোজ-ভাত। সেই তাহানিৰ ভোগালী আৰু এতিয়াৰ ভোগালী একে হয় আছেনে?

মাঘ বিহুৰ ইতিহাস সন্দৰ্ভত বহুতে বহু আখ্যানৰ কথা কয়। লোকবিশ্বাস অনুসৰি আদিম যুগৰ বড়ো মূলীয় লোকসকলৰ প্ৰধান উৎসৱ আছিল। তেতিয়াৰে পৰাই সমগ্ৰ অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি অহা হৈছে এই বিহু। চুতীয়া আৰু আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলিও কোৱা হয়। বিহুৰ দিনা আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল। ৰজা‌সকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল। সেইদৰে হাতী যুঁজ,কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ মহ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জনা যায়।

এয়া কেৱল এক পৰম্পৰাই নহয়, চহা অসমীয়াৰ গৌৰৱ। কপালৰ ঘাম মাটিত পেলাই পথাৰত ৰোৱা সোণগুটি ডৰা চপাই আনি ভঁৰালত থোৱাৰ পাছতে অসমীয়াই পালন কৰে হেঁপাহৰ ভোগালী। প্ৰচণ্ড শীতৰ সেমেকা ৰ’দত সেই ধান শুকুৱাই প্ৰস্তুত কৰা হয় চাউল। তাৰ পাছতে আৰম্ভ হয় ভোগালীৰ প্ৰস্তুতি। সেই চাউলেৰে বিহুত বিভিন্ন প্ৰকাৰৰ জলপান যেনে, চিৰা, সান্দহ,কোমল চাউল, ভজা চাউল, আখৈ, মুৰীৰ লগতে নানা ধৰণৰ পিঠা, লাডু আদি নানা ধৰণৰ উপকৰণ তৈয়াৰ কৰাৰ ব্যস্ত হৈ পৰে জীয়ৰী-বোৱাৰী। ইফালে যদি ঢেঁকীৰ গুমগুমণি আনফালে আকৌ মেজি বনোৱাৰ হৈ-চৈ। উফ কি যে সেই সময়। এয়াই হৈছে ভোগালীৰ আগমনৰ বতৰা।

অৱশ্যে এয়া আছিল অতীতৰ কথা। বৰ্তমান গাঁৱৰ কিছু কিছু স্থানত এইবোৰ দেখা যায় যদিও হয়তো নাই সেই মাদকতা। নাই ঢেঁকী, নাই সময়, নাই পৰ্যাপ্ত মানুহ। নীতি -নিয়মত পৰিছে আধুনিকতাৰ প্ৰভাৱ। তথাপিও অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত মাঘ বিহুৰ ঐতিহাসিক পৰম্পৰা জীয়াই ৰাখিছে একাংশই। ঢেঁকী নহ’লেও মেচিন, মিক্সাৰত গুৰি কৰা চাউলেৰে বনাইছে পিঠা-সান্দহ। বিভিন্ন ঐতিহাসিক কীৰ্তি চিহ্নৰ লগতে গাড়ী, উৰাজাহাজ, ট্ৰেইন, চন্দ্ৰযান আদি বিভিন্ন আৰ্হিৰে ভেলাঘৰ প্ৰস্তুত কৰা হৈছে মেজি তথা ভেলাঘৰ। কোনে কিমান উন্নত ৰূপত বনাব পাৰে তাক লৈ অনুষ্ঠিত কৰা হৈছে প্ৰতিযোগিতা। আজি লুপ্ত হোৱা দিশে উৰুকা নিশা গাঁৱৰ ৰাইজে লগ হৈ ভেলাঘৰত ভোজ-ভাত খোৱাৰ পৰম্পৰাও। তাৰ সলনি ঘৰতে আয়োজন কৰা হয় সকলো। নিশা পৰিয়ালৰ সৈতে এসাঁজ খাই পালন কৰা হয় উৰুকা। এনেদৰে বৰ্তমান সময়ত আগবাঢ়ি গৈছে গাঁৱৰ চহা ৰাইজৰ ভোগালীৰ পৰম্পৰা।

ইফালে ভোগালীত ভোগৰ জুটি ল’বলৈ গাঁৱলৈ ঢাপলি মেলে কৰ্মসূত্ৰে চহৰত বাস কৰাসকলে। অৱশ্যে বৰ্তমান সময়ত চহৰতো দেখা যায় ভোগালীৰ উছাহ। ঢেঁকীৰ গুমগুমণি নাথাকিলেও আছে ভোগালী মেলা। য’ত উভয়নদী হৈ পৰে ভোগালীৰ পৰম্পৰাগত খাদ্য। ভোগৰ লগতে আয়োজন কৰা হয় সাংস্কৃতিক অনুষ্ঠানৰ। আমদানি কৰা হয় ৰেডিমেট মেজি। ইয়াৰ আনন্দও যে সূকীয়া। কাৰণ কামৰ ব্যস্ততাৰ বহুতৰে সময় নাথাকে গাঁৱৰ ঘৰলৈ যাবলৈ। সেয়েহে তেওঁলোকেও এনেকৈয়ে উদযাপন কৰে হেঁপাহৰ ভোগালী। কোনোবাই যদি পৰিয়ালৰ সৈতে, কোনোবাই অকলে।

এই সকলোবোৰৰ পাছতো বিহু বুলি ক’লেই অসমীয়াৰ গা সাতখন-আঠখন হয়। উন্নতিৰ পথত আগুৱাই যাবলৈ নতুনক আদৰি লোৱাটো এটা নিয়ম। কিন্তু সেয়া পুৰণিক লগত লৈহে।
সকলো নতুন বস্তুক উপযুক্ত কামত ব্যৱহাৰ কৰিলে নিজৰ লগতে দেশৰ বাবেও ভাল হ’ব। অসমীয়াই নিজক পাহৰিলেও ইয়াৰ অস্তিত্বক পাহৰিব নোৱাৰে। আধুনিতাকতাক আদৰি এইদৰে অসমীয়াই জীয়াই ৰাখিব প্ৰাণৰ ভোগালীক। কিয়নো বিহুৰ পৰম্পৰা অবিহনে অসমীয়া আধৰুৱা!

 

মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ
শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ