Magh Bihu Wishes: মাঘ বিহুত আপোনজনক এইদৰে জনাওক ওলগ

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। এই বিহুত ইজনে আনজনক জনাই শুভেচ্ছা বাৰ্তা।

Magh Bihu Wishes: মাঘ বিহুত আপোনজনক এইদৰে জনাওক ওলগ

মাঘ বিহুত আপোনজনক এইদৰে জনাওক শুভেচ্ছা বাৰ্তা

Updated On: 

07 Jan 2025 18:17 PM

সমাগত হেঁপাহৰ ভোগালী, বিহুটিক আদৰিবলৈ সাজু হৈছে সকলো। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ’ল মেজি পোৰা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়।

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।

এই বিশেষ দিনত আপুনিও আপোনজনক জনাব পাৰে ওলগ

  • ব’হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে। ভোগালীৰ ওলগ
  • ৰং-ৰহইচ, পিঠা-পনাকে ধৰি চহকী ঐতিহ্যৰে সমৃদ্ধ ভোগালী বিহু আমাৰ জাতীয় জীৱনৰ এক সংপৃক্ত অংগ। ভোগালীৰ ওলগ জনালোঁ
  • মাঘ বিহুৰ পবিত্ৰ মেজিৰ জুয়ে প্ৰতিজনৰে হৃদয় পৱিত্ৰতাৰে উমাল কৰক। ভোগালীৰ হিয়াভৰা শুভকামনা
  • মেজিৰ জুইৰ উত্তাপে সমাজৰ অপায়-অমঙ্গল নাশ কৰি সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক তাকে কামনা কৰিছোঁ ৷
  • অসমবাসী ৰাইজক হেঁপাহৰ ভোগালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ
  • আমাৰ হৃদয়ৰ স্পন্দন ভোগালী বিহুটি কৃষিজীৱী চহা সমাজৰ প্রাপ্তিৰ আনন্দৰে সমৃদ্ধ। ঢেঁকীৰ মাত, আখলত পিঠা-পনা, ভেলাঘৰ বা মেজিঘৰত জ্যেষ্ঠ তথা অনুজসকলৰ ৰঙেৰে জীপাল সময়বোৰত অগ্নি দেৱতাৰ মন্ত্রপূত ধ্বনিয়ে কঢ়িয়ায় মাংগলিক শুভ বার্তা।
  • নিয়ৰ সৰা গধুলি, মাঘ মাহৰ জাননী, মেজিৰ তলৰ ধেমালি, চোৱা আহি পালে ভোগালী, ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনাইছো।
  • প্ৰীতিৰ ভোজে সুদৃঢ় কৰক সম্প্ৰীতিৰ এনাজৰী।ভোগালী বিহুৰ আন্তৰিক শুভকামনা।
  • সকলোকে আগতিয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰো আপোনাৰ আগন্তুক দিনবোৰ কুশলে যায় তাৰেই কামনা কৰিছো।
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?
হাতলৈ টকা অহাৰ লগে লগে শেষ হৈ যায় নেকি? ভুলতো নকৰিব এই কাম
ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...