Magh bihu wish: মাঘ বিহুৰ শুভেচ্ছাঃ আপোনজনক প্ৰেৰণ কৰক এই শুভ বাৰ্তা…

Uruka & Magh bihu 2025: মাজত মাত্ৰ কেইটামান ক্ষণ। লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। ১৩ জানুৱাৰীত সমগ্ৰ অসমে পালন কৰিব উৰুকা আৰু পাছদিনা জ্বলাব মেজি। মাঘৰ বিহুক লৈ আনন্দত তত নাইকীয়া হৈছে অসমীয়াৰ।

Magh bihu wish: মাঘ বিহুৰ শুভেচ্ছাঃ আপোনজনক প্ৰেৰণ কৰক এই শুভ বাৰ্তা...

মাঘ বিহুৰ শুভেচ্ছা

Updated On: 

13 Jan 2025 08:02 AM

পদুলিত মাঘৰ বিহু। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে অসমীয়া। ১৩ জানুৱাৰীত সমগ্ৰ অসমে পালন কৰিব উৰুকা আৰু ১৪ জানুৱাৰীত পুৱাব মেজি। মাঘৰ বিহুক লৈ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন হৈছে অসমীয়াৰ। এই সময়চোৱাত প্ৰতিগৰাকী অসমীয়াৰ ভঁৰাল ভৰি থাকে, দুমুঠি খাবলৈ সকলোৰে কিবা থাকে, সেয়ে এই বিহুত ভোগালী বিহু বুলি কোৱা হয়। ভোগালী মানেই ভোগ, ভোগালী মানেই আনন্দ আৰু ভোগালী মানেই যেন একতা।

কৰ্মসূত্ৰ হওক বা বিভিন্ন কাৰণত, বহুতে গাঁৱৰ বাহিৰত থাকে। কিন্তু এই বিহু বুলি সকলোৱে যেন গাঁৱলৈ ঢাপলি মেলিছে। ভোগালী যেন গাঁৱত থাকে। এই সময়চোৱাত যেন প্ৰতিঘৰতে দেখা গৈছে ব্যস্ততা। গাভৰু- বোৱাৰীসকল ব্যস্ত হৈ পৰিছে পিঠা পনা বনোৱাত ঠিক তেনেদৰে ডেকাসকল ব্যস্ত মেজি নিৰ্মাণ কৰাত। মুঠতে সকলোৰে ব্যস্ততাৰ অন্ত নাই। এই ব্যস্ত সময়ৰ মাজতো মানুহে আপোনজনক বিহুৰ নিমন্ত্ৰণ দিছে। কিন্তু বহু মানুহ এই সময়চোৱাত ঘৰলৈ আহিব নোৱাৰে। গতিকে ভাৰ্চুৱেলী বিভিন্নজনে আপোনজনক জনাব উৰুকা আৰু মাঘ বিহুৰ শুভেচ্ছা। গতিকে আপুনিও তলত দিয়া ধৰণে আপোনজনক মাঘ বিহু আৰু উৰুকাৰ শুভেচ্ছা জনাব পাৰে।

  1. আপোনালৈ উৰুকা আৰু মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা।
  2. উৰুকাৰ হিয়াভৰা শুভেচ্ছা জনালোঁ ৷ উৰুকাৰ জুইৰ উত্তাপে অসমীয়াৰ জাতীয় জীৱন সম্প্ৰীতিৰে প্ৰোজ্বল কৰি তোলে যেন।
  3. উৰুকা মানে একতা, উৰুকা মানে ভোগ। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ উৰুকাৰ আন্তৰিক শুভেচ্ছা।
  4. আজি উৰুকা, আপোনজনৰ সৈতে এসাঁজ খোৱাৰ দিন। আপোনালৈ উৰুকাৰ বহুক শুভেচ্ছা।
  5. উৰুকা মানে একতা। উৰুকাৰ প্ৰীতি ভোজনে আত্মীয় তথা আপোনজনৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় কৰি তোলে যেন। আপোনালৈ উৰুকাৰ শুভেচ্ছা।
  6. আজি হেঁপাহৰ উৰুকাৰ। আশা, উৰুকাৰ ভোজে আমাৰ মাজৰ সম্পৰ্কৰ এনাজৰী আৰু অধিক মজবুত কৰক। আপোনালৈ উৰুকাৰ হিয়াভৰা ওলগ।
  7. আজি উৰুকা। আশা কৰো উৰুকাৰ নিশাটো সকলোৰে বাবে আনন্দপূৰ্ণ হৈ উঠক। আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ উৰুকাৰ আন্তৰিক শুভেচ্ছা।
  8. উৰুকা মানে লগে ভাগে মিলি এসাঁজ খোৱা। আশা কৰো উৰুকাৰ এই সময়ে আমাৰ সমাজৰ বান্ধোন আৰু অধিক সুদৃঢ় কৰক। উৰুকাৰ বহুত শুভেচ্ছা।
  9. মাঘ মানে ভোগালী আৰু ভোগালী মানেই উৰুকাৰ। আশা কৰো, উৰুকাৰ নিশাৰ প্ৰীতি ভোজনে আপোনাৰ লগতে পৰিয়ালৰলোকলৈ কঢ়িয়াই আনক অনবিল সুখ- শান্তি। উৰুকাৰ বহুত শুভেচ্ছা।
  10. আপোনাক আৰু আপোনাৰ পৰিয়াল প্ৰতিগৰাকী সদস্যলৈ হেঁপাহৰ উৰুকাৰ হিয়াভৰা শুভেচ্ছা।

মাঘ বিহুৰ শুভেচ্ছা

  1. আপোনাক আৰু আপোনাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা।
  2. আপোনালৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা। আশা কৰো, এই পৱিত্ৰ ক্ষণে আপোনাৰ আৰু আপোনৰজনৰ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি।
  3. মাঘ বিহুৰ বহুত শুভেচ্ছা। আশা, মেজিৰ অগ্নিশিখাই সমাজৰ পৰা সকলো অপশক্তি বিনাশ কৰি শুভ শক্তি সঞ্চাৰেৰে কঢ়িয়াই আনক অনাবিল সুখ-শান্তি আৰু সমৃদ্ধি।
  4.  ভোগালী বিহুৰ বহুত শুভকামনা। আশা, মেজিৰ জুইয়ে আপোনাৰ জীৱনৰ পৰা সকলো অপায় অমংগল দূৰ কৰি শান্তিৰে ভৰাই তোলক।
  5. আপোনালৈ ভোগালী বিহুৰ শুভেচ্ছা। মেজিৰ উমেৰে সমৃদ্ধিশালী হওক আপোনাৰ জীৱন।
  6. মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা। আশা, ভোগালীয়ে কঢ়িয়াই আনক সকলোৰে জীৱনলৈ সুখ শান্তি আৰু আপোনজনৰ সৈতে গঢ়ি তোলক মধুৰ সম্পৰ্কৰ এনাজৰী।
  7. অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা।
  8. মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা। মেজিৰ জুইত জাহ যাওক দুখ, দুৰ্গতি, হিংসা। আপোনাৰ জীৱন সুখেৰে ভৰি পৰক।
  9. ভোগালীৰ আনন্দই আপোনাৰ জীৱন সুখেৰে ভৰাই তোলক। আপোনালৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা।
  10. ভোগালীৰ উলাহে সকলোৰে মনলৈ ন উদ্যম আৰু প্ৰাণলৈ কঢ়িয়াই আনক সঞ্জীৱনী শকতি। ভোগালী বিহুৰ বহুত শুভেচ্ছা।

 

অন্য খবৰ পঢ়কঃ Uruka 2025: উৰুকা আৰু পৰম্পৰা, মাঘৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন…

দেশৰ ছবিজগতৰ কোনগৰাকী অভিনেতাই সৰ্বাধিক পাৰিশ্ৰমিক লয় জানেনে?
মুকেশ আম্বানী পৰিয়ালৰ প্ৰতিজন সদস্যই কিমান টকা উপাৰ্জন কৰে ? জানিলে আচৰিত হ'ব...
আই পি এলত সূৰ্যই ৰচিলে বৃহৎ ৰেকৰ্ড, কৰি দেখালে ধোনী, কোহলী, ৰোহিতে কৰিব নোৱাৰা কাম
পুৰুষৰ কি কি গুণে মহিলাসকলক আকৰ্ষিত কৰে ? এতিয়াই জানি লওক...